আমেৰিকাৰ বিজ্ঞানীয়ে আবিস্কাৰ কৰিলে এটা চাউলতকৈও সৰু বেতাঁৰ পেচমেকা
উৱেভ ডেস্ক, ৪এপ্ৰিলঃ আমেৰিকাৰ ইলিনয়ৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে বিশ্বৰ আটাইতকৈ সৰু পেচমেকাৰ তৈয়াৰ কৰিছে। বুধবাৰে তেওঁলোকে কয় যে নতুন পেচমেকাৰটো এটা চাউলতকৈও সৰু আৰু তাঁৰমুক্ত।
ইয়াৰ ডাঠ মাত্ৰ এক মিলিমিটাৰ আৰু দীঘল ৩.৫ মিলিমিটাৰ। এই অস্থায়ী পেচমেকাৰটো চিৰিঞ্জৰ জৰিয়তে হৃদযন্ত্ৰত সংস্থাপন কৰিব পাৰি।
অৰ্থাৎ এই ক্ষেত্ৰত কোনো অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। পেচমেকাৰটো এনেদৰে ডিজাইন কৰা হৈছে যাতে প্ৰয়োজন নহ’লে শৰীৰত দ্ৰৱীভূত হ’ব পাৰে। ফলত ৰোগীয়ে পুনৰ অস্ত্ৰোপচাৰ কৰি পেচমেকাৰ আঁতৰাব নালাগিব।
বৰ্তমান বজাৰত উপলব্ধ পেচমেকাৰসমূহৰ হৃদযন্ত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। যদি কোনো কাৰণত পেচমেকাৰৰ প্ৰয়োজন আৰু নাথাকে তেন্তে শৰীৰৰ পৰা আঁতৰাবলৈ অস্ত্ৰোপচাৰ বা নিৰ্দিষ্ট চিকিৎসা পদ্ধতি অনুসৰণ কৰা হয়।
যদিও ইয়াক মানুহৰ ওপৰত পৰীক্ষা কৰিবলৈ এতিয়াও বছৰ বছৰ বাকী আছে, নতুন বেতাঁৰ পেচমেকাৰটোক “পৰিৱৰ্তনশীল অগ্ৰগতি” বুলি প্ৰশংসা কৰা হৈছে বুলি এএফপিয়ে প্ৰকাশ কৰিছে। এই আৱিষ্কাৰে চিকিৎসা বিজ্ঞানৰ অন্যান্য ক্ষেত্ৰতো অগ্ৰগতিৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।
বিশ্বৰ লাখ লাখ লোকে স্থায়ী পেচমেকাৰ ব্যৱহাৰ কৰে।
পেচমেকাৰে বৈদ্যুতিক ইমপালছৰ জৰিয়তে হৃদস্পন্দন উদ্দীপিত কৰে, যাৰ ফলত ৰোগীৰ হৃদস্পন্দন স্বাভাৱিকভাৱে হ’ব পাৰে। আমাৰ হৃদযন্ত্ৰই সাধাৰণতে প্ৰতি মিনিটত ৬০ৰ পৰা ১০০ বাৰ স্পন্দন কৰে। এই স্বাভাৱিক গতিবিধি অবিহনে মানুহ গুৰুতৰভাৱে অসুস্থ হ’ব পাৰে বা আনকি মৃত্যুও হ’ব পাৰে। ছন্দৰ সমস্যা থকা লোকৰ হৃদযন্ত্ৰৰ সংকোচন আৰু সম্প্ৰসাৰণ স্বাভাৱিক কৰি ৰাখিবলৈ পেচমেকাৰ ব্যৱহাৰ কৰা হয়। এই নতুন যন্ত্ৰটোৰ আঁৰৰ আমেৰিকাৰ গৱেষকৰ দলটোৰ নেতৃত্বই কয় যে তেওঁলোকে জন্মগত হৃদৰোগ থকা এক শতাংশ শিশুক সহায় কৰিব বিচাৰে।
পেচমেকাৰেও প্ৰাপ্তবয়স্কৰ হৃদস্পন্দন স্বাভাৱিক পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে, যি সময়ত তেওঁলোকে হৃদযন্ত্ৰৰ বিকলতাৰ পৰা সুস্থ হৈ উঠে। বৰ্তমান অস্থায়ী পেচমেকাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা সংস্থাপন কৰি ৰোগীৰ বুকুত থকা এটা যন্ত্ৰৰ সৈতে তাঁৰেৰে সংযোগ কৰা হয়। পেচমেকাৰৰ প্ৰয়োজন নোহোৱা হ’লে চিকিৎসক বা নাৰ্চে তাঁৰবোৰ উলিয়াই দিয়ে, যাৰ ফলত কেতিয়াবা ক্ষতি হ’ব পাৰে। চন্দ্ৰত খোজ কঢ়া প্ৰথমজন ব্যক্তি নীল আৰ্মষ্ট্ৰং ২০১২ চনত তেওঁৰ অস্থায়ী পেচমেকাৰ আঁতৰোৱাৰ পিছত আভ্যন্তৰীণ ৰক্তক্ষৰণৰ ফলত মৃত্যু হয়। আনহাতে নেচাৰ জাৰ্নেলত এই যন্ত্ৰটোৰ বিষয়ে বৰ্ণনা কৰা এক অধ্যয়নত কোৱা হৈছে যে পেচমেকাৰটো ৰোগীৰ বুকুত পিন্ধা কোমল পেচত সংলগ্ন কৰা হ’ব। যেতিয়া পেচটোৱে অনিয়মিত হৃদস্পন্দন ধৰা পেলাব তেতিয়া ই স্বয়ংক্ৰিয় হৈ পৰিব আৰু পেচমেকাৰক হৃদযন্ত্ৰক উদ্দীপিত কৰিবলৈ নিৰ্দেশ দিব।
পেচমেকাৰটো গেলভানিক চেলৰ দ্বাৰা চালিত। ই শৰীৰৰ তৰল পদাৰ্থ ব্যৱহাৰ কৰি ৰাসায়নিক শক্তিক বৈদ্যুতিক স্পন্দনলৈ ৰূপান্তৰিত কৰি হৃদযন্ত্ৰক উদ্দীপিত কৰিব। পেচমেকাৰৰ প্ৰয়োজন নোহোৱাৰ সময়ত শৰীৰত দ্ৰৱীভূত হৈ পৰিব।
আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ জ্যেষ্ঠ গৱেষণা লেখক জন ৰজাৰ্ছে এ এফ পিক কয় যে আমাৰ আশা যে ইয়াৰ দ্বাৰা চিকিৎসা বিজ্ঞানৰ নতুন সম্ভাৱনা মুকলি হ’ব।
গৱেষণাৰ মতে, এতিয়ালৈকে এই নতুন পেচমেকাৰে নিগনি, গাহৰি, কুকুৰ আৰু মানুহৰ হৃদযন্ত্ৰৰ কলাৰ লেব পৰীক্ষাত ফলপ্ৰসূভাৱে কাম কৰিছে। ৰজাৰ্ছৰ মতে এই পেচমেকাৰটো দুবছৰৰ পৰা তিনিবছৰৰ ভিতৰত মানুহৰ ওপৰত পৰীক্ষা কৰিব পৰা যাব। তেওঁ লগতে কয় যে তেওঁৰ লেবে এই লক্ষ্যত উপনীত হ’বলৈ এটা ষ্টাৰ্ট-আপ আৰম্ভ কৰিছে।
উৎসঃ এ এফ পি
0 coment rios: