Friday, August 29, 2025

অমিত শ্বাহে খানাপাৰাৰ খেলপথাৰৰ পৰা বজালে ২০২৬ৰ নিৰ্বাচনী ৰণডংকা

 অমিত শ্বাহে খানাপাৰাৰ খেলপথাৰৰ পৰা বজালে ২০২৬ৰ নিৰ্বাচনী ৰণডংকা 

বি. চি ডেস্ক, ২৯ আগষ্টঃগুৱাহাটীৰ খানাপাৰা খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত এক বিশাল সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সংকেত দিলে। এনডিএৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ এই সমাৱেশত বিজেপিৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সংকল্প গ্ৰহণ কৰে। কেৱল ২০২৬ৰ কথাই নহয়, "বাৰে বাৰে বিজেপিৰ চৰকাৰ" গঠনৰ প্ৰতিশ্ৰুতিৰে সন্মিলনখন উত্তাল হৈ পৰে।

সম্বোধনত অমিত শ্বাহে কয় যে অসমত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাই কংগ্ৰেছক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰি দিছে। বিগত ১১ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূৰ্ব ভাৰতত শান্তি আৰু বিকাশৰ নতুন অধ্যায় আৰম্ভ কৰিছে। অসমৰ ভাষা, সংস্কৃতি আৰু কলাৰ সন্মান বৃদ্ধি কৰা হৈছে, যাৰ ফলস্বৰূপে দুবাৰ এনডিএ চৰকাৰ গঠিত হৈছে। পঞ্চায়তৰ পৰা সংসদলৈ বিজয়ৰ যাত্ৰা অব্যাহত আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মোদী চৰকাৰৰ বিকাশৰ যোজনাসমূহক গাঁৱে-গাঁৱে প্ৰসাৰিত কৰিছে, যাৰ পৰিণামত বিজেপি বাৰম্বাৰ জয়ী হৈ আহিছে।

বিজেপি চৰকাৰৰ কৃতিত্বৰ কথা উল্লেখ কৰি শ্বাহে কয় যে মহাবীৰ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্তৰত সন্মানিত কৰা হৈছে আৰু দিল্লীত তেওঁৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপিত হৈছে। ২৩টা ভাষাত তেওঁৰ জীৱনী প্ৰকাশিত হৈছে। শংকৰদেৱ আৰু মাধৱদেৱৰ সত্ৰসমূহক বেদখলমুক্ত কৰি সুৰক্ষিত কৰা হৈছে। বিহুক দেশ-বিদেশত পৰিচিত কৰা হৈছে, আৰু মাজুলী তথা কাজিৰঙাই বিশ্বমঞ্চত স্থান লাভ কৰিছে।

কংগ্ৰেছে অসমক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি শ্বাহে কয় যে বিজেপিয়ে অসমক বিকাশৰ নতুন গতি প্ৰদান কৰিছে। বহুকেই খন শান্তি চুক্তিৰ জৰিয়তে ১০ হাজাৰতকৈও অধিক যুৱক মূলসূঁতিলৈ ঘূৰি আহিছে। উত্তৰ-পূৰ্বত শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত ৬খন নতুন দলং নিৰ্মিত হৈছে। 'এডভাণ্টেজ অসম'ৰ যোগেদি ৫.১৪ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত হৈছে, যাৰে ১.৪০ লাখ কোটি টকা বাস্তৱায়িত হৈছে। এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ১.৩১ লাখ নিযুক্তি দিয়া হৈছে, আৰু সকলো স্বচ্ছতাৰে কৰা হৈছে। আগন্তুক নিৰ্বাচনৰ আগতে ডেৰ লাখ নিযুক্তি দিয়াৰ আশা প্ৰকাশ কৰিছে শ্বাহে।

অনুপ্ৰবেশ আৰু বাল্যবিবাহৰ প্ৰসংগত শ্বাহে কয় যে হিমন্ত চৰকাৰে বাল্যবিবাহ ৰোধত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দোষীসকলক জে'ললৈ পঠিয়াইছে। লগতে নাবালিকাসকলৰ শিক্ষাৰ বাবে বিশেষ আঁচনি আৰম্ভ কৰা হৈছে। লক্ষাধিক একৰ ভূমি বেদখলমুক্ত কৰা হৈছে, যাৰ ১,১৯,৫৪৮ একৰ ইতিমধ্যে মুক্ত কৰা হৈছে। কংগ্ৰেছৰ সময়ত দখল হোৱা সত্ৰৰ ভূমিসমূহকো মুক্ত কৰি সন্মান ৰক্ষা কৰা হৈছে। গৌৰৱ গগৈৰ দৰে নেতাৰ বিৰোধিতা সত্ত্বেও এই কাম অব্যাহত ৰাখা হৈছে।

শ্বাহে লগতে কয় যে মোদী চৰকাৰে উত্তৰ-পূৰ্বত শান্তি আৰু বিকাশৰ জৰিয়তে বিশ্বাসৰ পৰিৱেশ গঢ়ি তুলিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যেনে 'অপাৰেশ্যন সেন্দূৰ' আৰু 'অপাৰেশ্যন মহাদেৱ'ৰ জৰিয়তে সন্ত্ৰাসবাদীসকলক উচিত শিক্ষা দিয়া হৈছে।

আগন্তুক নিৰ্বাচনৰ কথা কৈ শ্বাহে দাবী কৰে যে অসমত তৃতীয়বাৰ এনডিএ চৰকাৰ গঠিত হ'ব। আৰু তাৰ বিপৰীতে কংগ্ৰেছ যুগৰ অৱসান ঘটিব। অনুপ্ৰবেশক প্ৰশ্ৰয় দিয়া আৰু ভ্ৰষ্টাচাৰী নেতৃত্বই অসমক নেতৃত্ব দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিকাশৰ নতুন যুগত প্ৰৱেশ কৰিছে। পঞ্চায়ত প্ৰতিনিধিসকলে "বাৰে বাৰে বিজেপি চৰকাৰ" গঠনৰ সংকল্প ল'ব লাগিব।

সন্মিলনত অমিত শ্বাহক অসমৰ সংস্কৃতিৰ প্ৰতীক হেংদাং আৰু ভোৰতাল প্ৰদান কৰা হয়। তেওঁ তিনিখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা, কেশৱ মহন্ত আদি উপস্থিত আছিল। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে।

প্ৰায় ২০ হাজাৰ পঞ্চায়ত প্ৰতিনিধি উপস্থিত থকা এই সন্মিলনত বিজেপিৰ ১৬ হাজাৰতকৈ অধিক আৰু অগপৰ ১৫০০তকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। লগতে কাৰ্বি, ডিমাছা আদি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিসকলো উপস্থিত আছিল।

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা শ্বাহে বিজেপিৰ কাৰ্যালয়ত এক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নৱনিৰ্মিত ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: