য়াৰলং চাংপোৰ ওপৰত চীনৰ বৃহৎ বান্ধৰ পৰিকল্পনাঃ চীনৰ বান্ধ প্ৰকল্পক লৈ বিশ্বজুৰি উদ্বেগ
বি. চি ডেস্ক, ৯এপ্ৰিলঃ চীনে তিব্বতৰ অন্তৰ্গত য়াৰলং চাংপো নদীৰ ওপৰত প্ৰস্তাৱিত "গ্ৰেট বেণ্ড বান্ধ" প্ৰকল্পক লৈ বিশ্বজুৰি বিশেষজ্ঞ আৰু পৰিৱেশ বিজ্ঞানীসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। এই ব্ৰহ্মপুত্ৰখনে অৰুণাচল প্ৰদেশত চিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত। চীনৰ এই প্ৰকল্পই কেৱল শক্তি উৎপাদন নহয়, অঞ্চলটোৰ জলবায়ু, ভূ-ৰাজনৈতিক স্থিতি আৰু লাখ লাখ লোকৰ জীৱন-পদ্ধতিত গভীৰ প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।
গুৱাহাটীস্থিত চিন্তন মঞ্চ 'এছিয়ান কনফ্লুয়েন্স'-এ মঙলবাৰে আয়োজন কৰা এক দিনীয়া আন্তর্জাতিক আলোচনাচক্ৰত, "উপ-হিমালয় অঞ্চলত জল সুৰক্ষা, পাৰিপাৰ্শ্বিক অখণ্ডতা আৰু দুৰ্যোগৰ স্থিতিস্থাপকতা নিশ্চিত কৰা: ব্ৰহ্মপুত্ৰৰ বিষয়" শীৰ্ষক বিষয়টো গভীৰভাৱে আলোচনা কৰা হয়।
তিব্বত-বিশেষজ্ঞ আৰু বিশিষ্ট লেখক ক্লড আৰ্পিয়ে এই আলোচনাচক্ৰ উদ্বোধন কৰি কয় যে চীনে কেৱল শক্তি উৎপাদনৰ উদ্দেশ্যে নহয়, বৰং ৰাজনৈতিক আৰু কৌশলগতভাবে নদীৰ প্ৰবাহ হালধীয়া নদীৰ দিশে ঘূৰাই দিয়াৰ গভীৰ উদ্দেশ্য লৈ এই প্ৰকল্প ৰূপায়ণ কৰিবলৈ বিচাৰিছে।
তেওঁ বৰ্ণনা কৰে, প্ৰকল্পটোৰ অন্তৰ্গত ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে বান্ধৰ এক শৃংখলা গঢ়ি তোলা হ'ব, যাৰ ফলত উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ নামনি অঞ্চলত জলবায়ু, বাস্তুতন্ত্ৰ আৰু কৃষি ব্যৱস্থাৰ ওপৰত বিধ্বংসী প্ৰভাৱ পৰিব।
বিশিষ্ট সাংবাদিক আৰু ইতিহাস-গৱেষক বাৰটিল লিন্টাৰে এই আলোচনাচক্ৰত অংশ লৈ কয় যে ১৯৫০ দশকৰ শেষৰ ফালে তিব্বতত চীনৰ আগ্ৰাসনৰ অন্যতম উদ্দেশ্য আছিল উপ-হিমালয়ৰ উৎসস্থল নদীসমূহৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰা। তেওঁ মেকং নদীত চীনৰ ১১ খন বৃহৎ বান্ধৰ উদাহৰণ দাঙি ধৰি কয় যে ইয়াৰ ফলত দক্ষিণ-পূৰ্ব এছিয়াৰ দেশসমূহ — থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েতনাম — ইতিমধ্যে জল সংকটত ভুগি আছে। সেয়া ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰতো দৃষ্টান্ত স্বৰূপ হৈ পৰিব পাৰে।
অৰুণাচল প্ৰদেশৰ লোকসভা সদস্য তথা জ্যেষ্ঠ বিজেপি নেতা তাপিৰ গাওৱে এই বান্ধক "জলবোমা" হিচাপে অভিহিত কৰে। তেওঁ কয়, "এইটো কেৱল এটা বান্ধ নহয় — ই এটা জল-অস্ত্ৰ হিচাপে নিচেই বিপজ্জনকভাৱে ব্যৱহৃত হ’ব পাৰে।" তেওঁ ২০০০ চনৰ বানপানীৰ কথা মনত পেলাই কয়, যিটো চিয়াং নদীত বান্ধ ভাঙি আহিছিল আৰু বহু ধ্বংস সাধন কৰিছিল।
গাওৱে লগতে এই আশংকা প্ৰকাশ কৰে যে চীনে যদি হঠাতে বান্ধৰ পৰা পানী এৰি দিয়ে, তেন্তে অৰুণাচল প্ৰদেশৰ চিয়াং নদীত ভয়ংকৰ বন্যা পৰিস্থিতি সৃষ্টি হ’ব। ফলস্বৰূপে তেওঁ চিয়াং নদীত আন এক নিৰাপত্তামূলক বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ সমৰ্থন কৰে।
ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ ডঃ ৰণবীৰ সিঙে কয়, "ব্ৰহ্মপুত্ৰ হৈছে ভাৰতৰ একমাত্ৰ পানীভৰ্তি নদী। যদি ইয়াৰ ওপৰত নিয়ন্ত্ৰণ চীনৰ হাতত যায়, তেন্তে ভাৰতৰ বহু অংশত পানীৰ হাহাকাৰ হ’ব।" তেওঁ কৌশলগত, ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে বহুস্তৰীয়া ৰণনীতি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আইআইটি গুৱাহাটীৰ অধ্যাপিকা অনামিকা বৰুৱাই তিব্বতৰ মালভূমিত অনুষ্ঠিত অধ্যয়নৰ ভিত্তিত কয় যে, এই অঞ্চলত ভবিষ্যতে অধিক শুকান দিন আহিব। লগতে, চীনৰ প্ৰকল্পবোৰে ভূমিকম্প, নদী শুকাৰ লগতে উপ-হিমালয় অঞ্চলৰ জৈৱিক আৰু পৰিবেশগত স্থিতি সংকটত পেলাব বুলি তেওঁ সতর্ক কৰে।
তেওঁ লগতে উল্লেখ কৰে যে এই সমগ্ৰ প্ৰকল্পৰ সন্দৰ্ভত চীনৰ সৈতে কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক অধ্যয়ন কৰা হোৱা নাই, যি এক ডাঙৰ উদ্বেগৰ বিষয়।
আলোচনাচক্ৰত নেপাল, ভূটানৰ লগতে ভাৰতৰ পৰ্যাৱৰণ বিজ্ঞানী, জল সম্পদ ব্যৱস্থাপক, ৰাজনৈতিক বিশ্লেষক, পৰিৱেশ আইনজ্ঞ, অভিযান্ত্ৰিক, নীতি প্ৰণেতা আৰু অৰ্থনীতি-সংক্রান্ত ক্ষেত্ৰৰ বহু বিশেষজ্ঞই অংশ গ্ৰহণ কৰে। এই আলোচনাচক্ৰৰ মূল উদ্দেশ্য আছিল — জলবায়ু পৰিৱৰ্তনৰ যুগত তিব্বতৰ এই প্ৰস্তাৱিত বান্ধৰ দ্বাৰা আগবঢ়োৱা বহুমুখী বিপদসমূহৰ ওপৰত চৰকাৰ, নাগৰিক সমাজ, শিক্ষাবিদ আৰু চিন্তাশীল লোকসকলৰ মাজত বিষয়টোৰ গভীৰতা দিঙি ধৰা ।
এই আলোচনা-চক্ৰই ব্ৰহ্মপুত্ৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় নদীসমূহৰ ক্ষেত্ৰত ভবিষ্যৎ নীতি, সুৰক্ষা আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত এক গম্ভীৰ আৰু দিশ-নিৰ্দেশনামূলক দৃষ্টিভংগী আগবঢ়ায়।
0 coment rios: