Monday, January 20, 2025

৭ দিনৰ ভিতৰত বন্ধ হ'ব ৰেট হল মাইনিং: আৰক্ষী সঞ্চালক প্ৰধান

 

৭ দিনৰ ভিতৰত বন্ধ হ'ব ৰেট হল মাইনিং: আৰক্ষী সঞ্চালক প্ৰধান


বি. চি ডেস্ক, ১৯ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত যিকোনো ধৰণৰ হিংসাত্মক ঘটনা প্ৰতিহত কৰাৰ লক্ষ্যৰে সষ্টম হৈ পৰিছে অসম আৰক্ষী । উজনিত বিগত কেইবা দিন ধৰি বাহৰ পাতি আইন-শৃংখলাৰ পৰিস্থিতি পৰ্যালোচনা কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । কিয়নো প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব গণৰাজ্য দিৱস ।                                                               

এইবাৰ ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব গণৰাজ্য দিৱস । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাইসেয়ে ডিব্ৰুগড়ৰ লগতে উজনিৰ জিলাসমূহত আইন-শৃংখলা পৰিস্থিতিক লৈ তৎপৰ হৈছে অসম আৰক্ষী । গণৰাজ্য দিৱসক লৈ বিগত তিনিদিন ধৰি উজনিত বাহৰ পাতি আছিল জি পি সিঙে । দেওবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে এক বৈঠকতো মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকী । তাৰ পূৰ্বে জি পি সিঙে সকলো নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে ডিগবৈত আইন-শৃংখলা পৰিস্থিতি আৰু গণৰাজ্য দিৱসৰ প্ৰস্তুতি পৰ্যালোচনা কৰে । তাৰ পাছতে তেওঁ ডিব্ৰুগড়ত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । 

 গণৰাজ্য দিৱসক লৈ উজনিত বাহৰ পাতি থকাৰ কথা উল্লেখ কৰি জি পি সিঙে কয়,"মই যোৱা তিনিদিন উজনি অসমত আছো । অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলসমূহ য'ত ম্যানমাৰৰ পৰা কিছুমান দুৰ্বৃত্ত আহি কূটাঘাতমূলক কাৰ্যকলাপ কৰিব পাৰে সেই অঞ্চল পৰ্যবেক্ষণ কৰিছো । তাত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰা হৈছে । ৰাইজৰ সহযোগত শান্তিপূর্ণভাৱে গণৰাজ্য দিৱস পালন কৰাৰ আশাবাদী বুলি কয়" 

ইয়াৰ মাজতে অবৈধ কয়লা খননক লৈ ৰাজ্যত চলি থকা ব্যাপক চৰ্চাক লৈ আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে," মাৰ্ঘেৰিটা, লিডু, লেখাপানীত কিছু অবৈধ কয়লা খনন চলি আছে যি বোৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিত পৰিছেকালি এই বিষয়টোক লৈ আলোচনা কৰা হৈছে । প্ৰশাসনিক বিষয়া, বন বিভাগ, 'ল ইণ্ডিয়াৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ ৭ দিনৰ ভিতৰত অবৈধ কয়লা খনন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে,  ইতিমধ্যে কালিৰে পৰা এই অভিযান আৰম্ভ কৰা হৈছে । 'নৰ্থ ইষ্ট ক'লফিল্ডছ লীজ এৰিয়া'ৰ ভিতৰত চলি থকা তেনেকুৱা দুটা খনন ইতিমধ্যে চিনাক্ত কৰি বন্ধ কৰা হৈছে । আজি পুৱা উমাৰংছ'ত গোটেই অঞ্চলত ছাৰ্ভে কৰা হয়, বিশেষ খনি পোৱা নাই যদিও পূৰ্বৰ খননত পৰি ৰোৱা কয়লা জব্দ কৰাৰ নিৰ্দেশ দিয়া হৈছে । গোটেইখিনি কাম ৭ দিনৰ ভিতৰত সম্পন্ন হ'ব বুলি আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে"

 

 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: