নতুন দিল্লীত মকবুল ফিদাৰ ‘আপত্তিজনক’ ছবি জব্দ কৰাৰ নিৰ্দেশ
নেচনেল ডেস্ক, ২৮জানুৱাৰীঃ দেশৰ ৰাজধানী নতুন দিল্লীৰ আদালতে প্ৰয়াত শিল্পী মকবুল ফিদা হুছেইনৰ দুখন ‘আপত্তিজনক’ ছবি জব্দ কৰাৰ
নিৰ্দেশ দিছে। পাটিয়ালা হাউছ কোৰ্টৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে এই নিৰ্দেশ
দিয়ে।
শেহতীয়াকৈ দাখিল কৰা এক অভিযোগত কোৱা
হৈছে যে দিল্লীৰ এখন আৰ্ট গেলেৰীত এম এফ হুছেইনৰ হিন্দু দেৱতাৰ দুখন ছবি প্ৰদৰ্শিত
হৈছিল, যিয়ে “ধৰ্মীয় আৱেগক আঘাত কৰিছে”। অমিতা সচদেৱ নামৰ এগৰাকী অধিবক্তাই এই অভিযোগ দাখিল কৰে।
এই গোচৰৰ পৰিপ্ৰেক্ষিতত এই সপ্তাহত
নতুন দিল্লীৰ আদালতে আৰক্ষীক ‘আপত্তিজনক’ ছবি দুখন জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে।
কিন্তু এনে ঘটনা এইয়ে প্ৰথম নহয়।
২০১১ চনত ৯৫ বছৰ বয়সত মৃত্যু হোৱা বিখ্যাত চিত্ৰশিল্পীগৰাকীয়ে তেওঁৰ চিত্ৰত
হিন্দু দেৱতাৰ নগ্ন ছবি অংকন কৰাৰ বাবে সততে সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই
বিতৰ্কৰ সৃষ্টি কৰা প্ৰদৰ্শনীখনৰ আয়োজন কৰিছিল দিল্লী আৰ্ট গেলেৰী (ডি এ জি)ৰ
উদ্যোগত।
0 coment rios: