সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি
ভট্টদেৱ
ক্ষেত্ৰৰ পৰা বিপুল আলীৰ প্ৰতিবেদন ২০ জানুৱাৰীঃ সাহিত্য
সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনক লৈ বজালীৰ ভট্টদেৱ ক্ষেত্ৰত ব্যাপক
প্ৰস্তুতি চলিছে। অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰিবৰ বাবে উঠি-পৰি
লাগিছে সাহিত্য সভাৰ আয়োজক সমিতি । এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰিছে বজালীবাসী
ৰাইজে ।
পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত ৩১ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ
অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন হ‘ব । বজালী জিলাৰ পাঠশালা
নগৰৰ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ স্মৃতি বিজড়িত ‘ভট্টদেৱ
ক্ষেত্ৰ’ত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ‘ব সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন ।
প্ৰথম
দিনাৰ কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰী পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ মুকলি কৰি
অনুষ্ঠানৰ আৰম্ভণি কৰা হ’ব । সমান্তৰালভাৱে ৯.৩০ বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদঘাটন কৰা হ’ব । ক্ৰমান্বয়ে ১১ বজাত সাহিত্য আলোচনা, ১১.৩০ বজাত
মে-ডাম-মে-ফি উদযাপনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব
।
সমান্তৰালভাৱে
১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে
অনুষ্ঠিত হ‘ব সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ
দ্বিবাৰ্ষিক অধিৱেশন । অধিৱেশনৰ প্ৰত্যেকটো কাৰ্যসূচীত অসমবাসী ৰাইজৰ সহযোগ কামনা
কৰিছে আয়োজক সমিতিয়ে ।
0 coment rios: