Saturday, March 8, 2025

মোডীৰ ৰাজ্যৰ পৰা চকুত থাকি বুকুত কামোৰা কংগ্ৰেছীক বহিষ্কাৰেৰে সকীয়নি ৰাহুলৰ

 মোডীৰ ৰাজ্যৰ পৰা চকুত থাকি বুকুত কামোৰা কংগ্ৰেছীক বহিষ্কাৰেৰে সকীয়নি ৰাহুলৰ

 নেচনেল ডেস্ক, ৮মাৰ্চঃ কংগ্ৰেছত থাকিবলৈ হলে আমি একত্ৰিত হব লাগিব। বহু কংগ্ৰেছ সদস্যই দলৰ পৰা বিজেপিৰ হৈ কাম কৰি আছে! কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে গুজৰাটৰ দলীয় অনুষ্ঠানত এই অভিযোগ উত্থাপন কৰে। কেৱল সেয়াই নহয়, প্ৰয়োজন হলে দলৰ পৰা ৩০-৪০ জন লোকক বহিষ্কাৰ কৰিব বুলি সকীয়াই দিয়ে।

গুজৰাট বিধানসভা নিৰ্বাচনলৈ এতিয়াও ডেৰ-দুবছৰ বাকী। কিন্তু শুকুৰ বাৰৰ পৰা ৰাহুলে নৰেন্দ্ৰ মোডী-অমিত শ্বাহ ৰাজ্য গুজৰাটত কংগ্ৰেছ সংগঠনক শক্তিশালী কৰাৰ চেষ্টা আৰম্ভ কৰিছে। তেওঁ প্ৰাদেশিক কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছত শনিবাৰে আহমেদাবাদত পাৰ্টিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুলে কয় যে গুজৰাটৰ জনসাধাৰণৰ সৈতে যদি আমি সংযোগ স্থাপন কৰিবলগীয়া হয় তেন্তে আমি দুটা কাম কৰিব লাগিব। অৰ্থাৎ প্ৰথমে দলৰ ভিতৰৰ আনুগত্যবাদী আৰু বিদ্ৰোহীক পৃথক কৰিব লাগিব। "সেই কামটো কৰিবলৈ যদি আমি ৩০-৪০ জন লোকক বহিষ্কাৰ কৰিবলগীয়া হয়, তেন্তে তাৰ বাবেও আমি সাজু।"

ৰাহুলৰ কয় যে, "কংগ্ৰেছৰ যিসকলে গোপনে বিজেপিৰ বাবে কাম কৰি আছে, তেওঁলোকে মুকলিকৈ ওলাই আহিব লাগে।" তেওঁলোকে গোপনে নহয়, মুকলিকৈ বিজেপিৰ হৈ কাম কৰা উচিত। কিন্তু এইটোও মনত ৰাখিব লাগিব যে বিজেপিত আপোনালোকৰ কোনো স্থান নাই। তেওঁলোকে আপোনালোকক ব্যৱহাৰ কৰি  পেলাই দিব।

১৯৯৫ চনৰ পৰাই গুজৰাটত বিজেপিৰ ক্ষমতা আছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিক কঠোৰ প্ৰত্যাহ্বান জনাইছিল। কিন্তু ২০২২ চনত ৰাহুল গান্ধীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰতি কাৰ্যতঃ কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল। ২০২৭ চনক লক্ষ্য কৰি গুজৰাটত পৰৱৰ্তী এআইচিচিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। লক্ষ্য ২০২৫ চনৰ ভিতৰত সমগ্ৰ কংগ্ৰেছ সংগঠনক শক্তিশালী কৰা। প্ৰায় ৬৪ বছৰৰ পাছত গুজৰাটত অনুষ্ঠিত হব সৰ্বভাৰতীয় কংগ্ৰেছৰ অধিৱেশন। অহা ৮-৯ এপ্ৰিলৰ অধিৱেশনত প্ৰথমে আহমেদাবাদৰ চৰ্দাৰ পেটেল স্মাৰকত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হব।

ৰাহুলৰ মন্তব্যক লৈ বিজেপিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই তেওঁক খুন্দা মাৰি কয় যে, "তেওঁ বিজেপিৰ আটাইতকৈ ডাঙৰ সম্পদ!" শ্বেহজাদে দাবী কৰে যে ৰাহুলে সকলোৰে সন্মুখত নিজকে আৰু নিজৰ দলটোক হাস্যাস্পদ কৰি তুলিছে।

বহুতৰ মতে দক্ষিণৰ পিছত ৰাহুলে গুজৰাটৰো ৰাজনৈতিক খেলপথাত নামিছে। শেহতীয়াকৈ কেৰালা কংগ্ৰেছত ভাঙনৰ লক্ষণ দেখা গৈছিল। শশী থাৰুৰৰ সৈতে কংগ্ৰেছৰ সংঘাত-বিতৰ্কপোহৰলৈ আহিছিল। যোৱা মাহত থাৰুৰৰ এটা প্ৰবন্ধক লৈ কংগ্ৰেছ শিবিৰত অস্বস্তিৰ সৃষ্টি হৈছিল। কেৰালাত নতুন ব্যৱসায় (ষ্টাৰ্টআপ)ৰ বৃদ্ধিৰ প্ৰশংসা কৰে থাৰুৰে। তাৰ পৰাই সূত্ৰপাত হৈছিল বিতৰ্কৰ। তেতিয়া প্ৰশ্ন উত্থাপন হয়, তেওঁ কেৰালাত বাওঁপন্থী নেতৃত্বাধীন মিত্ৰজোঁট এল ডি এফক প্ৰশংসা কৰিছে নেকি ? বিতৰ্কৰ মাজতে থাৰুৰে নিজৰ স্থিতিও ব্যাখ্যা কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে বাওঁ মিত্ৰজোঁটৰ চৰকাৰক প্ৰশংসা কৰা নাই বুলি মন্তব্য কৰে। তেওঁ কেৱল ৰাজ্যৰ উন্নয়নৰ ওপৰত আলোকপাত কৰে। অৱশ্যে বিতৰ্কই সাম কাটে । কেৰালা কংগ্ৰেছৰ নেতৃত্বই এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বিতৰ্কৰ মাজতে দিল্লীত কেৰালা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে ৰাহুলে বৈঠকত মিলিত হয়। দলীয় সূত্ৰৰ মতে, সেই বৈঠকত কেৰালাৰ কংগ্ৰেছৰ নেতাসকলক থাৰুৰৰ সন্মুখত সকীয়াই দিয়া হৈছিল আৰু দলীয় সীমাৰ বাহিৰলৈ গৈ কোনো ধৰণৰ ৰাজহুৱা মন্তব্য নকৰিবলৈ কোৱা হৈছিল।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: