Monday, January 20, 2025

দিল্লীৰ নিৰ্বাচনী যুঁজ

 

দিল্লীৰ নিৰ্বাচনী যুঁজ

নেচনেল ডেস্ক, ১৯ জানুৱাৰীঃ বৰ্তমান দেশৰ ৰাজনৈতিক মহলত আটাইতকৈ চৰ্চিত বিষয়টো হল দিল্লী নিৰ্বাচন। ৫ ফেব্ৰুৱাৰীত ৰাজধানীৰ প্ৰায় ডেৰ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ফল কি হ, যাৰ বাবে দিল্লীৰ জনসাধাৰণৰ উদ্বিগ্নতাৰ অন্ত নাই, সেয়া ৮ ফেব্ৰুৱাৰীত জানিব পৰা যাব। এতিয়া স্বাভাৱিকতে ভোটৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। এই দিল্লী নিৰ্বাচনত ৰাজনৈতিক মহলত আটাইতকৈ চৰ্চিত বিষয়টো হল বিৰোধী মিত্ৰজোঁট ভাৰতৰ মূল শাসকীয় দল দুটা আম আদমী পাৰ্টি (ইউ পি) আৰু কংগ্ৰেছৰ মাজত হোৱা মুখামুখি যুঁজ। যদিও এই দুয়োটা দল বিৰোধী মিত্ৰতাত আছে, তথাপিও দিল্লী নিৰ্বাচনত ইটোৱে সিটো দলৰ ৰাজনৈতিক শত্ৰু। ইয়াৰ পিছত অৱশ্যে কেন্দ্ৰৰ প্ৰধান শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ নাম উল্লেখ কৰিব লগা এই নিৰ্বাচন বিজেপিৰ বাবে এক জীৱন-মৃত্যুৰ যুঁজ। কাৰণ বিগত ২৫ বছৰত বিজেপিয়ে দিল্লীৰ মছনদ এবাৰো দখল কৰিব পৰা নাই। গতিকে দিল্লীৰ মচনদত বহিবলৈ উঠিপৰি লাগিছে বিজেপি। তেওঁলোকৰ যুঁজ কংগ্ৰেছ আৰু আপৰ সৈতে। আনহাতে, আপ ইণ্ডিয়াৰ অংশীদাৰ হোৱাৰ পাছতো কংগ্ৰেছ আৰু বিজেপিক পৰাস্ত কৰি দিল্লী মছনদ দখল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যহত ৰাখিছেকংগ্ৰেছেও এনে এৰি দিয়া বিধৰ নহয়তেওঁলোকেও আপ আৰু বিজেপিক পৰাস্ত কৰি দিল্লী দখল কৰিবলৈ চেষ্টা কৰিব

নির্বাচন প্রায় আহি পোৱাৰ লগে লগে দিল্লীৰ নির্বাচনী প্রচাৰো তুঙ্গত উঠিছে৷ বিভিন্ন ঘটনাৰ বাবে তিনিটা দলে ইটোৱে সিটোৰ বিৰুদ্ধে বোকা চটিৱাত লাগি  পৰিছে । অৰবিন্দ কেজৰিৱালৰ আপৰ অভিযোগৰ দৰে বিজেপিয়ে দিল্লীৰ বস্তিবাসীৰ ভূমিৰ ওপৰত চকু ৰাখিছে। আপ নেতাগৰাকীয়ে কয় যে যদি বিজেপিয়ে দিল্লীত জয়ী হয় তেন্তে বস্তিবাসীক উচ্ছেদ কৰি ঘৰ বোৰত বুলডজাৰ মাৰি বস্তিবাসীক ৰাজপথত ঠেলি দিব, সেই মাটিত উচ্চ শ্ৰেণীৰ বাবে বাসগৃহ নিৰ্মাণ কৰিব। এই সন্দৰ্ভত সকীয়নি দি কেজৰিৱালে বস্তিবাসীৰ মমাজত শংকাৰ সৃষ্টি কৰি বিজেপিৰ এটা ভোটো নই বুলি বুজাব বিচাৰিছেআনহাতে বিজেপিৰ এজন শীৰ্ষ নেতাই আপৰ কথা মিছা বুলি উল্লেখ কৰি কেজৰিৱাল আৰু তেওঁৰ দলে কেন্দ্ৰৰ গৃহ নিৰ্মাণ প্ৰকল্প দিল্লীত ৰূপায়ণত বাধা দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে বুলি কয়কিন্তু আপৰ সকলো বাধা অতিক্ৰম কৰি কেন্দ্ৰই বস্তিবাসীৰ বাবে আৱাসগৃহৰ নিৰ্মাণ কৰিছে। এই কথা পাহৰি যোৱা উচিত নহয় যে কেজৰিৱালে বস্তিবাসীৰ দুখ-কষ্টক কেজৰিৱালে যিমান গুৰুত্ব দিয়ে, তাতকৈ বেছি গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে। দিল্লীৰ বস্তিবাসীৰ ভোটৰ ওপৰত আপ আৰু বিজেপি দুয়োটাৰে দৃষ্টি। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ অশোক বিহাৰ অঞ্চলৰ বস্তিবাসীক আৱাসগৃহৰ চাবি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে বাদ পৰাসকলক আশ্বাস দিয়ে যে বিজেপিয়ে ক্ষমতালৈ আহিলে তেওঁলোকৰ সকলোৰে বাবে ঘৰ সাজিব। গতিকে নিৰ্বাচনৰ পূৰ্বে বস্তিবাসীক চাবি গতাই দিয়াৰ পিচতে আপত যথেষ্ট চাপ পৰিছে।

আপেও চাপ প্ৰতিহত কৰিবলৈ ৰৈ নাথাকিল। শেহতীয়াকৈ দিল্লীৰ বস্তি অঞ্চল পৰিদৰ্শন কৰাৰ পিছত আপ নেতাসকলে কয় যে বিজেপিৰ প্ৰকৃত উদ্দেশ্য যিকোনো প্ৰকাৰে বস্তিবাসীৰ মাটি দখল কৰা। বস্তিবাসীক বঞ্চিত কৰি তাৰ ঠাই অভিজাত শ্ৰেণীৰ বাবে নিৰ্মাণ কৰা হব গৃহ। গতিকে তেওঁলোকে বস্তিবাসীক কয় যে বিজেপিয়ে যি খেল খেলিছে সেয়া তেওঁলোকৰ মাটি কাঢ়ি লোৱা। বিজেপিৰ জালত নপৰিবলৈ সকীয়াই দিয়ে আপেদিল্লীৰ পৰা বস্তিবাসীক উচ্ছেদ কৰা বিজেপিৰ লক্ষ্য। শেহতীয়াকৈ দিল্লীত বস্তিবাসীৰ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বস্তিবাসীৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে মোডী চৰকাৰ দৃঢ়প্ৰতিজ্ঞ।

কেজৰিৱালে অভিযোগ কৰে যে বিগত পাঁচ বছৰত কেন্দ্ৰই বস্তিবাসীৰ বাবে মাত্ৰ ৪৭০০ ঘৰ নিৰ্মাণ কৰিছে। কিন্তু ৰাজধানীত প্ৰায় ৪০ লাখ বস্তিবাসী আছে। গতিকে আপ আৰু বিজেপিয়ে বস্তিবাসীৰ বাবে কিমান কৰিব পাৰে সেই লৈ অধিক প্ৰচাৰ চলাইছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে আপে ভুৱা পৰিচয় পত্ৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। শেহতীয়াকৈ আৰক্ষীৰ হাতত ধৰা পৰিছে কেইবাজনো বাংলাদেশী।

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছেও বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। কংগ্ৰেছ নেতাসকলে ভোটাৰক সকীয়াই দিয়ে যে বিজেপিয়ে নিৰ্বাচনত জয়ী হলে দিল্লীৰ বস্তিবাসীৰ বাবে একো নকৰে। গতিকে মিছা প্ৰতিশ্ৰুতিৰ দ্বাৰা তেওঁলোকক যাতে প্ৰতাৰিত নহয় তাৰ বাবে সাৱধান হবলৈ কয় । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আপৰ মুৰব্বী কেজৰিৱালক আশ্বাস দিছে যে তৃণমূল কংগ্ৰেছ আপৰ লগত আছে আৰু আপে নিৰ্বাচনত জয়ী হোৱাটো বিচাৰে। নিৰ্বাচনী প্ৰচাৰত এতিয়াও দেখা পোৱা নাই তৃণমূল  কংগ্ৰেছৰ শীৰ্ষ নেতা। কেজৰিৱালে কয়, মমতাদীৰ আশীৰ্বাদ পাই তেওঁ ধন্য। আনহাতে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱেও আপক সমৰ্থন কৰিছে। অৱশ্যে মমতা বেনাৰ্জীয়ে আপৰ বাবে প্ৰচাৰ চলাব নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ৰাজনৈতিক মহলৰ মতে ভাৰতমিত্ৰজোঁটৰ দলসমূহৰ ভিতৰত কংগ্ৰেছ আৰু আপ অন্তৰ্ভুক্ত। গতিকে দিল্লী নিৰ্বাচনত আপৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজখনে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। একাংশ বিৰোধী নেতাই কয় যে ইয়াৰ ফলত বিৰোধী মিত্ৰজোঁটত বিভাজন নহলেও নিৰ্বাচনত দুয়োটা দলে ইটোৱে সিটো দলৰ বিৰুদ্ধে যুঁজি নিজৰে ক্ষতি কৰিবদিল্লীৰ নিৰ্বাচনী খেলপথাৰত নিৰ্বাচনত জয়ী হোৱাৰ আশাত তিনিওটা দলৰেএতিয়া সকললোৱে ৮ ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰি আছে। সেইদিনা গম পোৱা যাব কোনে পৰাজিত, কোন হয় জয়ী।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: