ৰাজ্যৰ অৰ্থনীতি: জনমূৰি আয় বৃদ্ধিৰ হাৰ গড়ে ১০.৩ শতাংশ
বি. চি ডেস্ক, ২৮মাৰ্চঃ অসমৰ অৰ্থনীতিত ইতিবাচক পৰিৱৰ্তন হোৱা বুলি বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত তথ্য সহকাৰে দাঙি ধৰাৰ বিপৰীতে, অসম চৰকাৰৰ ঋণৰ পৰিমাণ ক্ৰমাৎ ঊৰ্ধমুখী হৈ আছে। ঋণৰ ওপৰত ঋণ লৈ চৰকাৰে ৰাজ্যবাসীৰ ওপৰত বিশাল অংকৰ ঋণৰ বোজা জাপি দিছে।
বিত্তমন্ত্রীগৰাকীয়ে সদনত দিয়া তথ্য অনুসৰি, ২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অসমৰ অৰ্থনীতিত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। উক্ত সময়ছোৱাত ৰাজ্যিক ঘৰুৱা উৎপাদন চলিত মূল্যত ১,৪৩,১৭৫ কোটি টকাৰ পৰা ৬,৪৩,৬৬৭ কোটি টকালৈ বৃদ্ধি পাইছে। বার্ষিক বৃদ্ধিৰ হাৰ গড়ে ১২.৪ শতাংশ। তথ্য অনুসৰি, ইয়াৰ ভিতৰত কৃষি খণ্ডৰ বিকাশৰ হাৰ গড়ে ১২.৫ শতাংশ, উদ্যোগ খণ্ডৰ বিকাশৰ হাৰ গড়ে ১৩.৮ শতাংশ আৰু সেৱা খণ্ডৰ বিকাশৰ হাৰ গড়ে ১১.৩ শতাংশ।
একেদৰে, স্থিৰ মূল্যত ২০১১-১২ বৰ্ষৰ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১,৪৩,১৭৫ কোটি টকাৰ পৰা বছৰি গড়ে ৬.৮৯ শতাংশ হাৰত ২০২৪-২৫ বৰ্ষত ৩,৩৭,৯৩৩ কোটি টকালৈ বৃদ্ধি পাইছে। জনমূৰি আয় চলিত মূল্যত ২০১১-১২ বৰ্ষৰ ৪১,১৪২ টকাৰ পৰা ২০২৪-২৫ বৰ্ষত ১,৫৪,২২২ টকালৈ বৃদ্ধি পাইছে। বার্ষিক গড় বৃদ্ধিৰ হাৰ ১০.৩ শতাংশ। একেদৰে, স্থিৰ মূল্যত জনমূৰি আয় ৪১,১৪২ টকাৰ পৰা উক্ত সময়ছোৱাত ৮১,১২৭ টকালৈ বৃদ্ধি পাইছে। বার্ষিক গড় বৃদ্ধিৰ হাৰ ৫.৮ শতাংশ।
উল্লেখ্য যে, ২০১১-১২ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ দেশৰ জনমূৰি আয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ আছিল চলিত মূল্যত ৯.৪৭ শতাংশ আৰু স্থিৰ মূল্যত ৪.৩ শতাংশ। এই বৃদ্ধি তুলনামূলকভাৱে সন্তোষজনক যদিও, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিৰ মাজত এক উল্লেখযোগ্য পাৰ্থক্য বিদ্যমান।
অসম চৰকাৰে মূলধন ব্যয় বৃদ্ধি কৰাৰ লগতে ঋণৰ পৰিমাণো বঢ়াইছে। ২০১১-১২ বিত্তীয় বৰ্ষত অসমৰ মূলধন ব্যয় আছিল ২,৫৯৪ কোটি টকা, যি ২০২৩-২৪ বিত্তীয় বৰ্ষত বৃদ্ধি হৈ ২১,৫০৯ কোটি টকাত উপনীত হৈছে। এই মূলধন বিনিয়োগ ৰাষ্ট্ৰীয় অবকাঠামো উন্নয়ন, শিক্ষা, আৰু স্বাস্থ্য খণ্ডত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ সহায়ক হব বুলি আশা কৰা হৈছে।
বিগত কেইবা বছৰত বাজেটৰ আকাৰ তথা তাৰ ব্যয় ক্রমাগত বৃদ্ধি পাইছে। ২০১১-১২ বিত্তীয় বৰ্ষত মুঠ সংশোধিত প্ৰাককলনৰ পৰিমাণ আছিল ৩৮,৫৬৩ কোটি টকা, যি ২০২৩-২৪ বিত্তীয় বৰ্ষত বৃদ্ধি হৈ ১,৬৯,৯৬৬ কোটি টকালৈ উপনীত হৈছে। ইয়াৰ ফলত বিভিন্ন উন্নয়নমূলক কাম-কাজত অধিক বিনিয়োগ সম্ভব হৈছে যদিও, চৰকাৰৰ ঋণৰ পৰিমাণ বৃদ্ধিৰ চিন্তাজনক দিশটো উলিয়াই পৰিছে।
ইফালে, অসমৰ ঋণৰ পৰিমাণও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ২০১১-১২ বৰ্ষত অসম চৰকাৰে গ্ৰহণ কৰা ঋণৰ পৰিমাণ আছিল ২১১৫ কোটি টকা। কিন্তু, ২০২৩-২৪ বৰ্ষত এই পৰিমাণ ২৪,১১৮ কোটি টকালৈ বৃদ্ধি পাইছে।
এই ঋণ বৃদ্ধিৰ ফলস্বৰূপে ৰাজ্যৰ অৰ্থনৈতিক চাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত আগন্তুক বছৰত কৰ সমুহ বৃদ্ধি অথবা অন্যান্য ৰাজহ আহৰণৰ নতুন উপায় বিচাৰিব লগীয়া হ’ব। এই ক্ষেত্ৰত চৰকাৰৰ ঋণ পৰিশোধৰ দিশত এক সুদূৰপ্রসাৰী পৰিকল্পনা গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজনীয়।
এনেদৰেই বিগত ৯ বছৰত অসমবাসীৰ জনমূৰি ঋণৰ পৰিমাণ ১০,৭৬০ টকাৰ পৰা ৪৭,৩২৪ টকালৈ বৃদ্ধি পাইছে, যি ৰাজ্যৰ ঋণৰ ওপৰত নিৰ্ভৰশীলতাৰ সংকেত দিয়ে। এই বৃদ্ধি যদি ৰাষ্ট্ৰীয় অৰ্থনৈতিক বৃদ্ধিৰ সৈতে সুসংগত নাথাকে, তেন্তে অগ্ৰাধিকাৰ ভিত্তিক অৰ্থনৈতিক পৰিকল্পনা গ্ৰহণ নকৰিলে চৰকাৰৰ অৰ্থনৈতিক স্থায়িত্বৰ ওপৰত প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে।
অসমৰ আৰ্থিক পৰিস্থিতি যথেষ্ট গতিশীল আৰু উন্নয়নমূলক প্রকল্পবোৰে ইতিবাচক দিশ দেখুৱাইছে যদিও ঋণৰ পৰিমাণ বৃদ্ধিয়ে চৰকাৰ খনক প্ৰশ্নৰ সন্মুখীন কৰিছে। অৰ্থনীতিবিদসকলৰ মতে সঠিক পৰিকল্পনা আৰু পৰিচালনাৰে এই প্ৰত্যাহ্বানসমূহৰ সমাধান সম্ভৱ। এনেদৰেই, এই বিষয়বস্তুসমূহৰ ওপৰত গভীৰ বিশ্লেষণ আৰু বহুমুখী বিতর্কৰ প্ৰয়োজনে সিদ্ধান্ত গ্ৰহণত সহায় কৰিব বুলি কয়।
0 coment rios: