Saturday, March 8, 2025

কাশ্মীৰ আৰু মণিপুৰ সন্দৰ্ভত ফালকাৰ তুৰ্কৰ মন্তব্যক সমালোচনা ভাৰতৰ

 কাশ্মীৰ আৰু মণিপুৰ সন্দৰ্ভত ফালকাৰ তুৰ্কৰ মন্তব্যক সমালোচনা ভাৰতৰ

নেচনেল ডেস্ক, ৮মাৰ্চঃ কাশ্মীৰ আৰু মণিপুৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ফলকাৰ তুৰ্কে দিয়া মন্তব্যক ভাৰতে অভিধানহীনবুলি অভিহিত কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কয় যে এই মন্তব্যৰ ক্ষেত্ৰীয় বাস্তৱতাৰ সৈতে কোনো সম্পৰ্ক নাই।

চুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৮ সংখ্যক অধিৱেশনত এই মন্তব্য প্ৰদান কৰে অৰিন্দম বাগচিয়ে। তেওঁ কয়, "যেতিয়া ভাৰতৰ নাম উল্লেখ কৰা হৈছে, গতিকে মই এই কথাত গুৰুত্ব দিব বিচাৰিছো যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰত এখন সুস্থ, সজীৱ আৰু বহুত্ববাদী সমাজ আছে, মানৱ অধিকাৰ উচ্চায়ুক্ত ফলকাৰ তুৰ্কে যি কথা কৈছে সেয়া ভিত্তিহীন আৰু ইয়াৰ ক্ষেত্ৰ ভিত্তিক বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই। ভাৰতৰ জনসাধাৰণে বাৰে বাৰে আমাক লৈ কৰা এনে ভুল চিন্তাক ভুল বুলি প্ৰমাণ কৰি আহিছে।

জম্মু-কাশ্মীৰ সন্দৰ্ভত ফাল্কাৰ তুৰ্কৰ মন্তব্য সন্দৰ্ভত অৰিন্দম বাগচিয়ে কয় যে তেওঁ জম্মু-কাশ্মীৰৰ পৰিৱৰ্তে অঞ্চলটোক কাশ্মীৰ বুলি ভুলকৈ উল্লেখ কৰিছিলএই ভুল বৰ্ণনা এনে এটা সময়ত কৰা হৈছে যেতিয়া অঞ্চলটোৱে শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

অৰিন্দম বাগচিয়ে লগতে কয় যে, “যেতিয়া অঞ্চলটোৱে নিৰাপত্তা উন্নত কৰা, স্থানীয় নিৰ্বাচনত ভোটাৰৰ অভিলেখ সৃষ্টি কৰা, পৰ্যটন বৃদ্ধি আৰু আন্তঃগাঁথনিৰ দ্ৰুত বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে, সেই সময়ত এই মন্তব্য কৰাটো প্ৰহসন যেন লাগে।

তেওঁৰ ভাষণত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তই কয় যে মণিপুৰৰ হিংসাৰ মোকাবিলা আৰু জনসাধাৰণৰ পৰিস্থিতি উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন।

মণিপুৰ সন্দৰ্ভত তুৰ্কৰ উদ্বেগক উলাই কৰি অৰিন্দম বাগচিয়ে কয় যে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ আৰু মুকলি সংস্কৃতিক অধিক গভীৰভাৱে বুজাৰ প্ৰয়োজন আছে।

 

 

 

 

 

 



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: