কোনো ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ নহয়, জম্মু-কাশ্মীৰ গাঁৱত বিষক্ৰিয়াত মৃত্যু! কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী
নেচনেল ডেস্ক, ২৪ জানুৱাৰীঃভাইৰেল বা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা মৃত্যু নহয়, জম্মু-কাশ্মীৰৰ ৰাজৌৰী গাঁৱত বিষক্ৰিয়াৰ ফলত হৈছিল মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৰে এনে দাবী । যোৱা ৭ ডিচেম্বৰৰ পৰা ৰাজৌৰীৰ বৰাল গাঁৱত ১৭ জন লোকৰ মৃত্যু হৈছে।
কেইদিনমানৰ
ভিতৰতে ইমানবোৰ মানুহৰ মৃত্যুৰ বাবে ৰাজৌৰীত আতংক বিয়পি পৰিছিল। ৰহস্যজন মৃত্যুক লৈ
সৃষ্টি হৈছে এক হুলস্থুল পৰিবেশ। প্ৰথমে জ্বৰ, তাৰ পিছত বমি
আৰু ভৰিৰ বিষ। ইয়াৰ পিছতে অচেতন হৈ মৃত্যুক সাৱটি লয় গাঁওবাসীৰ লোক। মৃত্যুৰ
কাৰণৰ তদন্তৰ বাবে এটা বিশেষজ্ঞ দল গঠন কৰা হয়। প্ৰথম অৱস্থাত কোনো ভাইৰাছ বা
বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে মৃত্যু হোৱা বুলি ভবা হৈছিল।
বৃহস্পতিবাৰে
কাঠুৱাত এখন দলং উদ্বোধন কৰিবলৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তেওঁ দাবী কৰে যে
প্ৰথম অৱস্থাত ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবেই এই মৃত্যু হোৱা যেন লাগিছিল।
কিন্তু কথাটো সেয়া নহয়। এই মৃত্যুৰ আঁৰত আছে বিষক্ৰিয়া। কিন্তু বিষৰ প্ৰকাৰ
এতিয়াও চিনাক্ত হোৱা নাই। এই বিষক্ৰিয়াৰ আঁৰত যদি কোনোবাই আছে বা জানি-বুজি এনে
ঘটনা সংঘটিত কৰিছে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
এইমছৰ অধ্যাপক ডাঃ সুধীৰ গুপ্তাই কয় যে এই বিষ প্ৰাকৃতিক বা কৃত্ৰিম
হ’ব পাৰে। কিন্তু এনেধৰণৰ বিষৰ বিষয়ে অধিক
পুংখানুপুংখভাৱে চোৱাৰ প্ৰয়োজন আছে । জানিব পৰা মতে, ভুক্তভোগীৰ
স্নায়ুতন্ত্ৰৰ ক্ষতি হৈছে। ইয়াৰ পিছত মৃত্যু হয়। চিকিৎসালয়ত থকা দুটি শিশুসহ
৫জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছ।
0 coment rios: