ৰাষ্ট্ৰপতিৰ শাসনৰ দিশে মণিপুৰ! ভিতৰচ'ৰাত চলিছে জল্পনা-কল্পনা
নেচনেল ডেস্ক, ১১ফেব্ৰুৱাৰীঃ মণিপুৰত সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাৰ প্ৰায় দুবছৰৰ পাছত
দেওবাৰে নিশা মন্ত্ৰীসভাৰ লগতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বীৰেণ সিঙে।
ৰাজ্যপাল অজয় কুমাৰ ভল্লাই তেওঁৰ পদত্যাগ পত্ৰ মানি লৈছে যদিও বিকল্প ব্যৱস্থা
নোহোৱা পৰ্যন্ত তেওঁক কাৰ্যভাৰ অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। ইফালে বীৰেন সিঙৰ
পদত্যাগৰ পাছত বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ কাম হ’ল তেওঁৰ সলনি আন এজনক বিচাৰি উলিওৱা৷ যিহেতু মণিপুৰত কোনো দলৰ বিধায়কৰ
সংখ্যাগৰিষ্ঠতা নাই, সেয়েহে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব পৰাকৈ তাত কোনো উপযুক্ত নেতা নাই। তেনে ক্ষেত্ৰতে মণিপুৰত ৰাষ্ট্ৰপতিৰ
শাসন জাপি দিব পাৰে। অৱশ্যে ৰাজনৈতিক ৰাজনৈতিক ভুৰখা মহলৰ এটা অংশই বিশ্বাস কৰে যে
শীৰ্ষ নেতৃত্বই সংখ্যাগৰিষ্ঠতাৰ বাবে অপেক্ষা কৰিব পাৰে।
ইফালে, মণিপুৰত সংঘটিত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত
শ্বাহক পদত্যাগ কৰিবলৈ দাবী জনাইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ
কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অতি সোনকালে
মণিপুৰ ভ্ৰমণ কৰিবলৈ দাবী জনায়।
২০২৩ চনৰ মে’ মাহৰ পৰা কুকি আৰু মেইটেইৰ মাজত হোৱা জাতিগত হিংসাৰ ফলত ২৫০ জনতকৈ অধিক
লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে। বিৰোধীয়ে দীৰ্ঘদিন ধৰি
মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী জনাই আহিছে। কিন্তু ইয়াৰ পিছতো বীৰেণ সিং নিজৰ
পদক বহাল ৰাখিল। কিন্তু দেওবাৰে পদত্যাগ কৰাৰ পিছত বিকল্প ব্যৱস্থা নোহোৱালৈকে
মণিপুৰৰ প্ৰশাসনৰ দায়িত্বত থাকিব বীৰেন সিঙে। ইম্ফল ৰাজ ভৱনে জাৰি কৰা এক বিবৃতিত
মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাই বীৰেন সিঙক কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে
কাম কৰিবলৈ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি দেওবাৰে নিশা দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ
এখন বৈঠক অনুষ্ঠিত কৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। কিছুমান
প্ৰয়োজনীয় সিদ্ধান্তও ৰাজ্যপালক অৱগত কৰা হৈছে। কিন্তু যিহেতু দলটোৰ
সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰিব পৰা কোনো নেতা এতিয়াও নাই, গতিকে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব লগা হ’ব
পাৰে কেন্দ্ৰীয় চৰকাৰে। জানিব পৰা মতে ৰাজ্যপাল অজয় কুমাৰ ভল্লাই কেইদিনমানৰ
ভিতৰতে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বিতং প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। তাৰ
ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিৰ শাসনৰ সিদ্ধান্ত লোৱা হ’ব বুলি
এক সূত্ৰত প্ৰকাশ।
জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দিল্লীৰ পৰা উভতি অহা
কেইঘণ্টামানৰ ভিতৰতে বীৰেণ সিঙে পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। বীৰেণ সিঙৰ পদত্যাগে
জনগোষ্ঠীৰ মাজত বিভাজন দূৰ কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি শীর্ষ নেতৃত্বই
আশা কৰিছে৷ একে সময়তে এই দীৰ্ঘদিনীয়া সংঘাতৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয়
চৰকাৰৰ সদিচ্ছাও প্ৰকাশ পাব সচেতন মহলে আশা ব্যক্ত কৰছে।
ইফালে, চলিত সপ্তাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে সাম্প্ৰদায়িক হিংসাত উদগণি
দিয়াৰ অভিযোগ উত্থাপন কৰি বীৰেন সিঙে ফাদিল কৰা অডিঅ’ ক্লিপৰ
সত্যতা নিৰ্ণয় কৰিবলৈ কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ পৰা প্ৰমাণ
বিচাৰিছিল। অধিবক্তা প্ৰশান্ত ভূষণক প্ৰতিনিধিত্ব কৰা কুকি অৰ্গেনাইজেশ্যন ফৰ
হিউমেন ৰাইটছ ট্ৰাষ্টে এই বিষয়ত আদালতৰ তত্বাৱধানত এছ আই টিৰ তদন্তৰ দাবী জনায়।
অডিঅ’ লিক সন্দৰ্ভত ভূষণে কয় যে ক্লিপসমূহত বীৰেণ সিঙে কয়
যে মেইটেই গোষ্ঠীক ৰাজ্য চৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ লুটপাত কৰিবলৈ অনুমতি দিয়া হৈছে।
বীৰেণ সিঙৰ পদত্যাগৰ
পিছত এতিয়া সকলোৰে দৃষ্টি মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ। মণিপুৰৰ অধ্যক্ষ থকচোম সত্যব্ৰত সিং আৰু গ্ৰামোন্নয়ন আৰু
পঞ্চায়তৰাজ মন্ত্ৰী যুমনাম খেমচান্দে মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে বুলি জানিব পৰা
গৈছে । সিঙৰ পদত্যাগৰ পূৰ্বে দুয়োকে দিল্লীলৈ মাতি অনা হৈছিল। আৰু আন এজন
শক্তিশালী প্ৰতিদ্বন্দ্বী হৈছে কেবিনেট মন্ত্ৰী টি বিশ্বজিৎ সিং।
সংবিধানৰ
৩৫৬ নং অনুচ্ছেদ অনুসৰি সংসদৰ দুয়োটা সদনত ৰাষ্ট্ৰপতিৰ শাসন ঘোষণাৰ প্ৰস্তাৱ
দাখিল কৰিব লাগিব। দুমাহৰ ভিতৰত এই কাম নকৰিলে ৰাষ্ট্ৰপতিৰ শাসনকালৰ ম্যাদ উকলি
যাব। সূত্ৰ অনুসৰি কেন্দ্ৰই এতিয়া কিছু সময়ৰ অপেক্ষাত। কিন্তু উপযুক্ত
মুখ্যমন্ত্ৰী বিচাৰি নোপোৱালৈকে ৰাষ্ট্ৰপতিৰ শাসন চাৰি-পাঁচ মাহলৈকে চলি থাকিব
পাৰে।
0 coment rios: