Saturday, March 29, 2025

ছত্তীশগড়ৰ চুকমায়াত নিৰাপত্তাৰক্ষীৰ লগত মাওবাদীৰ পুনৰ সংঘৰ্ষঃ কমেও ১৬জন মাওবাদী নিহত, আহত দুই জোৱান

 ছত্তীশগড়ৰ চুকমায়াত নিৰাপত্তাৰক্ষীৰ লগত মাওবাদীৰ পুনৰ সংঘৰ্ষঃ কমেও ১৬জন মাওবাদী নিহত, আহত দুই জোৱান

নেচনেল ডেস্ক, ২৯মাৰ্চঃ চুকমাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১৬জন মাওবাদী নিহত হৈছে। এই সংঘৰ্ষত দুজন জোৱান সামান্যভাৱে আহত হয়। আহত জোৱান দুগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, সুকমা-দান্তেৱাড়া জিলাৰ সীমান্তৰ উপমপল্লী কেৰালাপাল অঞ্চলৰ এদল মাওবাদীয়ে অৰণ্যত আশ্ৰয় লোৱাৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে শুকুৰবাৰে নিশা চি আৰ পি এফ, জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তালাচী চলাইছিল।

আৰক্ষী সূত্ৰৰ মতে, বাহিনীৰ উপস্থিতি অনুভৱ কৰাৰ লগে লগে জংঘলৰ পৰা আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰে, যাৰ ফলত সেনাইও গুলীৰে প্ৰতিউত্তৰ দিয়ে। গোটেই ৰাতি বন্দুকৰ যুঁজ চলি থাকে। শনিবাৰে পুৱাও অব্যাহত থাকে বন্দুকৰ যুঁজ। এই সংঘৰ্ষত ১৬জন মাওবাদী নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে। মাওবাদীৰ সঠিক সংখ্যা স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰথম অৱস্থাত তেওঁলোকৰ গোটত বহুত মানুহ আছিল বুলি বিশ্বাস কৰা হৈছিল। এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৬জন মাওবাদীৰ মৃতদেহ। বাকী থকা মাওবাদীৰ সন্ধানত বাহিনীয়ে জংঘলত  তালাচী চলাই আছে।

যোৱা ১৯ মাৰ্চত দনটেৱাড়া জিলাৰ সীমান্তৰ সমীপৱৰ্তী বিজাপুৰৰ গংগালুৰ থানা এলেকাত মাওবাদী আৰু ৰাজ্যিক আৰক্ষী টাস্ক ফ’ৰ্চ আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ যুটীয়া বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ২৬ জন সন্দেহযুক্ত মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। লগতে উদ্ধাৰ হৈছিল বৃহৎ সংখ্যক আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক। সেই অভিযানত এজন জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱানো নিহত হৈছিল। মঙলবাৰে দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত তিনি মাওবাদী নিহত হয়।

১৯ জানুৱাৰীৰ পৰা ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশাত যৌথ বাহিনীয়ে আন্তঃৰাজ্যিক অভিযান চলাই আহিছে।ইতিমধ্যে সেই তিনিখন ৰাজ্যত সংঘৰ্ষত দুশৰো অধিক মাওবাদী নিহত হৈছে। নিহতসকলৰ তালিকাত আছে মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলিপতি। আত্মসমৰ্পণ কৰিছে নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিষেনজীৰ ভনীয়েক বিমলাই। তেওঁৰ স্বামী মল্লোজুলা ভেনুগোপাল ৰাও ওৰফে ভূপতি ওৰফে বিবেক ওৰফে সোণু নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে ঘোষণা কৰিছিল যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশখন ‘মাওবাদী মুক্ত’ হ’ব।২০২৩ চনত ছত্তীশগড়ত বিজেপি ক্ষমতালৈ অহাৰ পিছত মাওবাদীক দমন কৰিবলৈ যৌথ শক্তিক মুক্ত হাত দিয়া হৈছিল বুলি একাংশ প্ৰশাসনিক সূত্ৰই দাবী কৰিছে। তেতিয়াৰ পৰাই মাওবাদীক দমনৰ অভিযান সম্পূৰ্ণ শক্তিৰে চলি আহিছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: