ট্ৰাম্পৰ
নাগৰিকত্ব নীতিৰ বাবে বিপদত ভাৰতীয় অন্তঃসত্ত্বা
মহিলা
উৱেভ ডেস্ক,২৪ জানুৱাৰীঃ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন নাগৰিকত্ব নীতি কাৰ্যকৰী হোৱাৰ পূৰ্বেই ভাৰতীয়সকলে নিজৰ সন্তানক আমেৰিকাৰ নাগৰিকত্ব দিবলৈ হেতা- ওপৰা লগাইছে। অকাল প্ৰসৱৰ আশংকা থকাৰ পিছতো বহুতে ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে চিজাৰিয়ান প্ৰসৱৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছে। এই তথ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত জানিব পৰা গৈছে।
ট্ৰাম্প
প্ৰশাসনে ২০ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুৰ
স্বয়ংক্ৰিয় নাগৰিকত্বৰ ১৫৬ বছৰীয়া আইন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন
নিয়ম অনুসৰি আমেৰিকাত জন্ম লোৱা শিশুৱে আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰে। এই
সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত টেক্সাছ, নিউ জাৰ্চিকে
ধৰি বিভিন্ন ৰাজ্যৰ ভাৰতীয় দম্পতীয়ে ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে সন্তান জন্ম দিবলৈ
চিকিৎসকৰ সৈতে যোগাযোগ কৰিছে।
নিউ জাৰ্ছিৰ চিকিৎসক এছ ডি ৰামে কয় যে চিজাৰিয়ান প্ৰসৱৰ বাবে আগ্ৰহী হোৱাৰ সংখ্যা বৃদ্ধি পাইছে। মাৰ্চ মাহত প্ৰসৱ হ’বলগীয়া ৮-৯ মাহৰ গৰ্ভৱতী মহিলাসকলৰ ভিতৰত ২০ ফেব্ৰুৱাৰীৰ আগতে সন্তান জন্ম দিবলৈ বিচাৰিছে। টেক্সাছৰ এজন চিকিৎসক এছ জি মুক্কালেও একেধৰণৰ অভিজ্ঞতাৰ কথা জনাইছে। যোৱা দুদিনত প্ৰায় ২০ গৰাকী গৰ্ভৱতী মহিলাই অকালতে চিজাৰিয়ান প্ৰসৱৰ বাবে তেওঁৰ ওচৰলৈ গৈছে। অসুৰক্ষিত চিজাৰিয়ান প্ৰসৱৰ বিপদৰ বিষয়ে সকীয়াই দিছে চিকিৎসকে। অকালতে জন্ম লোৱা শিশুৰ কম ওজন, অপৰিপক্ক হাওঁফাওঁকে ধৰি বিভিন্ন শাৰীৰিক জটিলতা হ’ব পাৰে বুলি সকীয়াই দিছে চিকিৎসকে।
১৮৬৮
চনৰ চতুৰ্দশ সংশোধনী অনুসৰি আমেৰিকাত জন্ম লোৱা যিকোনো শিশুৱে আমেৰিকাৰ নাগৰিকত্ব
লাভ কৰিছিল। ১৯৫২ চনৰ ইমিগ্ৰেচন এণ্ড নেচনেলিটি এক্টতো একেধৰণৰ বিধান আছিল। এই
আইনৰ অধীনত প্ৰাকৃতিক নাগৰিক হোৱা শিশুৱে ২১ বছৰ বয়সত উপনীত হ’লে তেওঁৰ পিতৃ-মাতৃও আমেৰিকাত স্থায়ী বাসস্থানৰ বাবে যোগ্য হৈ পৰে।
ট্ৰাম্প প্ৰশাসনে এই সুযোগ বন্ধ কৰিব বিচাৰিছে।
অৱশ্যে আমেৰিকাৰ আদালতে
ট্ৰাম্পৰ কাৰ্যবাহী আদেশ সাময়িকভাৱে স্থগিত ৰাখিছে।
0 coment rios: