Tuesday, February 11, 2025

অসমৰ প্ৰসূতিৰ ৰক্তহীনতাৰ উদ্বেগজনক তথ্য প্ৰকাশ

 অসমৰ প্ৰসূতিৰ ৰক্তহীনতাৰ উদ্বেগজনক তথ্য প্ৰকাশ

বি. চি ডেস্ক, ১১ফেব্ৰুৱাৰীঃ লোকসভাত অসমৰ প্ৰসূতিৰ ৰক্তহীনতাৰ সমস্যাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে।যি সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ড উন্নতি হোৱা বুলি উঠতে বহে কৈ থাকে, কিন্তু তথ্য অনুসৰি অসমত প্ৰসূতি মহিলাৰ ৰক্তহীনতা এতিয়াও এটি ডাঙৰ সমস্যা হৈ দেখা দিছে। ৭ ফেব্ৰুৱাৰীত লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অনুপ্ৰিয়া পেটেলে দিয়া তথ্য অনুসৰি, অসমত প্ৰসূতি মহিলাৰ ৰক্তহীনতাৰ হাৰ সৰ্বভাৰতীয় হাৰৰ তুলনাত অধিক

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১) অনুসৰি, অসমত ১৫-৪৯ বছৰ বয়ষৰ প্ৰসূতিৰ  ৫৪.২% ই ৰক্তহীনতাৰ সমস্যাত ভুগে, তাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত ১৫-৪৯ বছৰৰ বয়সৰ ভিতৰৰ প্ৰসূতিৰ ৰক্তহীনতাত ভোগা সংখ্যা ৫২.২ শতাংশ ।                                                          

এই তথ্যই অসমত স্বাস্থ্য আৰু পুষ্টি খণ্ডৰ সমস্যাৰ স্বৰূপ গভীৰভাৱে বুজাই দিয়ে। স্বাস্থ্য বিশেষজ্ঞসকলে এই পৰিসংখ্যাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে, কিয়নো ৰক্তহীনতা গৰ্ভবতী মহিলাসকলৰ বাবে অতি বিপজ্জনক।



মন কৰিবলগীয়া যে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ তুলনাতো অসমত এই সমস্যা বেছি। অৰুণাচল প্ৰদেশত  ১৫-৪৯ বছৰৰ মহিলাৰ ২৭.৯%, মণিপুৰত ৩২.৪%, মেঘালয়ত ৪৫%, মিজোৰামত ৩৪%, আৰু নাগালেণ্ডত ২২.২% ৰক্তহীনতাৰ সমস্যাত ভুগে। এই পৰিসংখ্যাই উদঙাই দিয়ে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ প্ৰকৃত ছবি খন ।

বিশেষজ্ঞসকলে কয় যে ৰক্তহীনতা প্ৰধানকৈ অপুষ্টিকৰ আহাৰ, দীৰ্ঘস্থায়ী ৰোগ আদি মূল কাৰকবিশেষকৈ গৰ্ভবতী মহিলাসকলৰ হিমগ্লবিনৰ অভাৱ হলে সন্তান জন্মদিয়াৰ সময়ত গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। অপুষ্টিৰ সমস্যাটো বিশেষকৈ গ্ৰাম্য অঞ্চলত বেছি দেখা যায়, 'ত মহিলাসকলে নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য লাভ নকৰে। অধিকাংশ গৰ্ভবতী মহিলাই স্বাস্থ্য কেন্দ্ৰলৈ গৈ পৰীক্ষা নকৰাৰ ফলত সমস্যাটো অধিক জটিল হৈ পৰে। চৰকাৰী স্বাস্থ্য আঁচনি, পুষ্টিকৰ আহাৰ বিতৰণ, আৰু বিনামূলীয়া ঔষধ প্ৰদানৰ ব্যৱস্থা থাকিলেও বহু গ্ৰাম্য অঞ্চলত এই সুবিধাসমূহ উপযুক্তভাৱে নাগৰিকৰ হাতত নপৰে।



অসমত ৰক্তহীনতা আৰু অপুষ্টিৰ সমস্যা দিনক দিনে বৃদ্ধি পাইছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসম দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে। ২০১৫-১৬ত ৪৬% মহিলাই ৰক্তহীনতাৰ সমস্যাত ভুগিছিল, কিন্তু ২০১৯-২১ত এই সংখ্যা ৬৫.৯% লৈ বৃদ্ধি পাইছে। শিশুৰ ক্ষেত্ৰতো একে পৰিস্থিতি দেখা গৈছে। ২০১৫-১৬ত ৬-৫৯ মাহ শিশুৰ ভিতৰত ৩৫.৭% ৰক্তহীনতাত ভুগিছিল, আৰু ২০১৯-২১ত এই সংখ্যা ৬৮.৪% হৈছে গৈশিশুৰ স্বাস্থ্য যদি ঠিক নাথাকে, তেন্তে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক গঠনত বিৰূপ প্ৰভাৱ পৰিব।

পুষ্টিৰ অভাৱ শিশুৰ মানসিক বিকাশত গুৰুতৰ প্ৰভাৱ পেলায়। যথেষ্ট পৰিমাণে লোহিত কণিকা নাথাকিলে, শিশুৰ শৰীৰত অক্সিজেনৰ অভাৱ হয়, যাৰ ফলত বুদ্ধিৰ বিকাশ বাধাপ্ৰাপ্ত হয়। বিশেষজ্ঞসকলে কয় যে শিশুৰ বিকাশৰ প্ৰাথম বছৰত পুষ্টিৰ অভাৱ হলে তাৰ দীঘলীয়া প্ৰভাৱ পৰে।

স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আহিছে, কিন্তু বাস্তৱত ইয়াৰ প্ৰভাৱ  দেখিবলৈ পোৱা নাযায়বিশেষজ্ঞসকলে চৰকাৰৰ স্বাস্থ্য নীতি আৰু বাস্তবায়নৰ ক্ষেত্ৰত ত্ৰুটিৰ কথা উল্লেখ কৰিছে। তেওঁলোকে কৈছে যে গ্ৰাম্যঞ্চলত স্বাস্থ্য সেৱা অধিক উন্নত কৰা আৰু সচেতনতা বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয়।



সাম্প্ৰতিক তথ্য অনুসৰি, অসমৰ বহু প্ৰসূতি মহিলাই চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ পৰিৱৰ্তে গাঁৱৰ ভিতৰত অনুপযুক্ত পৰিৱেশত সন্তান জন্ম দিয়ে, যাৰ ফলত মাক আৰু শিশুৰ স্বাস্থ্য সংকটৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে কয় যে স্বাস্থ্য সেৱাৰ অভাৱ আৰু সচেতনতাৰ অভাৱই ইয়াৰ মূল কাৰণ।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: