বাংলাদেশ বংগোপসাগৰৰ ‘ৰক্ষক’! ইউনুছৰ মন্তব্যক লৈ ক্ষুব্ধ অসমৰ মুখ্যমন্ত্ৰী
নেচনেল ডেস্ক, ১এপ্ৰিলঃ চীন ভ্ৰমণৰ সময়ত উত্তৰ-পূব ভাৰতৰ ভৌগোলিক অৱস্থান সম্পৰ্কে মহম্মদ ইউনুছে কৰা মন্তব্যক ভাৰতে ভালদৰে গ্ৰহণ কৰা নাই। যদিও এই বিষয়ত কেন্দ্রই ৰাজহুৱাভাৱে একো কোৱা নাই যদিও অসমৰ মুখ্যমন্ত্রী তথা বিজেপি নেতা হিমন্ত বিশ্ব শর্মাই মাত মাতিছে৷ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে কৰা মন্তব্যক গৰিহণা দি হিমন্তই ছ’চিয়েল মিডিয়াত লিখিছে, “মহম্মদ ইউনুছৰ এনে উচটনিমূলক মন্তব্যক সহজভাৱে লোৱা হোৱা নহ'ব।”
ইউনুছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জনাই হিমন্তই ‘চিকেন নেক’ বা শিলিগুৰি কৰিডৰৰ উপৰিও উত্তৰ-পূব ভাৰতক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ স্থাপনৰ বাবে বিকল্প পথ নিৰ্মাণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ-পূব ভাৰতক ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰাৰ প্ৰয়াস কৰা হৈছে। এনে পৰিস্থিতিত তেওঁ কেৱল শিলিগুৰি কৰিড’ৰৰ কাষেৰেই নহয় ইয়াৰ কাষৰীয়া অঞ্চলতো অধিক নিবিড় ৰে’ল আৰু পথ সংযোগৰ দাবী জনায়।
যোৱা সপ্তাহত চাৰিদিনীয়া চীন ভ্ৰমণলৈ গৈছিল ইউনুছে। তাতেই তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰে। তেওঁ চীনক বাংলাদেশত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। সেই উৎসৰ পৰাই তেওঁ বাংলাদেশৰ ভৌগোলিক অৱস্থানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, "বাংলাদেশেই সাগৰৰ (বংগ উপসাগৰ) একমাত্ৰ ৰক্ষক।" চীন আৰু বাংলাদেশৰ সীমান্তৱৰ্তী লাগি থকা উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ ভৌগোলিক অৱস্থানৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ আৰু কয়, "ভাৰতৰ পূব অংশৰ সাতখন ৰাজ্যক সাত ভনী বুলি কোৱা হয়। ইহঁত স্থলপথতে আবদ্ধ। ইহঁতৰ সাগৰত প্ৰৱেশৰ কোনো সুবিধা নাই।"
ইউনুছে স্পষ্ট কৰি দিয়ে যে এই ভৌগোলিক অৱস্থানৰ বাবে চীনে বংগোপসাগৰত অৰ্থনৈতিক কাৰ্যকলাপ সম্প্ৰসাৰণৰ “বৃহৎ সুযোগ” লাভ কৰিব। ইতিমধ্যেই প্ৰশ্ন উত্থাপন হৈছে যে ইউনুছে নিজৰ দেশলৈ চীনৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ ভাৰতৰ বিষয়টো কিয় উত্থাপন কৰিলে।
উল্লেখ্য যে, আকৃতিগত সাদৃশ্যৰ বাবে এই সংকীৰ্ণ শিলিগুৰি কৰিড’ৰটোক ‘চিকেন নেক’ বুলি কোৱা হয়। উত্তৰ বংগত অৱস্থিত এই ‘চিকেন নেক’ৰ দৈৰ্ঘ্য মাত্ৰ ২০ কিলোমিটাৰ। এই কৰিড’ৰটোৱেই হৈছে ভাৰতৰ মূল ভূখণ্ডৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ যোৱাৰ দুৱাৰ৷ এই কৰিডৰৰ এফালে নেপাল, আৰু আনফালে বাংলাদেশ। এই গুৰুত্বপূৰ্ণ ‘চিকেন নেক’ ৰ পৰা ভূটান আৰু চীন বহু দূৰত নহয়।
0 coment rios: