Thursday, August 28, 2025

গৌৰৱ গগৈৰ বিজেপিক তীব্ৰ সমালোচনা: দলটোত 'গৰুচোৰ'ৰ লগতে 'ভোট চোৰ' আছে!

 গৌৰৱ গগৈৰ বিজেপিক তীব্ৰ সমালোচনা: দলটোত 'গৰুচোৰ'ৰ লগতে 'ভোট চোৰ' আছে!

বি. চি ডেস্ক, ২৮ আগষ্টঃ শিৱসাগৰৰ এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰিছে। "ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে বিজেপি দলৰ বিৰূদ্ধে 'ভোট চোৰ' প্ৰসংগ উত্থাপন কৰি আহিছে । এই অভিযোগক ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্বসহকাৰে লোৱাৰ সলনি বিজেপি দলৰ মুখপাত্ৰৰ দৰে কাম কৰিছে ।" এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ । গগৈয়ে স্পষ্টকৈ কয়, "বিজেপিত কেৱল 'গৰুচোৰ' নাই, 'ভোট চোৰো' আছে।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থৰক্ষক বুলি অভিহিত কৰি গগৈয়ে কয় যে, তেওঁ আম্বানী-আদানীৰ দৰে ব্যক্তিক অসমৰ মাটি প্ৰদান কৰাৰ লগতে নিজৰ পৰিয়ালৰ স্বাৰ্থত ব্যস্ত। ছিণ্ডিকেট চক্ৰৰ লাভালাভতো তেওঁ জড়িত বুলি অভিযোগ উত্থাপন কৰে গগৈয়ে। তেওঁৰ দাবী, "হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নতি হৈছে, কিন্তু অসমৰ কোনো নাগৰিক বা ৰাজ্য খনৰ প্ৰকৃততে মুঠেই উন্নয়ন হোৱা নাই।"

অসমৰ উন্নয়নৰ প্ৰসংগত গগৈয়ে তথ্য দাঙি ধৰি কয় যে, মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিব বুলি দাবী কৰিলেও, বাস্তৱত অসমে শেষৰ পাঁচখন ৰাজ্যৰ ভিতৰত পৰিছে। শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত অসমৰ সৰ্বভাৰতীয় স্থান অতি নিম্নমানৰ। উত্তৰ-পূবৰ ১১০ খন জিলাৰ ভিতৰত অসমৰ ডিব্ৰুগড় জিলাই ১৮ নং স্থান লাভ কৰি অসমৰ শীৰ্ষ জিলা হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে তেওঁ।

২০২৬ চনৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ কথা কবলৈ গৈ গগৈয়ে জানায় যে, আগন্তুক দিনত বিৰোধী দলসমূহৰ সৈতে আলোচনা কৰি মিত্ৰতা গঢ়ি তুলিব। 'ভোট চুৰি' ৰোধৰ বাবে কংগ্ৰেছে বুথ লেভেলত এজেণ্ট নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অখিল গগৈক উদ্দেশ্যি তেওঁ কয়, "মিত্ৰতাৰ কথা কওঁতে সংযমী হওঁক, প্ৰতিদিনে বেলেগ কথা ক'লে ৰাইজৰ আস্থা হেৰুৱাব।"

ছৈয়দা হামিদৰ মন্তব্যৰ প্ৰত্যুত্তৰত গগৈয়ে কয় যে, তেওঁ অসম চুক্তি আৰু অসমৰ ইতিহাসৰ বিষয়ত নাজানে । বিজেপিয়ে অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰিছে আৰু দলটো নিজৰ ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰিছে। উজনি অসমত মিঞা খেদা আন্দোলনৰ প্ৰসংগত তেওঁ কয়, সন্দেহযুক্ত নাগৰিকৰ বিতাড়ন সংবিধানৰ গণ্ডীত থাকি হ'ব লাগিব, কোনো দল বা সংগঠনে এই কাম নিজৰ হাতত লোৱা অনুচিত। শিৱসাগৰৰ নাগৰিক সভাৰ প্ৰশংসা কৰি তেওঁ কয় যে, নাগৰিক সমাজে সময়োচিত সিদ্ধান্ত লৈছে আৰু তাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

এই সংবাদমেলে অসমৰ ৰাজনৈতিক পৰিৱেশত নতুন ঢৌৰ সৃষ্টি কৰিছে, য'ত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমালোচনা তীব্ৰতৰ হৈ উঠিছে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: