Friday, April 4, 2025

ৰংমহল বনাম আইন মহল: গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণক লৈ তীব্ৰ প্ৰতিবাদ

 ৰংমহল বনাম আইনী মহল: গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণক লৈ তীব্ৰ প্ৰতিবাদ

বি. চি ডেস্ক, ৪এপ্ৰিলঃ গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীৰ ৰংমহল অঞ্চললৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ লৈ অসম আইনী সমাজত এতিয়া বিতৰ্ক তুংগত উঠিছে । এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচ’চিয়েচনে তীব্ৰ আপত্তি জনাইছে। উকীলসকলৰ অভিযোগ, তেওঁলোকৰ সৈতে পৰ্যাপ্ত আলোচনা নোহোৱাকৈ আৰু তেওঁলোকৰ মতামত গ্ৰহণ নকৰাকৈ এই ধৰণৰ গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে, যি একপক্ষীয় আৰু অনৈতিক বুলি বিবেচিত হৈছে।

এই পৰিস্থিতিৰ প্ৰতিক্ৰিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে এক বিস্তৃত বিবৃতিত কয় যে, এই স্থানান্তৰৰ প্ৰস্তাৱ নতুন নহয়। ২০২২ চনৰ পৰা এই পৰিকল্পনা চলি আহিছে। তেতিয়া গুৱাহাটীৰ উকীল সন্থাই এখন সাধাৰণ সভাত সকলো আদালতক একেটা কেন্দ্ৰত স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিছিল। এই পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটী, ৰংমহলত প্ৰায় ১২৮ বিঘা ভূমি নিৰ্বাচন কৰা হয়। এই স্থান বিশেষভাৱে উপযুক্ত বুলি বিবেচিত হৈছে, কাৰণ ইয়াত এটা আধুনিক, সম্পূৰ্ণ আন্তঃগাঁথনি থকা ন্যায়িক চহৰ গঠন কৰাৰ সুবিধা আছে। 

উল্লেখযোগ্য যে গুৱাহাটীত উচ্চ ন্যায়ালয় উকীল সন্থাৰ সভাপতি কমল নয়ন চৌধুৰীয়ে অভিযোগ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামে অলপতে কইনাধৰাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি উচ্চ ন্যায়ালয়ৰ প্ৰস্তাৱিত স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা কৰিছিল । সন্থাৰ নেতৃবৃন্দ আৰু জ্যেষ্ঠ অধিবক্তাসকলে অধিবক্তা সমাজৰ মতামতক গুৰুত্ব নিদিয়াকৈ উচ্চ ন্যায়ালয়খনক ৰংমহললৈ স্থানান্তৰ কৰিবলৈ লোৱা প্ৰস্তাৱত উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ পীঠে দিয়া সন্মতিৰ বিৰোধিতা কৰি বিবৃতি প্ৰকাশ কৰিছিল  ।

মহাপঞ্জীয়ক গৰাকীয়ে স্পষ্ট কৰি কয় যে, বৰ্তমান সময়ত কেৱল ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। এতিয়ালৈকে কোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হোৱা নাই, আৰু উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰকৃত সিদ্ধান্ত গৰাকী মুখ্য ন্যায়াধীশ আৰু পূৰ্ণ বিচাৰপীঠে ল’বলগীয়া। ভূমি দখল হস্তান্তৰ সম্পূৰ্ণ হোৱাৰ আগলৈ এনে সিদ্ধান্ত লোৱাৰ প্ৰশ্নেই নেথাকে।

তেওঁ আনকি কয় যে, কিছু অধিবক্তা আৰু সংবাদ মাধ্যমৰ একাংশে মুখ্য ন্যায়াধীশ আৰু এজন অন্য ন্যায়াধীশে মুখ্যমন্ত্ৰীৰ সৈতে গোপনে আলোচনা কৰি গুৱাহাটীত উচ্চ ন্যায়ালয় খন স্থানান্তৰৰ সিদ্ধান্ত লৈছে বুলি যি অভিযোগ উত্থাপন কৰিছে, সেইবোৰ সম্পূৰ্ণভাৱে মিথ্যা আৰু উদ্দেশ্যপ্ৰণোদিত। মহাপঞ্জীয়ক গৰাকীয়ে এই অভিযোগক ভিত্তিহীন বুলি আখ্যা দিয়ে আৰু কয়, ইয়াৰ উদ্দেশ্য হ'ল মুখ্য ন্যায়াধীশৰ ভাবমূৰ্তিক কলংকিত কৰা। তেওঁ এই প্ৰচেষ্টাক “দায়িত্বহীন আচৰণ” বুলি বর্ণনা কৰে আৰু অধিবক্তা সমাজৰ কিছু সদস্যক তীব্ৰ সমালোচনা কৰে।

অধিবক্তাসকলৰ দাবী, তেওঁলোকক অবজ্ঞা কৰি যি প্ৰস্তাৱ আগবঢ়োৱা হৈছে, সেইটোই আইনী ব্যৱস্থাৰ ওপৰত আস্থা কমাই দিয়াক প্ৰতিয়মান কৰে। তেওঁলোকে দাবী কৰে যে, এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো পক্ষৰ সৈতে আলোচনা কৰা উচিত আছিল। অধিবক্তাসকলৰ একাংশে কয় যে, এই স্থানান্তৰৰ ফলত বহু অভিজ্ঞ উকীলৰ পেচাগত জীৱনত প্ৰভাৱ পৰিব পাৰে, আৰু সাধাৰণ জনতাৰ বাবে ন্যায়লয়লৈ অহা-যোৱা কঠিন হ’ব পাৰে।

অন্যফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচ’চিয়েচনে কয় যে, তেওঁলোক স্থানান্তৰৰ প্ৰস্তাৱৰ বিপক্ষে আগৰ অৱস্থানতে অটল আছে। তেওঁলোকে কয় যে, এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে সংগঠিতভাৱে প্ৰতিবাদ অব্যাহত ৰাখিব। শুকুৰবাৰৰ বাবে যি প্ৰতিবাদী কাৰ্যসূচী ঘোষিত হৈছিল, বিশেষ কাৰণত সেইটো স্থগিত কৰা হৈছে যদিও আজি এখন জৰুৰী সভা আহ্বান কৰা হৈছে। এই সভাৰ পাছত বিষয়টোৰ ওপৰত আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া আৰু স্পষ্টীকৰণ দিয়া হ’ব বুলি তেওঁলোকে জনাইছে।

এই ঘটনাই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অধিবক্তা সমাজৰ মাজত এক নতুন দূৰত্বৰ সূচনা কৰিছে বুলি অনেকেই মত প্ৰকাশ কৰিছে। ইপিনে, সচেতন মহলে আশা কৰিছে যে, এই সমস্যাটোৰ সমাধান আলোচনাৰ মাধ্যমে সম্ভৱ হ’ব আৰু আইনী প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু সৰ্বজনগ্ৰাহ্য কৰিব।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: