ডিজিটেল গ্ৰেপ্তাৰৰ সন্ত্ৰাসঃ চাৰি মাহত দেশৰ লাখ লাখ লোকে হেৰালে ১২০ কোটি টকা
নেচনেল ডেস্ক, ২৯ অক্টোবৰ: ভাৰতৰ জনসাধাৰণ এতিয়া
চাইবাৰ জালিয়াতিৰ এক নতুন ধাৰাত চিকাৰ হৈ পৰিছে। মাত্ৰ চাৰি মাহতে ডিজিটেল
গ্ৰেপ্তাৰৰ ভাবুকি দি প্ৰৱঞ্চকসকলে সহজ সৰল ৰাইজৰ পৰা লুটিলে ১২০ কোটি টকা । বিষয়টো
ইমানেই আতংকজনক হৈ পৰিছে যে দেশৰ প্ৰধানমন্ত্ৰীয়ে খোদ জনসাধাৰণক সজাগ হ’বলৈ আহ্বান জনাব লগাত পৰিছে।
ভাৰতত দিনক দিনে
বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। দেশৰ চৰকাৰী চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পৰ্টেল (এনচিআৰপি)ৰ তথ্য অনুসৰি সমগ্ৰ ভাৰতত চাইবাৰ অপৰাধৰ সংখ্যা
দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০২১ চনত ৪ লাখ ৫০ হাজাৰ এনে অভিযোগ দাখিল কৰিছিল। ইয়াৰ
এবছৰৰ পাছত ২০২২ চনত ৯৫ লাখলৈ বৃদ্ধি পায়। ২০২৩ চনত এই সংখ্যা ১৫ লাখলৈ বৃদ্ধি পায়
। চলিত বৰ্ষৰ প্ৰথম চাৰি মাহত প্ৰায় ৭ লাখ ৫০ হাজাৰ অভিযোগ দাখিল কৰে।
এই নতুন ধৰণৰ
চাইবাৰ জালিয়াতিত প্ৰৱঞ্চকসকলে ভুৱা গোচৰৰ ভয়ত আৰক্ষী বা চোৰাংচোৱা সংস্থাৰ ৰূপ
লৈ এজন ব্যক্তিৰ কাষ চাপে। আনকি ভিডিঅ’ কলতো
প্ৰৱঞ্চকসকলে নিজকে আৰক্ষী বা চোৰাংচোৱা বিষয়া আৰু আঁৰত থানা সদৃশ পৰিৱেশ হিচাপে
ভুক্তভোগীৰ আগত দেখুৱাই আহিছে বুলি অভিযোগ আছে । লগতে ভিডিঅ’ কলত গোচৰ এটাৰ বিভিন্ন নথি দাখিল কৰে। কথাটো আৰু নিশ্চিত কৰিবলৈ কেতিয়াবা
আৰক্ষীৰ চাইৰেন বজাই দিয়া হয়। এনে নাটকৰ জৰিয়তে নিৰীহ মানুহক মানসিকভাৱে দুৰ্বল
কৰি বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে প্ৰৱঞ্চকসকলে।
প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে ‘মন কি বাত’ কাৰ্যসূচীত স্পষ্ট কৰি দিয়ে যে ডিজিটেল গ্ৰেপ্তাৰ বুলি কোনো কথা নাই আৰু
কোনো চৰকাৰী সংস্থাই ফোন বা ভিডিঅ’ কলৰ জৰিয়তে তদন্তৰ বাবে
যোগাযোগ নকৰে। তেওঁ ভুক্তভোগীসকলক ফোন কলৰ ৰেকৰ্ড আৰু প্ৰয়োজন হ’লে স্ক্ৰীণ ৰেকৰ্ড কৰিবলৈ পৰামৰ্শ দিয়ে। এনে ঘটনা সংঘটিত হ’লে নেশ্যনেল চাইবাৰ হেল্পলাইন অথবা স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল
কৰিবলৈ অনুৰোধ জনায়।
বিপুল জনসংখ্যাৰ
দেশ ভাৰতত এতিয়া বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধ সংঘটিত হৈছে। কেৱল চলিত বৰ্ষৰ প্ৰথম
চাৰি মাহত বিনিয়োগৰ উচ্চ লাভৰ প্ৰলোভনত চলিত বৰ্ষৰ প্ৰথম চাৰি মাহত ২২২ কোটি টকা
প্ৰতাৰণা কৰা হৈছে, বন্ধুত্বৰ এপৰ জালত ১৩ কোটি
টকা প্ৰতাৰণা কৰা হৈছে। ইয়াৰ উপৰিও শ্বেয়াৰ বজাৰৰ সৈতে জড়িত চাইবাৰ জালিয়াতিৰ
ফলত ১৪২০ কোটি টকা লোকচান হৈছে।
0 coment rios: