Thursday, January 23, 2025

বাণিজ্য যুদ্ধৰ আশংকাঃ চীনকে ধৰি তিনিখন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ হুংকাৰ ট্ৰাম্পেৰ

বাণিজ্য যুদ্ধৰ আশংকাঃ চীনকে ধৰি তিনিখন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ হুংকাৰ ট্ৰাম্পেৰ 


উৱেভ ডেস্ক, ২৩ জানুৱাৰীঃ চীন, কানাডা আৰু মেক্সিকোৰ পৰা আমদানিৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। তেওঁ কয় যে ১ ফেব্ৰুৱাৰীৰ পৰা চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হব। বিশ্লেষকসকলে আশংকা কৰিছে যে এই পদক্ষেপে বিশ্ব বাণিজ্য যুদ্ধৰ সূচনা কৰিব পাৰে।

সোমবাৰে ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ পৰা আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিয়ে। বিষনাশক ফেণ্টানিল আৰু অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকালৈ পঠোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ এই ভাবুকি দিয়ে।

মঙলবাৰে হোৱাইট হাউছত ট্ৰাম্পে কয় যে ফেণ্টানিল সৰবৰাহৰ ক্ষেত্ৰত চীনে লোৱা ভূমিকাৰ বাবে চীনে ১০ শতাংশ শুল্কৰ সন্মুখীন হব লাগিব। তেওঁ অভিযোগ কৰে যে চীনৰ পৰা কানাডা আৰু মেক্সিকো হৈ ফেণ্টানিল আমেৰিকালৈ সৰবৰাহ কৰা হৈছে।

ট্ৰাম্পে কয় যে আমি চীনৰ ওপৰত ১০ শতাংশ শুল্কৰ কথা কৈছো কাৰণ তেওঁলোকে মেক্সিকো আৰু কানাডালৈ ফেণ্টানিল প্ৰেৰণ কৰিছে।

বিশ্লেষকসকলৰ মতে ট্ৰাম্পে চীন, কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক আৰোপ কৰাৰ পৰিকল্পনাই আমেৰিকাৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু বিশ্ব বাণিজ্য যুদ্ধৰ সূচনা কৰিব পাৰে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, প্ৰথম কাৰ্যকালত ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ সৈতে নতুন বাণিজ্যিক চুক্তি আৰু চীনৰ সৈতে চুক্তি কৰি আমেৰিকাৰ কৃষকসকলৰ উপকাৰ সাধন কৰিছিল। অৱশ্যে দ্বিতীয় কাৰ্যকালত দুয়োখন চুক্তি পুনৰীক্ষণ কৰাৰ ইংগিত দিয়ে।

ট্ৰাম্পৰ এই পৰিকল্পনাৰ প্ৰতি সঁহাৰি জনাই চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কয় যে বেইজিঙে নিজৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব। চীনৰ সংবাদ মাধ্যম গ্লবেল টাইমছৰ আগত তেওঁ কয় যে বাণিজ্য যুদ্ধ বা শুল্ক যুদ্ধত কোনো বিজয়ী নাই আৰু চীনে নিজৰ জাতীয় স্বাৰ্থক দৃঢ়তাৰে ৰক্ষা কৰিব।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: