Monday, March 10, 2025

ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত নেপালত হাজাৰ হাজাৰ লোকৰ সমবেশ, হিন্দুৰাষ্ট্র প্রত্যাবর্তনৰ দিশে নেপাল

ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত নেপালত হাজাৰ হাজাৰ লোকৰ সমবেশ, হিন্দুৰাষ্ট্র প্রত্যাবর্তনৰ দিশে নেপাল

উৱেভ ডেস্ক, ১০মাৰ্চঃ গণতন্ত্ৰৰ পৰা ৰাজতন্ত্ৰলৈ ঘূৰি অহাৰ বাবে নেপালৰ ৰাজপথত উত্তাল শ্লোগান। একে সময়তে ‘ধৰ্মনিৰপেক্ষ’ নেপালত পুনৰ হিন্দু ধৰ্মক ৰাষ্ট্ৰধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ দাবীত এক সমাৱেশ অনুষ্ঠিত হয়। দেওবাৰে কাঠমাণ্ডুৰ ৰাজপথলৈ হাজাৰ হাজাৰ লোকলওলাই আহি পদচ্যুত ৰজা জ্ঞানেন্দ্ৰ শ্বাহক লৈ সমবেত মিলিত হয়  ।

পশ্চিম নেপাল ভ্ৰমণ সম্পূৰ্ণ কৰি দেওবাৰে কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় জ্ঞানেন্দ্ৰ। তেওঁক আদৰিবলৈ বহু সংখ্যক সাধাৰণ নাগৰিক উপস্থিত থাকে। তাতেই উত্থাপন হয় "আমি ৰাজতন্ত্ৰ ঘূৰাই বিচাৰো" শ্লোগান। জ্ঞানেন্দ্ৰক পুনৰ ৰাজপ্ৰসাদত থাকিব দিবলৈও দাবী উত্থাপন হয়। ইয়াৰ সমান্তৰালকৈ নেপালক পুনৰ ‘হিন্দু ৰাষ্ট্ৰ’ ঘোষণা কৰাৰ দাবী উত্থাপিত হয়। জ্ঞানেন্দ্ৰৰ সমৰ্থনত বাইক শোভাযাত্ৰাও উলিওৱা হয়। নেপালৰ  প্ৰধানমন্ত্ৰী কে পি শৰ্মাক অলিৰ আৰক্ষীয়ে কয় যে ৰাজতন্ত্ৰ সমৰ্থক সমাৱেশত প্ৰায় ১০ হাজাৰ লোক উপস্থিত আছিল। আনফালে জ্ঞানেন্দ্ৰক সমৰ্থন কৰা হিন্দুত্ববাদী ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে দাবী কৰে যে সেই শোভাযাত্ৰাত লাখৰ ওপৰত লোক সমাবেত হয় !

দুই দশকৰ আগতে ভাৰতৰ উত্তৰ চুবুৰীয়া দেশ নেপালতো ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। শেষ ৰজা আছিল জ্ঞানেন্দ্ৰ। ২০০৬ চনত তেওঁক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল। ইয়াৰ পিছত ২০০৮ চনৰ মে’ মাহত সংবিধান সংশোধন কৰি নেপালত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰি ২৪০ বছৰীয়া ৰাজতন্ত্ৰৰ অন্ত পেলায়। ২০১৫ চনত এখন নতুন ‘ধৰ্মনিৰপেক্ষ’ সংবিধান অনুমোদন কৰা হয়। উচ্ছেদ হোৱাৰ পিছত জ্ঞানেন্দ্ৰই নেপালৰ এজন সাধাৰণ নাগৰিক হিচাপে জীয়াই আছিল। তেওঁৰ কোনো ৰাজনৈতিক বা প্ৰশাসনিক ক্ষমতা নাই। ৰাজপ্ৰসাদলৈ যোৱাৰ অনুমতিও নাই। তেওঁ কোনো চৰকাৰী সুবিধাও নাপায়।

নেপালত যেতিয়া ৰাজতন্ত্ৰ প্ৰতিষ্ঠা আছিল তেতিয়া দেশখন হিন্দু ৰাষ্ট্ৰ হিচাপে পৰিচিত আছিল। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পিছত নেপালক ধৰ্মনিৰপেক্ষ বুলি ঘোষণা কৰা হয়। পিছত সেই স্বীকৃতি দেশৰ সংবিধানতো দিয়া হ’ল। প্ৰসংগক্ৰমে ১৭৬৮ চনত তাতেই শ্বাহ বংশৰ আৰম্ভণি হৈছিল। জ্ঞানেন্দ্ৰৰ ককা ৰজা বীৰেন্দ্ৰ আছিল পৃথ্বীনৰায়ণৰ নৱম প্ৰজন্ম। তেওঁক হত্যা কৰি যুৱৰাজ দীপেন্দ্ৰই আত্মহত্যাৰ চেষ্টা চলাইছিল। মৃত্যুশয্যাতে তেওঁৰ অভিষেক হয়। বাচি নাথাকিল দিপেন্দ্ৰ। ২০০১ চনৰ জুন মাহত এই হত্যাকাণ্ডৰ পিছত জ্ঞানেন্দ্ৰই সিংহাসনত আৰোহণ কৰে। ৰাজনৈতিক অস্থিৰতা আৰু মাওবাদী সমস্যাক প্ৰত্যাহ্বান জনাই গণতান্ত্ৰিক চৰকাৰক অপসাৰণ কৰি ২০০৫ চনৰ আৰম্ভণিতে জ্ঞানেন্দ্ৰই ক্ষমতা দখল কৰে। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদে দ্ৰুতগতিত গতি লাভ কৰে। এইবাৰ সেই একে পৰিস্থিতিৰ মুখামুখি হবলৈ গৈ আছে নেকি নেপাল ?



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: