ৰৌদুৱাৰ বিলত ভূ-মাফিয়াৰ তাণ্ডবত গৃহহাৰা পক্ষীৰ ক্ৰন্দন
বি.
চি ডেস্ক, ১৯ জানুৱাৰীঃ কেইদিনমান
পূৰ্বে বোকাখাতলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওপাহাৰ পৰিদৰ্শন কৰি
ঐতিহাসিক সম্পদৰ গৱেষণা আৰু সংৰক্ষণৰ কথা কৈছিল । মুখ্যমন্ত্ৰী চাগৈ দিছপুৰ নেপালেয়ে,
বোকাখাতৰ ঐতিহাসিক নুমলীগড়ত আৰম্ভ বেদখল । যিখন বিলত ঐতিহাসিক নাৰী
চৰিত্ৰ নুমলী কুঁৱৰীয়ে আত্মহত্যা কৰা বুলি কিংবদন্তি আছে, সেইখন
ৰৌদুৱাৰ বিলত এতিয়া দিন দুপৰতেই চলে ভূ-মাফিয়াৰ দপদপনি ।
নুমলীগড় ৰৌদুৱাৰ বিলৰ পিতনি দখলৰ প্ৰতিযোগিতা চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । কিছু লোকে বিলখনৰ ভূমি এফালৰ পৰা অবৈধ ভাবে দখল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ নুমলীগড়ৰ খিলঞ্জীয়া লোকসকলৰ লগতে বিভিন্ন দল সংগঠন । ইতিহাসপ্ৰসিদ্ধ নুমলী কুঁৱৰীৰ স্মৃতি বিজড়িত ৰৌদুৱাৰ বিলখনৰ পিতনি সদৃশ ভূমিত থকা বন্যপ্ৰাণী, সৰীসৃপ, বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান উদং কৰি ভূমি দখলৰ চেষ্টা চলাইছে একাংশ ভূ-মাফিয়াই, এই অভিযোগ সাধাৰণ ৰাইজৰ।
এই সম্পৰ্কে অসম
জাতীয়তাবাদী যুৱ পৰিষদৰ এজন কৰ্মীয়ে কয়,
"আমাৰ নুমলীগড়ৰ দাঁতি-কাষৰীয়া অঞ্চলত এটা দলনি আছে য'ত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিয়ে বসবাস কৰে । কিন্তু ইতিমধ্যে আমি জনা মতে
ভূ-মাফিয়াই ঐতিহাসিক বিলখন অবৈধভাৱে দখলৰ চেষ্টা কৰি আহিছে । এই কাৰ্য বন্ধ কৰিবলৈ
আমি চৰকাৰক দাবী জনাইছোঁ । ২০২১ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নুমলীগড়
আঞ্চলিক সমিতিয়ে এখন পত্ৰ যোগে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল ।
ইফালে স্থানীয়
ৰাইজে এনে অবৈধ কাম প্ৰতিৰোধৰ বাবে ৬ জানুৱাৰীত সমজিলা আয়ুক্তক স্মাৰক পত্ৰ
প্ৰদান কৰিছে । পিছে সমজিলা প্ৰশাসনৰ
তৰফৰ পৰা এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰে ৰাইজে । বন বিভাগৰ
লোক আহিছিল যদিও সেই অঞ্চল তেওঁলোকৰ সীমাৰ ভিতৰত নপৰে বুলি দ্বায় এৰা মন্তব্য দি
যায় ।
0 coment rios: