সংসদত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত:আৰ্থ-সামাজিক ন্যায়ৰ ঐতিহাসিক মুহূৰ্ত আখ্যা প্ৰধানমন্ত্ৰীৰ
নেচনেল ডেস্ক, ৪এপ্ৰিলঃ লোকসভাৰ পিছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক এক ঐতিহাসিক মুহূৰ্ত” বুলি অভিহিত কৰে। বৰ্তমান তেওঁ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে। শুকুৰবাৰে পুৱা তাৰ পৰাই ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীয়ে ৱাকফ বিধেয়ক সন্দৰ্ভত পোষ্ট কৰে। তেওঁ ৱাকফ বিধেয়ক সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে দেশৰ সকলো সাংসদ আৰু অগণন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।
মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “সংসদৰ দুয়োখন সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো আৰ্থ-সামাজিক ন্যায়, স্বচ্ছতা, আৰু সামগ্ৰিক উন্নয়নৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।” প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৱাকফ আইনখনে ইমান দিনে প্ৰান্তীয় আৰু বঞ্চিতসকলক সহায় কৰিব।
বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিক গুৰুত্বপূৰ্ণ মতামত আগবঢ়োৱাৰ বাবে সাংসদ আৰু সাধাৰণ জনতাক ধন্যবাদ জনাই মোদীয়ে লিখিছে, বিশদ আলোচনা আৰু বিতৰ্কৰ প্ৰয়োজনীয়তা আকৌ এবাৰ প্ৰমাণিত হৈছে। ৱাকফ ব্যৱস্থাৰ 'ত্ৰুটি' সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "দশক দশক ধৰি ৱাকফ ব্যৱস্থা আৰু স্বচ্ছতাৰ অভাৱ কাৰ্যতঃ সমাৰ্থক আছিল। ইয়াৰ বাবেই মুছলমান মহিলা, দৰিদ্ৰ মুছলমান আৰু প্ৰান্তীয় মুছলমানসকলৰ স্বাৰ্থৰ ক্ষতি হৈছিল। সংসদত গৃহীত এই বিধেয়কখনে স্বচ্ছতা বৃদ্ধি কৰিব আৰু মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব।"
বুধবাৰে গভীৰ নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে গভীৰ নিশা সংসদৰ উচ্চ সদন ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হয়। ফলত বিধেয়কখন আইনত পৰিণত হোৱাটো সময়ৰ কথা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে ৭০ বছৰীয়া ৱাকফ আইনখন সলনি হ’ব।
সংশোধনী সন্দৰ্ভত সকলো বিতৰ্ক আৰু ভোটদানৰ অন্তত বৃহস্পতিবাৰে পুৱা ২:১৯ বজাত সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ‘ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫’ গৃহীত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ভোটৰ ফলাফলত সন্তুষ্ট নহ’ল বিৰোধী শিবিৰ। ভোটদান সমাপ্ত হোৱাৰ পিছত পুৱা ২:৩৪ বজাত ঘোষণা কৰা হয় ফলাফল। ইয়াৰ পৰা দেখা যায় যে বিধেয়কখনৰ সপক্ষে ১২৮টা ভোট দিয়া হৈছিল। আৰু ইয়াৰ বিৰুদ্ধে ৯৫টা ভোট দিয়া হৈছিল। ৰাজ্যসভাত ৩৩টা ভোটৰ ব্যৱধানত গৃহীত হয় ৱাকফ বিধেয়ক। ১২ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই বিতৰ্ক।
বুধবাৰে লোকসভাত দীৰ্ঘদিন ধৰি ৱাকফ বিধেয়কখন চৰ্চিত হৈছিল। অৱশেষত গভীৰ নিশা সংসদৰ নিম্ন সদনত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হয়। ২৮৮ জন সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ জন সাংসদে বিৰোধীভাৱে ভোটদান কৰে।
0 coment rios: