Wednesday, April 2, 2025

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা: দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট

 পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা: দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট

বি. চি ডেস্ক, ২এপ্ৰিলঃ অৱশেষত ঘোষণা হ’ল বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এক সংবাদমেলত এই ঘোষণা কৰে। তেওঁ জনায় যে এইবাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ হ’ব, আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত। ৰাজ্যজুৰি ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে। লগতে ভোটকেন্দ্ৰসমূহ পৰীক্ষা কৰি নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে।

এইবাৰ ভোটদান সম্পূৰ্ণৰূপে বেলট পেপাৰৰ জৰিয়তে হ’ব, যি আগৰ ইভিএম পদ্ধতিৰ পৰা এক ব্যতিক্ৰম। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ভোটগ্ৰহণ ২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহ অন্তৰ্ভুক্ত থাকিব, য’ত বহু প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিলৰ প্ৰস্তুতি লৈছে। দ্বিতীয় পৰ্যায়ত নামনি অসমৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, য’ত বহু কেইটা গুৰুত্বপূৰ্ণ পঞ্চায়ত অন্তৰ্ভুক্ত। ১১ মে’ত ভোট গণনা সম্পন্ন হ’ব, আৰু তাৰ পাছত আনুষ্ঠানিকভাৱে বিজয়ী প্ৰাৰ্থী ঘোষণা কৰা হ’ব।

ভোটগ্ৰহণৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ৩.৩০ বজালৈ থাকিব। ভোট প্ৰদানৰ হাৰ অনলাইনযোগে জনিব পৰা যাব। নিৰ্বাচন আয়োগৰ মতে, ভোটদাতাসকলে নিজ নিজ ভোটকেন্দ্ৰৰ বিষয়ে অনলাইনযোগে তথ্য লাভ কৰিব পাৰিব। ভোটদান প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসনে নিৰ্দিষ্ট এলেকাবোৰত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ কৰিছে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী, য’ত প্ৰায় ৯০ লাখ পুৰুষ আৰু ৮৯ লাখ মহিলা ভোটাৰ আছে। তদুপৰি, প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰৰ সংখ্যা লক্ষাধিক হ’ব বুলি আশা কৰা হৈছে। নিৰ্বাচন আয়োগৰ মতে, ভোটদাতাসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ অধিক আগ্ৰহী।

এইবাৰ নিৰ্বাচনত কোনো দলীয় চিহ্ন নাথাকিব, যাৰ ফলত প্ৰাৰ্থীৰ ব্যক্তিগত জনপ্রিয়তা আৰু কামৰ ওপৰত ভোট নিৰ্ভৰ কৰিব। লগতে পঞ্চায়তৰ সভাপতিৰ বাবে কোনো প্ৰত্যক্ষ নিৰ্বাচন নহ’ব; নিৰ্বাচিত সদস্যসকলে সভাপতি বাছনি কৰিব। এই ব্যৱস্থাৰ দ্বাৰা স্থিৰ আৰু সুসংহত পঞ্চায়ত পৰিচালনা নিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে।

পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে দল-সংগঠনসমূহ সাজু হৈছে। শাসকীয় আৰু বিৰোধী পক্ষসমূহে জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিশেষকৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচনৰ ফলাফলই ৰাজনৈতিক দলসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ। একাধিক দল জনগণক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে। বিশ্লেষকৰ মতে, এই নিৰ্বাচনৰ ফলাফল আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: