Sunday, April 6, 2025

১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ, আন্দোলন অব্যাহত থাকিব কৃষক নেতা ডাল্লেৱাল

 ১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ, আন্দোলন অব্যাহত থাকিব কৃষক নেতা ডাল্লেৱাল 

অৱশেষত ১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ কৰিলে কৃষক নেতা জগজিৎ সিং ডাল্লেৱালে। দেওবাৰে এই সিদ্ধান্ত ঘোষণা কৰে প্ৰবীণ কৃষক নেতাগৰাকীয়ে।

নেচনেল ডেস্ক, ৬এপ্ৰিলঃ অৱশেষত ১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ কৰিলে কৃষক নেতা জগজিৎ সিং ডালেৱালে। দেওবাৰে এই সিদ্ধান্ত ঘোষণা কৰে প্ৰবীণ কৃষক নেতাগৰাকীয়ে। যদিও তেওঁ অনশন প্রত্যাহাৰ কৰা বুলি কয়, তথাপিও তেওঁ আন্দোলন পৰিত্যাগ কৰা নাই। আগৰ দৰেই চলি থাকিব আন্দোলন । শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি বিভিন্ন বিষয়ত প্ৰতিবাদ কৰা কৃষকসকলৰ সমৰ্থনত যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰাই অনশন আৰম্ভ কৰিছিল ডাল্লেৱালে।

আজিৰ দিনটোতে ফতেহপুৰ চাহাব জিলাৰ ছিৰহিন্দত কিষাণ মহাপঞ্চায়ত আহ্বান কৰা হয়। তাতে ডাল্লেৱালৰ অনশন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সভাত এই জ্যেষ্ঠ কৃষক নেতা গৰাকীয়ে কয় যে, "আপুনি মোক মোৰ অনশন প্ৰত্যাহাৰ কৰিবলৈ কৈছে।" আপোনাৰ সিদ্ধান্তক মই সন্মান কৰো। আপোনাৰ নিৰ্দেশবোৰ আমি মূৰপাতি লৈছো। "অনশন প্রত্যাহাৰ হ'লেও আন্দোলন বন্ধ নহ'ব।"

প্ৰতিবাদকাৰী কৃষক নেতা ডাল্লেৱালক শনিবাৰে অনশন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰই পুনৰবাৰ অনুৰোধ জনায়। তেওঁৰ শাৰীৰিক অৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল। চৰকাৰে কয় যে বিভিন্ন দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা কৃষক নেতৃত্বৰ সৈতে আলোচনা চলি আছে। পৰৱৰ্তী বৈঠক ৪ মে’ত অনুস্থিত হ'ব।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: