Wednesday, January 15, 2025

'২৬ ত কাৰ নেতৃত্বত বিজেপি নামিব নিৰ্বাচনত: ১৭ জানুৱাৰীত দেখিব ৰাইজে

 

'২৬ ত কাৰ নেতৃত্বত বিজেপি নামিব নিৰ্বাচনত: ১৭ জানুৱাৰীত দেখিব ৰাইজে


গুৱাহাটী : ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে বুধবাৰে জালুকবাৰীত বিমানকোঠ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত সভাপতি নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে, "১৭ জানুৱাৰীত ঘোষণা হব বিজেপিৰ নতুন ৰাজ্যিক সভাপতিৰ নাম ।

১৬ জানুৱাৰীৰ সন্ধিয়া ৭ বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ । যদি এখন মনোনয়ন পত্ৰ দাখিল হয় তেনে হলে  তেৱেঁই হব পৰৱৰ্তী সভাপতি । এখনতকৈ অধিক মনোনয়ন দাখিল হলে অনুষ্ঠিত হ নিৰ্বাচন । আমাৰ  এই প্ৰক্ৰিয়াত ষ্টেট কাউন্সিলৰ সদস্যসকলৰ ভোটদানেৰে সভাপতিজন নিৰ্বাচিত কৰিব । কিন্তু আমাৰ দলৰ পৰম্পৰা অনুসৰি কাইলৈ আমাৰ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, সম্বিত পাত্র আৰু প্ৰভাৰী হৰিশ দ্বিবেদী আহিব । তিনিওগৰাকীয়ে নেতাই আমাৰ দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমানদূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব । লগতে সন্ধিয়া ৭ বজালৈ মনোনয়ন  পত্র দাখিলৰ প্ৰক্ৰিয়া চলিব থাকিবআনহাতে, অসমৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱটো কাইলৈ নিশা গুৱাহাটীত উপস্থিত হ'ব ।"

লগতে মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, "ভৱেশ কলিতাই বিগত সময়ছোৱাত আমাৰ দলটোক সুন্দৰভাৱে নেতৃত্ব দি আহিছেকিন্তু আমাৰ দলৰ নিয়ম যে সভাপতিজন নিৰ্বাচনৰ পূৰ্বে দলৰ এটা বিশেষ পৰ্যবেক্ষকৰ দল আহি আমাৰ সকলোৰে লগত কথা পাতি এজন ঐকমত্যৰ প্ৰাৰ্থী নিৰ্বাচিত কৰেসেই ঐকমত্যৰ প্ৰাৰ্থীজন কোন হয় সেয়া মই আজিয়ে ক'ব নোৱাৰো । কাৰণ সেই প্ৰক্ৰিয়াটো কাইলৈ হ'ব । কাইলৈ গোটেই বিষয়টো স্পষ্ট হ'ব । ১৭ জানুৱাৰীৰ দিনৰ ১১ বজাত সংগঠন পৰ্বৰ বিগত চাৰি মাহ ধৰি চলা ডাঙৰ প্ৰক্ৰিয়া এটাৰ সামৰণি পৰিব ।"


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: