Saturday, April 5, 2025

ৰাভা হাছং পৰিষদত NDA মিত্ৰজোঁটৰ বৃহৎ জয়! একেবাৰে ধূলিস্যাৎ কংগ্ৰেছ

 ৰাভা হাছং পৰিষদত NDA মিত্ৰজোঁটৰ বৃহৎ জয়! একেবাৰে ধূলিস্যাৎ কংগ্ৰেছ 

বি. চি ডেস্ক, ৪এপ্ৰিলঃ টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু NDA মিত্ৰজোঁটে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এক ঐতিহাসিক জয় লাভ কৰিছে। ৩৬ টা সমষ্টিৰ ভিতৰত ৩৩ টাত ভোট অনুষ্ঠিত হয় আৰু এইবাৰ দলটোৱে বিপুল সংখ্যক আসনত জয় লাভ কৰি ৰাজনৈতিকভাৱে এক শক্তিশালী অৱস্থানত উপনীত হৈছে। গোটেই অঞ্চলজুৰি এই জয়ক এক শুভ সংকেত হিচাপে গ্ৰহণ কৰা হৈছে আৰু স্থানীয় ৰাইজে নতুন আশা আৰু ভৱিষ্যতৰ উন্নয়নৰ স্বপ্ন দেখা আৰম্ভ কৰিছে।

  

এইবাৰ নিৰ্বাচনত NDA মিত্ৰজোঁটে অধিকাংশ আসন দখল কৰি এটা দৃঢ় জনসমৰ্থন প্ৰতিপন্ন কৰিছে। ভোটাৰসকলে স্থিতিশীলতা, উন্নয়ন আৰু শাসনৰ বাবে এই জোটত আস্থা প্ৰকাশ কৰিছে। গোৱালপাৰাৰ ২০ টা আৰু কামৰূপৰ ১৬ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে কেৱল এটা সমষ্টিতহে জয় লাভ কৰিবলৈ সক্ষম হয়, যিটো তেওঁলোকৰ বাবে এক বৃহৎ হতাশাজনক ফলাফল বুলি গণ্য হৈছে।

  

উল্লেখযোগ্য ফলাফলসমূহ হ'ল ১ নং ধূপধৰা সমষ্টিত অনাদি সৰকাৰ (যৌথ মঞ্চ) ৭৪০৬ ভোটে জয়ী হৈছে। তেওঁ কংগ্ৰেছৰ মীনা পাটগিৰীক ৫৪৬১ ভোটৰ ব্যাৱধানত পৰাস্ত কৰে, ২ নং কোঠাকুঠি সমষ্টিত বিজেপিৰ ভৈৰৱ কছাৰী ৫৫৪৭ ভোটে জয়ী হৈছে। তেওঁ কংগ্ৰেছৰ ৰবীন্দ্ৰ ৰাভা ১৮২৮ ভোটৰ ব্যাৱধানত পৰাস্ত কৰে,৩ নং ধনুভাঙা সমষ্টিত ফনীন্দ্ৰ ৰাভা (যৌথ সংগ্ৰাম সমিতি) ২৬২০ ভোটৰ ব্যাৱধানত জয়ী হৈছে। ৪ নং ৰংজুলি সমষ্টিত মনিদীপা ৰাভা (যৌথ সংগ্ৰাম সমিতি) ৬১৩৮ ভোটে জয়ী হৈছে। ৫ নং দৰংগিৰি কুশধোৱা সমষ্টিত কংগ্ৰেছৰ পৰমা ৰাভা জয়ী হৈছে, যি কংগ্ৰেছৰ বাবে একমাত্ৰ সন্তোষজনক খবৰ। ৬ নং উত্তৰ দুধনৈ সমষ্টিত উজ্জ্বলা ব্ৰক্ষ্ম (যৌথ মঞ্চ) ৭০২৫ ভোটে জয়ী হোৱাৰ লগতে ৭ নং দক্ষিণ দুধনৈ সমষ্টিত NDA-ৰ মুখ্য নেতা টংকেশ্বৰ ৰাভা ৭১৬৪ ভোটে জয়ী হৈ তৃতীয়বাৰৰ বাবে পৰিষদত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। 

 

এইবাৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ আন বহু সমষ্টিতো NDA আৰু যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে জয়ী হৈছে। বহু ঠাইত শক্তিশালী প্ৰতিদ্বন্দ্বিতা থাকিলেও NDA প্ৰাৰ্থীসকলে সংখ্যাগৰিষ্ঠ ভোটত আগ বাঢ়িছে। এই ফলাফলৰ পিছত জনসাধাৰণৰ মাজত এক ধৰণৰ আশাবাদী মনোভাব পৰিলক্ষিত হৈছে। 

 

বিশেষকৈ, কামৰূপ জিলাৰ ১৪ টা সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থীসকলে জয় লাভ কৰিছে। এই জয়ৰ ফলত সমষ্টিত ৰাজনৈতিক ভাৰসাম্য মিত্ৰজোঁটৰ দিশে সলনি হৈছে। এই ফলাফলে অহা দিনত মিত্ৰজোঁটক অঞ্চলটোত অধিক সক্ৰিয়তা আৰু উন্নয়নমূলক কাম-কাজৰ পথ মুকলি কৰি দিব বুলি আশা কৰা হৈছে।

  

এইবাৰ পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাৰ্থীসকল ক্ৰমে-  ২০ নং জয়ৰামকুছিৰ প্ৰেমাজুলি ৰাভা (বিজেপি সমৰ্থিত), ২৩ নং খালিহাকোঠৰ নগৰমল স্বৰ্গীয়াৰী (যৌথ সংগ্ৰাম সমিতি) আৰু ২৫ নং হাহিমৰ সোণাৰাম ৰাভা (যৌথ সংগ্ৰাম সমিতি) । এই জয়ে NDA-ৰ ওপৰত থকা দৃঢ় জনসমৰ্থনৰ প্ৰতিফলন কৰে। 

 

এইবাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত NDA আৰু যৌথ সংগ্ৰাম সমিতিয়ে এক প্ৰকাৰ কংগ্ৰেছ মুক্ত পৰিষদ গঠন কৰা বুলি কলে বঢ়াই কোৱা যেন নালাগিব । মিত্ৰজোঁটৰ এই বৃহৎ জয়ই অঞ্চলটোত এক নতুন অধ্যায় আৰম্ভ কৰিছে। কংগ্ৰেছৰ বাবে এইবাৰ নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক, আৰু তেওঁলোকে ভবিষ্যতৰ বাবে নিজৰ সংগঠন, জনসংযোগ আৰু ৰণনীতি পুনৰ পৰ্যালোচনা কৰিব লাগিব বুলি বিশ্লেষকৰ মত প্ৰকাশ কৰিছে। 

 

এই ফলাফলে ৰাভা হাছং পৰিষদত নতুন নেতৃত্বৰ অধীনত অধিক উন্নয়নমূলক কাৰ্যসূচী আৰু জনমুখী নীতি প্ৰৱৰ্তনৰ আশাও বৃদ্ধি কৰিছে। বিশেষকৈ, যুৱ আৰু মহিলা সমাজৰ অংশগ্ৰহণ আৰু ভোট প্ৰদান এই জয়ৰ ক্ষেত্ৰত এক মুখ্য কাৰক হিচাপে বিবেচিত হৈছে। আগন্তুক দিনত দলটোৱে জনতাৰ আশা-আকাঙ্খা পূৰণ কৰিবলৈ অধিক দায়িত্বশীলতা, স্বচ্ছতা আৰু জবাবদিহিতাৰে কাম কৰাৰ প্ৰয়োজন হ’ব। 

 

এই নিৰ্বাচনী ফলাফল মাত্ৰ এটা ৰাজনৈতিক জয় নহয়, এইটো হৈছে জনতাৰ আশা, ভৱিষ্যত উন্নয়ন আৰু গণতান্ত্ৰিক সদিচ্ছাৰ এক প্ৰতিফলন।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: