Monday, January 20, 2025

বৰপেটাত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ

 

বৰপেটাত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ

বি. চি ডেস্ক, ১৯ জানুৱাৰীঃ  বৰপেটাৰ মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ । বৰপেটা শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত আয়োজিত ভাওনা সমাৰোহত শনিবাৰে দুখন ভাওনা পৰিৱেশন কৰা হয় । ‌মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰত প্ৰথম দিনৰ প্ৰথমখন ভাওনা ‘‘পত্নী প্ৰসাদ’’ পৰিৱেশন কৰে শংকৰ-মাধৱ নাম সমিতি দহাটী বৰপেটাই আৰু দ্বিতীয়খন ভাওনা ‘‘নাগৰাজ বাসুকী’’ পৰিৱেশন কৰে জামুগুৰিহাটৰ মূঢ়াদল সাংস্কৃতিক গোষ্ঠীয়ে ।

উল্লেখ্য যে, এই সমাৰোহত মুঠ ছখন ভাওনা পৰিৱেশিত হ'ব । দেওবাৰে দ্বিতীয় দিনৰ প্ৰথমখন ভাওনা ‘‘পাৰিজাত হৰণ’’ পৰিৱেশন কৰিব শংকৰী সাংস্কৃতিক ভাওনা দলে আৰু দ্বিতীয়খন ‘‘বৰাহৰ পৃথিৱী উদ্ধাৰ’’ ভাওনা পৰিৱেশন কৰিব মাজুলীৰ গড়মূৰৰ জয়ধ্বনি শিল্পী সমাজে ।

২০ জানুৱাৰীত অৰ্থাৎ সোমবাৰে সমাৰোহৰ অন্তিম দিনা পৰিৱেশিত হ'বলগীয়া প্ৰথমখন ভাওনা হ'ল বৰপেটা সত্ৰৰ ‘‘কোটোৰা খেলা’’ আৰু দ্বিতীয়খন হ'ল কলিয়াবৰ সত্ৰ মহাসভাৰ ‘‘কংস বধ’’ এই সমাৰোহত শনিবাৰে সন্ধিয়া উদ্বোধক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী ।

কালি সন্ধিয়াৰ পৰা নিশালৈকে যথেষ্ট লোকৰ সমাগম হয় ভাওনা চাবলৈ  । এই সমাৰোহত উপস্থিত থকা সংগীত নাটক একাডেমী বটা প্ৰাপক শিল্পী গুণীন্দ্ৰ নাথ ওজাই কয়, "বৰপেটাত ভাওনাৰ চৰ্চাই নতুন উদ্যম লাভ কৰিছে । কণ কণ ল'ৰা-ছোৱালী ভাওনাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছে । এয়া অতি শুভ লক্ষণ । ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰ অধিক বিস্তাৰিত হ'ব লাগে ।"                                   


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: