ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ নতুন অভিযোগ
নেচনেল ডেস্ক, ২৯ অক্টোবৰ: ভাৰতৰ শ্বেয়াৰ বজাৰ
নিয়ন্ত্ৰক ছেবিৰ মুৰব্বীৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিছে বিৰোধী নেতা ৰাহুল
গান্ধীয়ে। তেওঁ অভিযোগ কৰে যে ছেবিৰ মুৰব্বী মাধৱী পুৰি বুচে আইচিআইচি বেংকৰ পৰা
ধন লৈছে আৰু নিয়ন্ত্ৰকৰ নেতৃত্ব দি থকা অৱস্থাত তেওঁ পঞ্জীয়নবিহীন কোম্পানীসমূহৰ
শ্বেয়াৰ ক্ৰয় কৰিছিল।
ইকনমিক টাইমছৰ সূত্ৰ
অনুসৰি, ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া এক্সত এই
অভিযোগ কৰি এটা পোষ্টত প্ৰকাশ কৰে। একে সময়তে মাধৱী পুৰীয়ে প্ৰকৃততে নৰেন্দ্ৰ
মোডীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ ধন সুৰক্ষিত কৰি থকা বুলিও অভিযোগ উত্থাপন
কৰে। চৰকাৰে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সংবাদ মাধ্যমৰ বিৰুদ্ধেও
অভিযোগ কৰি ৰাহুলে কয় এই বিষয় তেওঁলোকেও কোনো প্ৰশ্ন কৰা নাই। লগতে কংগ্ৰেছে অভিযোগ কৰে যে চৰকাৰী
আঁচনিৰ ধন ষ্টাৰ্টআপৰ বাবে লাভ কৰা হৈছিল — যিটো কোম্পানীত
ছেবিৰ মুৰব্বী মাধৱী পুৰী বুচ অংশীদাৰ আছিল।
কংগ্ৰেছ নেতা ৰাহুল
গান্ধী আৰু পৱন খেৰাই অভিযোগ, মাধৱী পুৰীয়ে বিজেপি চৰকাৰক ব্লেকমেইলিং কৰিছে, এই
অভিযোগ বিভিন্ন শিল্পমহল পৰা আহিছে । তেওঁলোকে দাবী কৰে যে এটাৰ পিচত আন এটা
ঘটনাত অভিযুক্ত মাধৱী পুৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত
শ্বাহৰ আশীৰ্বাদপুস্ত হৈ বৰ্তি আছে, য’ত বহি তেওঁ
প্ৰতিষ্ঠান বোৰলৈ নমাই আনিছে। তাৰ বিনিময়ত তেওঁ আদানীয়ে
গোটক সেৱা আগবঢ়াই আহিছে। নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ আদানী গোটটোক সকলো অভিযোগৰ পৰা
মুক্ত হোৱাৰ পথ প্ৰশস্ত কৰি আহিছে তেওঁ ।
ৰাহুল গান্ধী আৰু
পৱন খেৰাই দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া প্ৰকল্পৰ পৰা
প্ৰেডিবল হেল্থ নামৰ এটা কোম্পানীয়ে ১ কোটি ৮৫ লাখ টকা লাভ কৰিছে। এই কোম্পানীত
মাধৱী পুৰীৰ অংশীদাৰিত্ব আছিল। এনেদৰে কৰদাতাৰ ধন অপচয় হৈছে বুলি অভিযোগ কৰে।
নেতা দুগৰাকীয়ে উত্থাপন
কৰা অভিযোগত কয় যে, এয়া মাধৱী কেলেংকাৰীতকৈও গভীৰ । চৰকাৰে কিয় তদন্ত আৰু
ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাহুলে। দুয়োৰে বাৰ্তা হ’ল মানুহৰ বিনিয়োগ সুৰক্ষাৰ দায়িত্বত থকাসকলে বৃহৎ কেলেংকাৰীত লিপ্ত
হৈছে। ছেবিৰ মুৰব্বী মাধৱী পুৰী আৰু তেওঁৰ স্বামীৰ আদানী ঔদ্যোগিক গোটত
অংশীদাৰিত্ব আছে বুলি অভিযোগ কৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে। এই অভিযোগৰ পিছতে ভাৰতৰ
ৰাজনীতিত নতুন আলোড়নৰ সৃষ্টি হয়।
এয়া শেষ নহয়,
তাৰ পিছত আৰু বহু অভিযোগ মাধৱী পুৰীৰ বিৰুদ্ধে। সৰ্ববৃহৎ অভিযোগৰ
অন্তত মাধৱী পুৰীয়ে বজাৰ নিয়ন্ত্ৰক পদৰ পৰা চীনা কোম্পানীৰ পঞ্জীয়নভুক্ত
শ্বেয়াৰত ৩৬.৯ কোটি টকা বিনিয়োগ কৰে। তেতিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম
ৰমেশে এই প্ৰশ্ন উত্থাপন কৰিলে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে
জানেনে? তাতোকৈ বেছি চীন-ভাৰতৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে
তেওঁ চীনৰ পুঁজিত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে, ভাৰতৰ
প্ৰধানমন্ত্ৰীয়ে সেই কথা জানেনে? তেওঁ ভাৰতৰ বাহিৰত
বিনিয়োগ কৰা তথ্য প্ৰকাশ কৰিছেনে? জয়ৰাম ৰমেশৰ এই দাবী,
ইয়াৰ পৰা বুজা যায় যে মাধৱী পুৰী স্বাৰ্থৰ সংঘাতৰ সৈতে জড়িত।
২০২২ চনৰ মাৰ্চ
মাহত মাধৱী পুৰীয়ে ছেবিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে
তেওঁ ছেবিৰ ৰেগুলেচন, ইনভেষ্টমেণ্ট আৰু
ইনফৰ্মেশ্যন টেকন’লজিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী
আছিল।
0 coment rios: