ভোটাৰ তালিকাৰ পৰা বাদ পৰিল উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম
নেচনেল ডেস্ক,২৪ জানুৱাৰীঃ ভোটাৰ
তালিকাৰ পৰা বাদ পৰিল খোদ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। এই অদ্ভুত ঘটনা
সংঘটিত হৈছিল উত্তৰাখণ্ডত। একালৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰিশ ৰাৱটৰ নাম
নাই নতুন ভোটাৰ তালিকাত । ইয়াক লৈ প্ৰশাসনিক আৰু ৰাজনৈতিক মহলত ব্যাপক
প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
খবৰ অনুসৰি বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ ১১খন
পৌৰসভা, ৪৩খন পৌৰসভা পৰিষদ আৰু ৪৬খন নগৰ
পঞ্চায়তত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে
ভোটদানৰ সময়তহে গম পায় যে ভোটাৰ তালিকাত তেওঁৰ নাম নাই । কার্যত ডেৰাডুনৰ
স্থানীয় পৌৰসভা নিৰ্বাচনত তেওঁৰ ভোট দিয়া নহ’ল। ভোট দিব
নোৱাৰাৰ বাবে ক্ষুব্ধ হৈ ৰাৱাটে সাংবাদিকৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যৰ
শাসকীয় দল বিজেপিক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ বৰ্তমানৰ শাসকীয় দলটোৱে
নিজৰ নিজৰ মানুহৰ নাম ভোটাৰ তালিকাত নিজৰ ইচ্ছামতে তালিকাভুক্ত কৰি আছে আৰু
বিৰোধীৰ নাম কৰ্তন কৰিছে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ
আগত কয় যে, ‘মই লোকসভা নিৰ্বাচনত ভোট দিছিলো, কিন্তু এতিয়া দেখিছো যে মোৰ নাম ভোটাৰ
তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। মই সাৱধান হোৱা উচিত আছিল। তেওঁলোকে (বিজেপি)
ভোটাৰ তালিকাৰ পৰা নিজৰ পছন্দৰ মতে নাম আঁতৰাইছে আৰু নামভৰ্তি কৰিছে।’ প্ৰসংগক্ৰমে দিল্লীৰ শাসকীয় দল
আম আদমি পাৰ্টিৰ নেতাসকলেও ভোটাৰ তালিকা সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে একে অভিযোগ
উত্থাপন কৰিছে।
মন
কৰিবলগীয়া যে ২০০৯ চনৰ পৰা ৰাৱটে ডেৰাডুনৰ নিৰঞ্জনপুৰ চুবুৰীত ভোটদান কৰি আহিছে।
২০২২ চনৰ বিধানসভা নিৰ্বাচন আৰু যোৱা লোকসভা নিৰ্বাচনতো তেওঁ ইয়াতেই ভোটদান
কৰিছিল। কিন্তু এইবাৰ ভোটদানৰ সময়ত দেখা গৈছে যে তেওঁৰ নাম ভোটাৰ তালিকাত বিচাৰি
পাবলৈ নাই । বহু বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ পিছত নিৰ্বাচনী বিষয়াসকলে তেওঁক
ভোটাৰ তালিকাত নাম নথকাৰ কথা অৱগত কৰে। ইয়াৰ পিছতে ৰাজ্যৰ প্ৰাক্তন
মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সৰব হয় ।
তেওঁ
বিজেপিক লৈ ক্ষোভ প্ৰকাশ কৰি কয় যে, "সেই
ৰাতিপুৱাৰে পৰা ভোট দিবলৈ অপেক্ষা কৰি আছো।" কিন্তু অৱগত কৰা হৈছে মোৰ নাম
তালিকাত নাই। মোৰ নামটো তালিকাৰ পৰা কৰ্তন কৰা হৈছে। মই আৰু অধিক সাৱধান হোৱা উচিত
আছিল।'
এই
বিষয়ে ৰাজ্যিক নিৰ্বাচন আয়োগক অভিযোগ কৰি তেওঁ কয় যে বুথৰ পৰাই তেওঁক চাৰ্ভাৰ
বেয়া বুলি জনোৱা হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট
দিব নোৱাৰে।
0 coment rios: