কেজৰিৱাল আৰু মোদীৰ মাজত কোনো পাৰ্থক্য নাইঃ ৰাহুল গান্ধী
নেচনেল
ডেস্ক, ১৫ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ
কেজৰিৱালে সোমবাৰে বিজেপিক জাটসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। ইফালে, সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে বিধানসভা
নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰাৰ পিছতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক
লক্ষ্য কৰি লৈছে।
উত্তৰ-পূব দিল্লীৰ সীমামপুৰত কংগ্ৰেছৰ এক সভাত ভাষণ দি ৰাহুলে
কয় যে আপুনি কেজৰিৱালক সুধিব যে তেওঁ জাতিগত লোকপিয়ল আৰু পিছপৰাসকলৰ বাবে
সংৰক্ষণ বিচাৰে নেকি? আমি যেতিয়া জাতি
লোকপিয়লৰ কথা কওঁ তেতিয়া কেতিয়াও পি এম মোডী আৰু কেজৰিৱাল কাৰো পৰা এটা শব্দও
শুনা নাপাওঁ কেজৰিৱাল আৰু মোডীৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োজনে মিছা
প্ৰতিশ্ৰুতি দিয়ে।
ৰাহুলৰ মন্তব্যৰ এঘণ্টাৰ ভিতৰতে কেজৰিৱালে উত্তৰ দি এক্সৰ
পোষ্টত তেওঁ লিখে যে, "ৰাহুল গান্ধী
আজি দিল্লীলৈ আহিছিল। তেওঁ মোকো বহুত গালি-গালাজ কৰিছিল।" কিন্তু তেওঁৰ
বক্তব্যৰ ওপৰত মই কোনো মন্তব্য নকৰো। তেওঁৰ যুঁজ কংগ্ৰেছক বচাবলৈ। মোৰ যুঁজখন দেশ
বচাবলৈ।
আনহাতে, যোৱা বছৰ হাৰিয়ানা
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে জাট সংৰক্ষণক লৈ বিতৰ্ক উত্তপ্ত হৈ পৰিছিল।
এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একেটা বিতৰ্কৰ সৃষ্টি হৈছে দিল্লীতো।
কালি কেজৰিৱালে বিজেপিক দিল্লীৰ জাটসকলক প্ৰতাৰণা কৰাৰ অভিযোগ
উত্থাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে জাটসকলক অ’বিচি (অন্য পিছপৰা শ্ৰেণী) হিচাপে তালিকাভুক্ত
কৰা নাই গতিকে তেওঁলোকে কোনো ধৰণৰ সংৰক্ষণৰ সুবিধা লাভ কৰা নাই।
৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভাৰ ৭০খন আসনত এক পৰ্যায়ত
ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ ফেব্ৰুৱাৰীত গণনা
কৰা হ’ব। তাত শাসকীয় আপৰ মূল প্ৰতিদ্বন্দ্বী হৈছে বিজেপি।
দিল্লী নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল আৰু
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশৰ সমাজবাদী পাৰ্টিয়ে ইতিমধ্যে আপক
সমৰ্থন জনাইছে।
0 coment rios: