উচ্চ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষা ল'বলৈ যোৱা প্ৰসঙ্গত
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীৰ প্ৰতিবেদন,
২৮জানুৱাৰীঃ আজিৰ
ছাত্ৰ-ছাত্ৰীয়ে উচ্চ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষা ল'বলৈ যাওঁতে কেইটামান কথাত গুৰুত্ব দিব
লাগে। যিটো বিষয় বাছি ল'ব সেই বিষয়টোৰ চাকৰিৰ বজাৰত কিমান চাহিদা আছে সেইটো
সর্বাধিক গুৰুত্বপূৰ্ণ। যিবোৰে গৱেষণাত্মক দৃষ্টিভঙ্গীৰে অধ্যয়ন কৰিব যায় তেনে
ছাত্ৰৰ ক্ষেত্ৰত কথাটো অন্য ৰূপে ধৰা দিব। উদাহৰণ স্বৰূপে কোনো এজন ছাত্রই বি টেক
ডিগ্রী ল'ব বিচাৰে মেকানিকেল শাখাত আৰু
মেকানিকেল শাখাত ডিগ্রী লৈ আহিল। এতিয়া কৰিব কি? সংস্থাপনৰ ব্যৱস্থা বিচাৰিব লাগিল।
চাকৰিৰ বজাৰখনত তাৰ চাহিদা কিমান?
সমগ্ৰ ৰাজ্যখনত মেকানিকেল ইঞ্জিনীয়াৰৰ
চাকৰি যিমান আছে তাৰ তুলনাত আছে বেছি ইতিমধ্যে মেকানিকেল ইঞ্জিনীয়াৰ পাচ কৰিওলাই অহা লৰা-
ছোৱলী। কোনোবা জনে সংস্থাপনৰ বিকল্প ব্যৱস্থাকে যদি আঁকোৱালি ল'ব বিচাৰি অধ্যয়ন কৰে তেতিয়া ক'বলগীয়া নাথাকিব। অন্যথা ভাবি-গুণি
চোৱাৰ অৱকাশ নিশ্চয়কৈ থাকিব। এই ক্ষেত্রত চাহিদাক অগ্রাধিকাৰ দিলে বেছি কামত আহিব।
উদাহৰণ স্বৰূপে পৰিৱেশ বিজ্ঞান, বিমান ৰক্ষণাবেক্ষণ অভিযান্ত্রিকী (AME) পাঠ্যক্রম, পাৰামেডিকেল পাঠ্যক্রম আদি। এই পাঠ্যক্রম
সমুহৰ চাকৰিৰ আকাল নাই; চাকৰি কৰোঁতাৰহে আকাল। ইয়া লগতে মন কৰিবলগীয়া এটা বিষয় হ'ল; অধ্যয়নৰ নামত কৰা অৰ্থনিৱেশ। এনে এটা
বিষয়ত অর্থনিৱেশ কৰিব লাগে যিটো বিষয়ৰ সংস্থাপনৰ বজাৰখনত চাহিদাও বেছি আৰু
সহজলভ্যও।
আজিৰ দিনত শিক্ষাকেন্দ্ৰৰ চয়নো এটা
বিচার্য বিষয়। দেশত শিক্ষা ব্যৱস্থাটো বৃত্তিমুখী শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তিত হৈ
আহিছে। সেয়ে কোনখন শিক্ষাকেন্দ্ৰই সংস্থাপনৰ উৎসবোৰৰ সৈতে ব্যৱসায়িক বন্ধন ৰক্ষা
কৰি আহিছে তাৰো ভু লোৱাটো বাঞ্ছনীয়। শুনিলে আচৰিত হ'ব; ইংৰাজী বিষয়টোক লৈ স্নাতক মহলৰ শিক্ষা
ল'ব বিচাৰিছে। শিক্ষানুষ্ঠানৰ ইংৰাজী
বিষয়টোৰ লেব'ৰেটৰী মিছিল আছে নে নাই আমি গমিব
লাগিব। কিয়নো এই বিষয়টো পঢ়ি উঠি যি যি প্ৰতিষ্ঠানত চাকৰি কৰিম সেই সেই প্রতিষ্ঠানত
সংস্থাপনৰ চাহিদা কেনে কেনে প্ৰকাৰৰ। সেই ধৰণেহে আজিকালি পঢ়োৱায়। ধৰি লওক এখন
বাতৰিকাকতৰ বাবে এজন ইংৰাজীৰ স্নাতকৰ প্ৰয়োজন। তেওঁ বাতৰি কাকতৰ লগত সঙ্গতি ৰাখি
অধ্যয়ন কৰিব লাগিব। আজিৰ ভাৰতীয় শিক্ষানুষ্ঠানত এনেকৈ ভাৱি শিক্ষা প্ৰদান কৰা বহু
শিক্ষা প্রতিষ্ঠান আছে।
শিক্ষানুষ্ঠানৰ লগত কিমান সংখ্যক
চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান জড়িত হৈ আছে যিবোৰত প্ৰতিবছৰে চাকৰিৰ চাহিদা থাকে। বহু
ধনী দেশ আছে যিবোৰ দেশে ভাৰতৰপৰা প্ৰতিবছৰে লোভনীয় দৰ্মহা দি মজদুৰ বিচাৰে। সেয়া
লাগিলে শিক্ষকেই হওক কিম্বা অভিযান্ত্রিক শিক্ষাৰে শিক্ষিত লোকেই হওক। এই ক্ষেত্ৰত
নিজ দেশৰ প্ৰতিষ্ঠানবোৰকো লক্ষ্যত ৰাখিব লাগিব।
শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল- আজিকালিৰ শিক্ষাক্ষেত্ৰখনত এডুকেছন
কাউন্সেলৰৰ দ্বাৰা পৰিচালিত কাউনচেলিং চেন্টাৰ আছে। তেওঁলোকৰপৰা বিভিন্ন বিষয়
সম্পর্কে নতুন নতুন তথ্য প্রাপ্ত হয়। তেওঁলোকে দেশৰ আগশাৰীৰ কলেজবোৰলৈ গৈয়ে হওক, বিভিন্ন চেমিনাৰৰ মাধ্যমেদি হওক
তেওঁলোকে নিজক আপডেটেড কৰি ৰাখে। ছাত্ৰ-ছাত্ৰী নিজৰ ইচ্ছা প্রকাশ কৰিলেই হ'ল, তেওঁলোকে বিষয়টো চালিজাৰি চাই বিষয় লৈ
পঢ়িলে ভৱিষ্যত উজ্জ্বল হ'ব বুলি কৈ দিয়ে। এই প্রসঙ্গত এটা কথা দৃঢ়তাৰে ক'ব লাগিব যে, ছাত্র-ছাত্ৰীয়ে গুগলৰ সহায়ত যিবোৰ
গাইগুটীয়াকৈ তথ্য সংগ্রহ কৰি লয় তেনে ক্ষেত্ৰত ঠগন খোৱাৰ অৱকাশেই বেছি। কিয়নো গুগল
ডাটা একপক্ষীয় হয়। তাত ইণ্টেৰেক্ট কৰাৰ সুবিধা নাথাকে। কোনোবাজনে হয়তো ক'ব যে আজিকালি সেই সুবিধাও আছে। পাছে
আর্টিফিচিয়েল ইন্টেলিজেঞ্চৰ যুগত হয়তো সেয়া ফিডেড ভার্চনো শুনাব পাৰে । সেয়াই হয়।
ফিডেড ভার্চনেই শুনিব পোৱা যায়।
আমাৰ চৰজমিন তদন্ত কৰি পোৱা তথ্যৰ
ওপৰত ভিত্তি কৰি এই লিখনিটো যগুত কৰা হ'ল ।
0 coment rios: