Tuesday, April 1, 2025

১ এপ্ৰিলৰ পৰা এলপিজিৰ পৰা ইউপিআইলৈ সলনি হৈছে কেইবাটাও নিয়ম

 ১ এপ্ৰিলৰ পৰা এলপিজিৰ পৰা ইউপিআইলৈ সলনি হৈছে কেইবাটাও নিয়ম 

নেচনেল ডেস্ক, ১এপ্ৰিলঃ আজি ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন বিত্তীয় বৰ্ষ। এল পি জি চিলিণ্ডাৰৰ পৰা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ইউ পি আই ইত্যাদিলৈ একাধিক নিয়মৰ পৰিৱৰ্তন হ’ব, যাৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰিব। ইয়াৰ ফলত আপোনাৰ পকেটতো হেঁচা পৰিব। কি পৰিৱৰ্তন আহি আছে চাওঁ আহক।

প্ৰথমে ইউ পি আইৰ কথা কওঁ। সূত্ৰ অনুসৰি দীৰ্ঘদিন ধৰি সক্ৰিয় নোহোৱা মোবাইল নম্বৰৰ সৈতে জড়িত ইউপিআই আইডিসমূহ বেংকৰ ৰেকৰ্ডৰ পৰা ডিলিট হ’ব পাৰে। ফলত যদি সেই নম্বৰটো নতুন গ্ৰাহকক দিয়া হয়, তেন্তে তেওঁলোকে ইউপিআই ব্যৱহাৰ কৰিব নোৱাৰিব। আকৌ, কিছুমান ইউপিআই সেৱা উপলব্ধ নহ’বও পাৰে।

দ্বিতীয়তে, ৰন্ধন গেছৰ দামৰ কথা কওঁ। তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰে। ১ এপ্ৰিলতো ইয়াৰ ব্যতিক্ৰম নহ’ব। বিগত কেইমাহমানৰ পৰা এল পি জি চিলিণ্ডাৰৰ দাম একেই আছে। অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত কেইবা বাৰো পৰিৱৰ্তন কৰা হৈছে। আজিৰ পৰা এল পি জি চিলিণ্ডাৰৰ মূল্যও সলনি হ’ব পাৰে।

তৃতীয়তে, ১ এপ্ৰিলৰ পৰা আয়কৰৰ নিয়মৰ কেইবাটাও পৰিৱৰ্তন হ’ব। ২০২৫ চনৰ বাজেটত আয়কৰৰ সীমা বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া কৰ স্লেব, টিডিএছ, কৰ ৰেহাইৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। চতুৰ্থতে, বেংকৰ নূন্যতম বেলেঞ্চো সংশোধন কৰা হ’ব পাৰে। জানিব পৰা মতে, ভাৰতীয় ষ্টেট বেংককে ধৰি কেইবাটাও বেংকে গ্ৰাহকৰ চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চ সন্দৰ্ভত নিয়ম সলনি কৰিবলৈ ওলাইছে। নূন্যতম বেলেঞ্চৰ বাবে নতুন সীমা নিৰ্ধাৰণ কৰিব পাৰি, যিটো ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। যদি নিৰ্দিষ্ট পৰিমাণৰ ধন সঞ্চয় একাউণ্টত নাথাকে তেন্তে জৰিমনাও আৰোপ কৰিব পাৰি।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: