গাজাত ‘দুখৰ ঈদ’
বি. চি. উৱেভ ডেস্ক, ৯মাৰ্চঃ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ দৰে গাজা ষ্ট্ৰিপৰ বাসিন্দাসকলেও এমাহৰ ৰোজা ৰখাৰ অন্তত দেওবাৰে পালন কৰে ঈদ আল-ফিতৰ। কিন্তু খাদ্য আৰু ইন্ধনৰ তীব্ৰ নাটনি, ইজৰাইলৰ আক্ৰমণ আৰু অৱৰোধৰ বাবে এইবাৰৰ ঈদ তেওঁলোকৰ বাবে এক বেলেগ অভিজ্ঞতা আছিল, যাক তেওঁলোকে ‘দুখৰ ঈদ’ বুলি অভিহিত কৰিছে।
এই ঈদত গাজাৰ জনসাধাৰণৰ বাবে কোনো উৎসৱমুখৰ পৰিৱেশ নাছিল। ঈদৰ নামাজৰ অন্তত ধ্বংসপ্ৰাপ্ত মছজিদৰ বাহিৰত কান্দোনত ভাগি পৰে বহু লোক। ঈদৰ আনন্দত ভাগ লোৱাৰ পৰিৱৰ্তে তেওঁলোকে শোকত ভাগি পৰা আপোনজনক মনত পেলালে।
ডেইৰ আল বালাহ চহৰত মুকলি আকাশৰ তলত ঈদৰ নামাজ পঢ়াৰ অন্তত আদেল আল শ্বেয়াৰে কয় যে এইটো এটা দুখজনক ঈদ। আমি আমাৰ আপোনজনক, আমাৰ সন্তান, আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যত হেৰুৱাইছো। আমাৰ বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান সকলো ধ্বংস হৈ গৈছে। আমি সকলো হেৰুৱাই পেলাইছো।' ইজৰাইলৰ আক্ৰমণত তেওঁৰ পৰিয়ালৰ ২০ জন সদস্য নিহত হোৱা বুলিও তেওঁ কয়, য’ত কিছুদিন পূৰ্বে তেওঁৰ চাৰিজন ভতিজাও হেৰুৱাইছিল।
চলিত মাহৰ আৰম্ভণিতে ইজৰাইলে হামাছৰ সৈতে যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই ইজৰাইলৰ বিমান আক্ৰমণত শ শ পেলেষ্টাইনী নিহত হৈছে। যোৱা চাৰি সপ্তাহ ধৰি গাজাত কোনো খাদ্য, ইন্ধন বা মানৱীয় সাহায্যৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।
ঈদৰ নামাজ পঢ়োৱা ছাইদ আল কুৰ্দে কয় যে ইয়াত কেৱল হত্যা, স্থানচ্যুতি, ভোক আৰু ঘেৰাও হৈছে। আমি আল্লাহৰ আজ্ঞা পালন কৰিবলৈ ওলাই যাওঁ যাতে ল’ৰা-ছোৱালীয়ে সুখী হ’ব পাৰে, কিন্তু ঈদৰ আনন্দ ক’ত? ইয়াত ঈদ নাই।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হৈছে। ইজৰাইলে প্ৰায় ২০ হাজাৰ হামাছৰ সদস্যক হত্যা কৰা বুলি দাবী কৰিছে যদিও কোনো প্ৰমাণ দিয়া নাই। ইজৰাইলৰ বিমান আক্ৰমণ আৰু স্থলভাগৰ অভিযানৰ ফলত গাজাৰ বিশাল অঞ্চল ধ্বংসাৱশেষলৈ পৰিণত হৈছে আৰু ইয়াৰ প্ৰায় ৯০ শতাংশ বাসিন্দাক স্থানচ্যুত কৰা হৈছে।
0 coment rios: