Monday, January 20, 2025

দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ বাবে নহল মিত্ৰজোঁটঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ দাবী

 

দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ বাবে নহল মিত্ৰজোঁটঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ দাবী

নেচনেল ডেস্ক, ১৯ জানুৱাৰীঃ কংগ্ৰেছে একে লগে দিল্লীত যুঁজিব বিচাৰিছিল। কিন্তু অৰবিন্দ কেজৰিৱালে নিবিচাৰিলে! সেইবাবেই দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে অকলে পৃথকে পৃথকে নিৰ্বাচনী যুঁজিত নামিছে এই দাবী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় ​​মাকেনে।

শনিবাৰে কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত অনুষ্ঠিত সংবাদমেলত অজয়ে আপক সমালোচনা কৰে। বিৰোধী মিত্ৰজোঁট ভাৰতৰ সতীৰ্থ সদস্যসকলক একে লগে যুঁজিবলৈ বাৰ্তা প্ৰেৰণ কৰি তেওঁ কয় যে কংগ্ৰেছক দুৰ্বল কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিব নোৱাৰে কিন্তু কেজৰিৱালে তেনে হবলৈ নিদিলে। অজয়ৰ ভাষাত, "কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে ঘোষণা কৰিলে যে আপে হাৰিয়ানাৰ ৯০খন আসনত অকলে যুঁজিব।" মিত্ৰতাত যুঁজ দিয়াৰ কথা কোৱাত আমি বহু দূৰ আগবাঢ়িছিলোঁ, কিন্তু কেজৰিৱালৰ কথাত ই হৈ নুঠিল''

লোকসভা নিৰ্বাচনত দিল্লী, হাৰিয়ানা আৰু গুজৰাটত আপ আৰু কংগ্ৰেছে মিত্ৰতাৰে যুঁজিছিল। যদিও হাৰিয়ানাত কংগ্ৰেছে ৫খন আসন লাভ কৰিছিল, তথাপিও দিল্লীত বিৰোধী মিত্ৰজোঁটে খাতা খুলিব নোৱাৰিলে। অজয়ে কয় যে, "কেজৰিৱালে লোকসভা নিৰ্বাচনৰ ঠিক পিছতেই কৈছিল যে দিল্লীত  তেওঁ অকলে যুঁজিব । ২০১৪, ২০১৯ আৰু ২০২৪ চনত - বিজেপিয়ে একেৰাহে তিনিবাৰকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল।" সেই কথা উল্লেখ কৰি অজয়ে কয়, “যেতিয়া শিলা দীক্ষিত (দিল্লীৰ প্ৰয়াত মুখ্যমন্ত্ৰী) ক্ষমতাত আছিল, তেতিয়া দিল্লীৰ লোকসভাৰ সাতখন আসনতে কংগ্ৰেছে জয়ী হৈছিল।আমিয়েই দিল্লীত বিজেপিক বাধা দিছিলোঁ। আমি জানো যে দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হোৱা সকলে লোকসভা নিৰ্বাচনত জয়ী হয়। কিন্তু আপ ক্ষমতালৈ অহাৰ পিছৰে পৰা দিল্লীৰ সাতখন আসনতে বিজেপিয়ে দখল কৰিছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: