Tuesday, January 21, 2025

দক্ষিণ কোৰিয়াৰ ছিউলত তুলিৰাম ৰংহাং আৰু বলিন চেতিয়াক লগত লৈ মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

 

দক্ষিণ কোৰিয়াৰ ছিউলত তুলিৰাম ৰংহাং আৰু বলিন চেতিয়াক লগত লৈ মুখ্যমন্ত্ৰীৰ ৰোড শ্ব

বি. চি ডেস্ক, ২০ জানুৱাৰীঃ এডভাণ্টেজ আছাম-২.০ক কেন্দ্ৰ কৰি দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱা দিনটোৰ শুভাৰম্ভ কৰে এক ৰোড শ্বৰে । ৰোড শ্বত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু বিধায়ক বলিন চেতিয়া ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জনোৱা তথ্য আৰু সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে এই তথ্য ৷

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, “দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্বত ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে কথা পাতি ছিউলত দিনটোৰ আৰম্ভণি কৰিলোঁ । এডভাণ্টেজ আছাম-২.০ত তেখেতসকলে অংশ ল'বলৈ যি উৎসাহ দেখুৱাইছে সেয়া আমাৰ বাবে  আশাপ্ৰদ ৷      ছিউলত দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্বত বক্তব্য প্রদান কৰি অসমৰ সুবিধাৰ দিশ সমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উদ্যোগপতি সকলৰ সৈতে মত-বিনিময় কৰি সহাঁৰি লাভ কৰা বুলি উল্লেখ কৰি কয়, “বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ স্থান আৰু অসমৰ দ্বাৰা তেওঁলোকক এই বজাৰত অধিক প্ৰৱেশাধিকাৰ প্ৰদানৰ বাবে আগবঢ়োৱা অনন্য সুযোগত কোৰিয়াৰ উদ্যোগপতিসকলে জনোৱা সঁহাৰিও আছিল উল্লেখনীয় ৷”                         

ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ দ্বাৰা অসমত বিনিয়োগকাৰী উদ্যোগপতিসকল কি দৰে উপকৃত হব সেই বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয়, “উত্তৰ-পূৱৰ উদ্যোগীকৰণত আমাৰ ভাৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে ৷ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগ আৰু বিকাশে যাতে মূৰ দাঙি উঠিব পাৰে তাৰবাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নৰ্থ ইষ্ট এক্ট পলিচি আনিছে, ত অসমো আছে । উত্তৰ-পূবৰ ঔদ্যোগিক বিকাশৰ বাবে ভাৰত চৰকাৰে বহু নীতি আগবঢ়াইছে । অৱস্থিতি, কৌশলগত আৰু নীতিগত এই তিনিটা এডভাণ্টেজঅর্থাৎ সুবিধাৰে সমৃদ্ধ অসম ৷ লগতে উদ্যোগীকৰণত অসমত ভাৰত চৰকাৰে কেতবোৰ বিশেষ ৰেহাই দিছে । গতিকে অহা ২৫-২৬ ফেব্ৰুৱাৰীত আমি অসমত আয়োজন কৰা বাণিজ্যিক সমাৱেশ তালৈ আহক ৷ ইয়াত ভাৰতৰ প্ৰায় সকলো আগশাৰীৰ ঔদ্যোগিক গোটৰ সমাৱেশ ঘটিব । আপোনালোকে ভাৰতৰ ঔদ্যোগিক খণ্ডৰ সৈতে সহযোগিতা আগবঢ়াব খুজিলে এডভাণ্টেজ আছাম কনক্লেভতে মত-বিনিময় কৰিব পাৰিব ।

আনহাতে, সোমবাৰে দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চৰ ৰোড শ্বৰ পিছতেই ছিউলত 'কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোচন এজেঞ্চি' (KOTRA)-ৰ অধ্যক্ষ কিউংছুং কাং আৰু তেওঁৰ দলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উক্ত বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে ।

 

মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জনোৱা তথ্য মতে ২৫ জানুৱাৰীলৈকে নিৰ্ধাৰণ কৰা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচী অনুসৰি মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াৰ পিছতেই এডভাণ্টেজ আছামৰ প্ৰচাৰৰ বাবে ভ্ৰমণ কৰিব জাপানৰ টকিঅআৰু ছিংগাপুৰ ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: