অসমত অপৰাধৰ ভয়াৱহ পৰিসংখ্যা, ২০২০ পৰা ২০২৫ ৰ' ভিতৰত সংঘটিত হৈছে ৫,৪৪৮ টা হত্যাকাণ্ডঃ মুখ্যমন্ত্ৰী
বি. চি ডেস্ক, ৩মাৰ্চঃ সাম্প্ৰতিক সময়ত ৰাজ্যৰ আইন-শৃঙ্খলাৰ অৱস্থা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য সদনত উপস্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত সদৰী কৰে যে, ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমত ৫,৪৪৮ টা হত্যাকাণ্ড সংঘটিত হৈছে । অপৰাধৰ এই উদ্বেগজনক বৃদ্ধি ৰাজ্যবাসীৰ বাবে গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত ৩২১ টা হত্যাকাণ্ড সংঘটিত হোৱাৰ তথ্য আইন-শৃঙ্খলাৰ অৱস্থাক লৈ গভীৰ প্ৰশ্ন উত্থাপন কৰে। লগতে, নাৰী নিৰ্যাতনৰ ঘটনা ৬,৬৩২ টালৈ বৃদ্ধি পাইছে, যিয়ে সমাজত মহিলাসকলৰ সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।
ইয়াৰ উপৰিও, ৰাজ্যত চুৰি কাণ্ড ৬১,০৮১ টা, ডকাইতিৰ ঘটনা ৬২৮ টা, অপহৰণ কাণ্ড ২৬,৪০৪ টা, লুন্ঠনৰ সংখ্যা ৬,০০৬ টা আৰু ডাইনীৰ সন্দেহত হত্যাৰ ঘটনা ৫৩ টা সংঘটিত হৈছে। এই অপৰাধৰ সংখ্যা দেখুৱাই যে ৰাজ্যখনত অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিবলৈ এতিয়াও যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। আইন-শৃঙ্খলা ব্যৱস্থাৰ উন্নতিৰ প্ৰয়োজনীয়তাৰ কথাই প্ৰমাণিত কৰিছে এই তথ্যই।
বিশেষজ্ঞসকলৰ মতে, অপৰাধ বৃদ্ধিৰ অন্যতম কাৰণ হ’ল সামাজিক আৰু অৰ্থনৈতিক অৱস্থা। দৰিদ্ৰতা, বেকাৰত্ব, আৰু শিক্ষা অভাৱ অপৰাধ বৃদ্ধিৰ মুখ্য কাৰক হিচাপে বিবেচিত হৈছে। শিক্ষাৰ প্ৰসাৰ, ৰুজি-ৰোজগাৰৰ সুযোগ বৃদ্ধি আৰু সচেতনতা অভিযানৰে অপৰাধৰ হাৰ কমাব পাৰি।
চৰকাৰে অপৰাধৰ প্ৰতি কঠোৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিলেও, এতিয়াও অপৰাধ নিৰ্মূল হোৱাত ব্যৰ্থ হৈছে। সাধাৰণ জনতাৰ বিশ্বাস অনুসৰি, ৰাজ্যত কোনো কোনো ক্ষেত্ৰত আৰক্ষীৰ অভিযান সফলতা লাভ কৰিলেও, বহু ক্ষেত্ৰত অপৰাধীক ৰোধ কৰিবলৈ আৰক্ষীৰ অক্ষমতা স্পষ্টভাৱে দৰ্শায়। বিশেষকৈ গুৱাহাটী মহানগৰীত অপৰাধীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত মহানগৰী অপৰাধীৰ হাবলৈ পৰিণত হৈছে।
যোৱা কেইটামান বছৰত কেইবাটাও অপৰাধজনিত ঘটনাই অসমক জোকাৰি গৈছে। ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত কিছুমান ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যেনে গুৱাহাটীৰ বন্দনা কাণ্ড, য’ত স্বামী আৰু শাহুৱেকক হত্যা কৰি চুটকেচত ভৰাই বিভিন্ন স্থানত পেলোৱা হৈছিল। লগতে ধিঙৰ ধৰ্ষণ কাণ্ড, যি ৰাজ্যখনক জোকাৰি গৈছিল, সেই ঘটনাৰ অন্যতম অভিযুক্ত আৰক্ষীৰ জিম্মাত মৃত্যু হয়। নগাঁৱত প্ৰেমৰ বাবে ৪ জনক হত্যা, দৰঙৰ বিদ্যালয়ত সহপাঠীক হত্যা আদি ঘটনাইও অসমবাসীক স্তম্ভিত কৰিছে।
এই ধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হ’ল কঠোৰ আইনী ব্যৱস্থাৰ অভাৱ। একাংশৰ মতে, অসম আৰক্ষীয়ে এনকাউন্টাৰৰ জৰিয়তে অপৰাধ নিৰ্মূল কৰাৰ চেষ্টা কৰিছে, কিন্তু ইয়াতো অপৰাধ সম্পূৰ্ণৰূপে ৰোধ কৰা সম্ভৱ হোৱা নাই। জনসাধাৰণৰ সুৰক্ষা আৰু আইনী ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ লোৱা উচিত।
বিশ্লেষকৰ মতে, প্রযুক্তিৰ সহায় লৈ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো উচিত। নগৰসমূহত অধিক CCTV কেমেৰা স্থাপন, আৰক্ষীৰ বুদ্ধিমান অনুসন্ধান প্ৰযুক্তি ব্যৱহাৰ, আৰু সাধাৰণ জনতাক অপৰাধ সন্দৰ্ভত সচেতন কৰাৰ ব্যৱস্থা হাতত লোৱাটো অতি প্ৰয়োজনীয়। লগতে, অন্ধবিশ্বাসমূলক অপৰাধ যেনে ডাইনী সন্দেহত হত্যা, সামাজিক শিক্ষাৰ অভাৱৰ ফলত বৃদ্ধি পাইছে।
এই বিষয়সমূহৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰি, অসম চৰকাৰে যাতে আইন-শৃঙ্খলা ব্যৱস্থাত কটকটীয়া পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়ৰ দাবী। জনসাধাৰণক সুৰক্ষিত পৰিবেশ প্ৰদান কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব। যদি এই ধৰণৰ অপৰাধজনিত ঘটনা অব্যাহত থাকে, তেন্তে সাধাৰণ ৰাইজৰ চৰকাৰৰ ওপৰত বিশ্বাস কমি যাব, যি গণতান্ত্রিক ব্যৱস্থাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সমস্যা সৃষ্টি কৰিব পাৰে।
0 coment rios: