বিপদ মাতিব চীনৰ সৰ্ববৃহৎ নদী বান্ধে ! দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ কেন্দ্ৰক আহ্বান দিলীপ শইকীয়াৰ
বি. চি ডেস্ক, ১০ফেব্ৰুৱাৰীঃ সোমবাৰে সংসদত তিব্বতৰ য়াৰলুং জাংবো নদীত বৃহৎ বন্ধ নিৰ্মাণে
অৰুণাচল প্ৰদেশৰ লগতে অসমলৈ বিপদ কঢ়িয়াই আনিব বুলি আশংকা প্ৰকাশ কৰে বিজেপিৰ
সাংসদগৰাকীয়ে । চীনে
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে, যাৰ ফলত অসমৰ লগতে অৰুণাচল প্ৰদেশতো গভীৰ প্ৰভাৱ পৰিব। এই বিষয়ক লৈ
বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সংসদত গভীৰ উদ্বেগ ব্যক্ত কৰে আৰু কেন্দ্ৰীয় চৰকাৰক চীনৰ
সৈতে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে। সাংসদগৰাকীয়ে উল্লেখ
কৰিছে যে, চীনে তিব্বতৰ য়াৰলুং ছাংপো নদীত এই বান্ধ নিৰ্মাণ
কৰিলে, পানী সংৰক্ষণৰ বাহিৰেও ইয়াৰ ফলত প্ৰাকৃতিক পৰিবেশ,
জীৱবৈচিত্ৰ্য আৰু লোকজীৱন সংকটত পৰিব। বিশেষকৈ অসম আৰু অৰুণাচলৰ
জনসাধাৰণৰ বাবে এই প্ৰকল্প বিপজ্জনক হ’ব পাৰিব।
লোকসভাত
এই বিষয়টো উত্থাপন কৰি সাংসদ শইকীয়াই কৈছে যে, এই বৃহৎ বান্ধটো যদি কোনো প্ৰাকৃতিক
দুৰ্যোগ, বিশেষকৈ ভূমিকম্পৰ ফলত ক্ষতিগ্রস্ত হয়, তেন্তে সমগ্ৰ উত্তৰ-পূব ভাৰতে এক ডাঙৰ সংকটত পৰিব। এই অঞ্চলটো
ভূমিকম্পপ্ৰৱণ এলাকা হিচাপে পৰিচিত, যাক ‘ৰিং অৱ ফায়াৰ’ বুলি জনা যায়। যদি কোনো সময়ত প্ৰবল
ভূমিকম্পৰ ফলত এই বান্ধ ক্ষতিগ্রস্ত হয় বা ভাঙি পৰে, তেন্তে
ভয়ংকৰ বানপানী সৃষ্টি হ’ব আৰু বৃহৎ পৰিমাণে সম্পত্তি নষ্ট হ’ব। স্থানীয় জনগোষ্ঠীৰ জীৱন-জীৱিকাৰ ওপৰত ইয়াৰ গভীৰ কুপ্ৰভাৱ পৰিব।
এই
প্ৰকল্পৰ ফলত কৃষিখণ্ডও সংকটত পৰিব। পানীৰ যোগান অনিয়মিত খেতি পথাৰ সমুহ প্ৰভাৱিত
হ’ব,
খেতিপথাৰ শুকাই যাব, বা আকস্মিক বানপানীৰ
সৃষ্টি হ’ব পাৰে। বহু কৃষক এই সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিব, যাৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাতো
প্ৰভাৱ পৰিব।
ইয়াৰ
উপৰি, বান্ধৰ
ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী প্ৰবাহ হ্ৰাস হ’লে প্ৰাকৃতিক ভাৰসাম্য
ক্ষতিগ্ৰস্ত হ’ব আৰু জীৱবৈচিত্ৰ্যৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব।
পৰিবেশ বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে, পানীৰ স্বাভাৱিক
প্ৰবাহ বাধাগ্ৰস্ত হ’লে নদীৰ তলদেশ শুকাই যাব, যাৰ ফলত বহু প্ৰজাতিৰ মাছ আৰু জলজ জীৱৰ সংখ্যা হ্ৰাস পাব। লগতে, জলবায়ুৰ পৰিবৰ্তনৰ ফলত অসমত বৰষুণৰ পৰিমাণো কমিব পাৰে।
সাংসদগৰাকীয়ে
কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছে যাতে এই বিষয়ে তৎপৰ হৈ চীনৰ সৈতে আলোচনা কৰি
সমাধানৰ পথ উলিয়াই। বিভিন্ন পৰিবেশবিদ আৰু বিশেষজ্ঞই এই প্ৰকল্পক গভীৰভাৱে
পৰ্যালোচনা কৰাৰ আহ্বান জনাইছে,
যিহেতু ইয়াৰ ফলত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ
সংকটত পৰিব।
সেইবাবে, অসমৰ লগতে সমগ্ৰ
উত্তৰ-পূবৰ ৰাইজে এই বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ ব্যক্ত কৰিছে। বিভিন্ন সামাজিক আৰু
পৰিবেশ সংস্থাই চৰকাৰক আহ্বান জনাইছে যাতে বিষয়টোৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা
হয়। স্থানীয় বাসিন্দা আৰু পৰিবেশ সংগঠনে চৰকাৰক অনুৰোধ কৰিছে যাতে চীনৰ সৈতে
কূটনৈতিক আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰা হয়। চৰকাৰে যদি শীঘ্ৰে উপযুক্ত
ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আগন্তুক দিনত এই অঞ্চলত এক গভীৰ
পৰিস্থিতি সৃষ্টি হ’ব পাৰে।
0 coment rios: