Tuesday, January 21, 2025

শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ ঘৰত টকাৰ উজান

 

শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ ঘৰত টকাৰ উজান

বি. চি ডেস্ক, জানুৱাৰীঃ মহানগৰীত টকাৰ উজান উঠিছে । এগৰাকী বিষয়াৰ ঘৰত লাখে লাখে ওলাইছে টকা । বিষয়াগৰাকীৰ ঘৰৰ ভিতৰতেই উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন । যেন আলাউদ্দিনৰ চাকিহে, মোহাৰিলেই ওলায় টকা । চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল হোৱা বুলি দাবী কৰি থকাৰ সময়তো চৰকাৰী বিষয়াৰ ঘৰতেই ওলাই আছে বাণ্ডিলে বাণ্ডিলে  টকা ।

এইবাৰ বাণ্ডিলে বাণ্ডিলে টকা ওলাইছে কোকৰাঝাৰৰ বিতৰ্কিত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য কুমাৰ বৰুৱাৰ ঘৰত । গুৱাহাটী মহানগৰীৰৰ আনন্দ নগৰত সোমবাৰে পুৱা ৬ বজাৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ ধনৰাশি । আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গোচৰত সূৰ্য কুমাৰ বৰুৱাৰ গুৱাহাটীৰ এবিচিৰ চানক্য পথত থকা বাসগৃহত সোমবাৰে পুৱাৰে পৰা চলে এই অভিযান ।        

দুৰ্নীতি নিবাৰক শাখাই ঘটনা সন্দৰ্ভত ২/২০২৫ নম্বৰ গোচৰত সোমবাৰে পুৱাৰে পৰা শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীৰ গুৱাহাটীৰ এবিচিৰ বাসগৃহত চলায় এই অভিযান । অভিযানৰ সময়ত দলটোৱে উদ্ধাৰ কৰে ৩৭ লাখতকৈ অধিক নগদ ধন, এটা পিষ্টল, সোণ আৰু অন্যান্য নথি-পত্ৰ । এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰি চি এম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ'জী কলিতাই কয়," আমি বিষয়াগৰাকীৰ এবিচিৰ বাসগৃহৰ পৰা ৩৭ লাখ টকা উদ্ধাৰ কৰিছো । "


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: