Wednesday, April 2, 2025

বেদখলৰ কবলত দেশৰ ১৩,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক বনাঞ্চল

 বেদখলৰ কবলত দেশৰ ১৩,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক বনাঞ্চল

বি. চি ডেস্ক, ২এপ্ৰিলঃ সমগ্ৰ দেশৰ ২৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৩,০০০ বৰ্গ কিলোমিটাৰৰো অধিক বনাঞ্চল বেদখলৰ কবলত পৰিছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য মতে দিল্লী, ছিকিম আৰু গোৱাৰ মুঠ ভৌগলিক ক্ষেত্ৰক যদি একলগ কৰা হয়, তেন্তে বেদখলকৃত ভূমিৰ পৰিমাণ তাতোকৈও অধিক হ’ব ।  

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ২০২৩ চনত দিয়া নিৰ্দেশ অনুসৰি, ৰাজ্যবোৰে বনাঞ্চল বেদখল সম্পৰ্কীয় তথ্য প্ৰদান কৰিছে। এতিয়ালৈকে ২৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা তথ্য আহিছে, য’ত মুঠ ১৩,০৫৬ বৰ্গ কিলোমিটাৰ বনভূমি বেদখল হৈছে। বিশেষজ্ঞসকলৰ মতে, বনাঞ্চল বেদখলৰ মুখ্য কাৰণ হৈছে জনসংখ্যা বৃদ্ধি, নগৰায়ণ, শিল্পায়ন, আৰু অবৈধ বসতি স্থাপন। বহু ঠাইত স্থানীয় গাঁওবাসী বা উপজাতীয় লোকসকলে বনাঞ্চলক চাষযোগ্য ভূমিৰ ৰূপত ব্যৱহাৰ কৰি আহিছে। কিছুমান ঠাইত গছ কাটি নতুন বসতি স্থাপন কৰা হৈছে। তাৰসমান্তৰাল কৈ কিছুমান অঞ্চলত ভূমি মাফিয়া সক্ৰিয় হৈ আছে, যি অবৈধভাৱে বনাঞ্চল দখল কৰি কৃষি বা বাণিজ্যিক ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিছে।  

এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে- আন্দামান আৰু নিকোবৰ দীপপুঞ্জ, অসম, অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, চণ্ডীগড়, দাদৰ আৰু নগৰ হাভেলি, দমন আৰু দিউ, কেৰালা, লক্ষ্যদ্বীপ, মহাৰাষ্ট্ৰ, ওড়িশা, পুডুচেৰী, পঞ্জাৱ, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ছিকিম, মধ্যপ্ৰদেশ, মিজোৰাম আৰু মণিপুৰ । তথ্য অনুসৰি মধ্যপ্ৰদেশৰ ৫,৪৬০.৯ বৰ্গ কিমি, অসমৰ ৩,৬২০.৯ বৰ্গ কিমি, কৰ্ণাটকৰ ৮৬৩.০৮ বৰ্গ কিমি, মহাৰাষ্ট্ৰৰ ৫৭৫.৫৪ বৰ্গ কিমি, অৰুণাচল প্ৰদেশৰ ৫৩৪.৯ বৰ্গ কিমি আৰু উৰিষ্যাৰ ৪০৫.০৭ বৰ্গ কিমি বনাঞ্চল বেদখলৰ প্ৰভাৱত পৰিছে । 

বনাঞ্চল বেদখল হোৱাৰ ফলত প্ৰাকৃতিক জীৱবৈচিত্ৰ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে। বহুতো হিংস্ৰ জন্তু, যেনে হাতী, বাঘ, ৰইন, আদিয়ে জীৱন সংকটৰ সন্মুখীন হৈছে। হাতী আৰু মানুহৰ সংঘৰ্ষ বৃদ্ধি পাইছে, যাৰ ফলত বছৰে বহুতো লোক হতাহত হয়। গছ-গছনি কটা হোৱাৰ ফলত মাটিৰ ক্ষয় বৃদ্ধি পাইছে, যাৰ ফলত বানপানীৰ পৰিমাণো বাঢ়িছে। বায়ু দূষণ বৃদ্ধি পোৱাৰ লগতে জলবায়ুৰ পৰিবর্তনৰ প্ৰভাৱো পৰিছে। বনাঞ্চল ধ্বংসৰ ফলত বৃষ্টিপাতৰ পৰিমাণো কমি আহিছে।  

বিহাৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, ৰাজস্থান, তেলাংগানা, পশ্চিম বংগ, নাগালেণ্ড, দিল্লী, জম্মু-কাশ্মীৰ আৰু লাডাখে এতিয়াও বনাঞ্চল বেদখলৰ তথ্য দাখিল কৰা নাই।  

এই ৰাজ্যবোৰে এতিয়াও তথ্য দাখিল নকৰাৰ বাবে, ভাৰত চৰকাৰে বিশেষভাৱে এই অঞ্চলসমূহৰ বনাঞ্চল সংৰক্ষণৰ বাবে নতুন নীতি গ্রহণ কৰাৰ প্ৰস্তুতি চলাইছে। বিশেষজ্ঞসকলে কৈছে যে চৰকাৰে যদি কঠোৰ পদক্ষেপ নলয়, তেন্তে অহা কেইবাবছৰৰ ভিতৰত দেশৰ বনাঞ্চলৰ বৃহৎ অংশ বিনষ্ট হ’ব। চৰকাৰে লগতে ই-সুৰক্ষা প্লেটফৰ্মৰ দ্বাৰা বনাঞ্চল বেদখলৰ ওপৰত দৃষ্টি ৰাখিবলৈ পৰিকল্পনা কৰিছে।  

বনাঞ্চল সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ কৌশল অবলম্বন কৰিব লাগিব। ইয়াৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ কিছুমান পদক্ষেপ গ্ৰহন কৰিব লাগিব । চৰকাৰে অবৈধ বসতি উচ্ছেদ কৰাৰ বাবে কড়া ব্যৱস্থা হাতত ল'ব লাগিব । স্থানীয় লোকসকলক বন সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনাই বনাঞ্চল সংৰক্ষণৰ আইন শক্তিশালী কৰি দণ্ডবিধান বৃদ্ধি কৰা কৰিব গাগিব । যিসকলে অবৈধভাৱে বনভূমি দখল কৰিছে, সেইবোৰ পুনৰ উদ্ধাৰ কৰি গছ ৰোপণ কৰা উচিত। আধুনিক প্ৰযুক্তিৰ সহায় লৈ বনাঞ্চল বেদখলৰ ওপৰত দৃশ্যমান নিয়ন্ত্ৰণ ৰখাৰ লগতে যিসকল লোক বনাঞ্চলত বাস কৰি আহিছে, তেওঁলোকৰ বাবে বিকল্প বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব।  

মন্ত্ৰণালয়ে এই সমস্যা সমাধানৰ বাবে ৰাজ্যসমূহক একাধিকবাৰ পত্ৰ প্ৰেৰণ কৰিছে। বৰ্তমানলৈকে ৪০৯.৭৭ বৰ্গ কিমি বনভূমিৰ পৰা বেদখল আঁতৰোৱা হৈছে, কিন্তু এই তথ্য সম্পূৰ্ণ স্পষ্ট নহয়। চৰকাৰে অহা বছৰৰ ভিতৰত এই সংখ্যা অধিক বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। চৰকাৰে আগন্তুক বছৰত ১০০০ বৰ্গ কিমি বনভূমি পুনৰ উদ্ধাৰৰ লক্ষ্য স্থিৰ কৰিছে আৰু তাৰ বাবে নতুন আইনী নীতি গ্ৰহণ কৰা হ'ব।  

বিশেষজ্ঞসকলৰ মতে, যদিহে এই সংকটৰ যথাযথ সমাধান কৰা নহয়, তেন্তে দীৰ্ঘম্যাদীভাৱে ইয়াৰ পৰিৱেশগত আৰু জীৱবৈচিত্ৰ্যৰ ওপৰত অতি ভয়ংকৰ প্ৰভাৱ পৰিব। অধিক সংখ্যক প্ৰাণীসমূহ নিজৰ বাসস্থান হেৰুৱাব, যাৰ ফলত হাতী-মানুহ সংঘৰ্ষ বৃদ্ধি পাব। বনাঞ্চল বেদখল ৰোধ কৰাৰ বাবে চৰকাৰে এখন উচ্চ পৰ্যায়ের সমিতি গঠন কৰাৰো পৰিকল্পনা কৰিছে, যি এই ক্ষেত্ৰত বিশেষভাৱে কাম কৰিব।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: