Wednesday, October 30, 2024

দীঘলীপুখুৰীত ‘দীঘলীপুখুৰী বচাওক’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী

 

দীঘলীপুখুৰীত দীঘলীপুখুৰী বচাওকশীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী

বিকল্প চিন্তা, ২৯ অক্টোবৰ: গছ থাকিলেহে মানুহ থাকিব, কাগজত লিখা বাক্য যেন কাগজতেই থাকি গ’ল । উন্নয়নৰ দোহায় দি সকলোৰে আৱেগ জড়িত হৈ থকা দীঘলীপুখুৰীৰ পাৰৰ ২৮ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ধাৰাবাহিক গছ কটা হৈছে গুৱাহাটী মহানগৰীত উন্নয়নৰ নামত । এফালে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপন কৰা ১ কোটি ১২ লাখ গছপুলি আনফালে ৰূপায়ণ কৰা হৈছে বন ধবংস যজ্ঞ । এইবাৰ নাৰেংগীৰ পৰা ৰিজাৰ্ভ বেংকলৈ নিৰ্মাণ হবলগীয়া উৰণ সেতুৰ নামত কাটি পেলোৱা হব দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছসমূহ। যাৰ বাবে আজি দীঘলীপুখুৰীৰ পাৰত গছ কটা কাৰ্যৰ বিৰোধিতাৰে সচেতন নাগৰিকে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।                                            

বন ধ্বংস যজ্ঞ চলোৱাৰ বাবে পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হোৱাৰ উপৰিও ব্যাপক প্ৰদূষণৰ সৃষ্টি হৈছে। আমি জানো যে প্ৰকৃতিতকৈ উৰ্দ্ধ একো নাই। আজি গছ ৰোৱাটো, গছ সংৰক্ষণ কৰাটো কিমান বেছি প্ৰয়োজন সেয়া সকলোৰে জ্ঞাত। কিন্তু তথাপিও বছৰটোত কিমান গছ-গছনি কটা হয় তাৰ কোনো হিচাপ নাই। প্ৰখৰ ৰদত জিৰণি লবলৈ ছাঁ দিছে, ভূমি অৱক্ষয় ৰোধ আৰু প্ৰাকৃতিক পৰিবেশক সুৰক্ষা আৰু নিৰ্মল কৰি তোলে। মুঠতে গছে আমাক দিয়া নাই কি? এতিয়া প্ৰশ্ন উঠিছে গছ-গছনিয়ে আমাক অক্সিজেন দি জীয়াই ৰখা স্বত্বেও ইয়াক প্ৰতিপালনৰ ক্ষেত্ৰত আমি কিমানদূৰ দায়বদ্ধ ?

এজোপা বৃক্ষৰো হৰণ-ভগন সহ্য নকৰে মহানগৰবাসীয়ে। দীঘলীপুখুৰীৰ এই নিৰিবিলি পৰিবৱেশ ধ্বংস কৰাৰ বাবে প্ৰতিবাদত নামি পৰিছে সচেতন নাগৰিক সমাজ। বনজ সম্পদ আৰু মানৱ জীৱন পৰস্পৰে পৰস্পৰৰ পৰিপূৰক। অকল সৌন্দৰ্যবৰ্দ্ধন কৰাই নহয় মানৱ সমাজ তথা জীৱকুলক জীয়াই থকাত ইন্ধন যোগায়।

দীঘলীপুখুৰীৰ পাৰৰ গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীৰ অজস্ৰ নাগৰিক ৰাজপথলৈ ওলাই আহি দীঘলীপুখুৰীত দীঘলীপুখুৰী বচাওকশীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উৰণ সেতুৰ নামত দীঘলীপুখুৰীৰ গছ কাটিবলৈ নিদিয়ে বুলি হুংকাৰ দিছে ৰাইজে। এই গছবোৰ শ শ পক্ষীৰ আশ্ৰয়স্থল আৰু জিৰণি লোৱাৰ একমাত্ৰ স্থান। কাটিবলগীয়া গছবোৰত ইতিমধ্যে হালধীয়া চিহ্ন দিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষৰ।

ইয়াৰোপৰি সামাজিক মাধ্যমত গছ নাকাটিবলৈ একাংশই কৰিছে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান। কিয়নো স্মৃতি বিজৰিত এই ২৫ জোপা পুৰণি গছ কটাৰ কথা গম পাই তেওঁলোকৰ অন্তৰাত্মা কান্দি উঠিছে। উল্লেখ্য যে, দীঘলীপুখুৰীৰ পাৰত সুন্দৰকৈ চলি থকা সকলো দোকান সোমবাৰে উঠাই নিবলৈ আহে এক নিৰ্দেশনা। জিএমচিয়ে দীঘলীপুখুৰীৰ পাৰৰ দোকানসমূহ উঠাই নিবলৈ দিছে এই নিৰ্দেশ। এই নিদেৰ্শনা পোৱাৰ পিছতে ক্ষুদ্র ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ বহু থলুৱা যুৱক-যুৱতীয়ে সেই স্থানতে দোকান দি স্বাৱলম্বীতাৰ পথ বাছি লৈছিল লগতে উপাৰ্জন কৰা ধনেৰে নিজৰ ঘৰ চলাই আহিছিল।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: