গুৱাহাটীৰ ৮৫ হাজাৰৰো অধিক পৰিয়াল পট্টাৰ পৰা বঞ্চিত: ২০ ফেব্ৰুৱাৰীত দিছপুৰ চলো আন্দোলন
বি. চি ডেস্ক, ১২ফেব্ৰুৱাৰীঃ
গুৱাহাটীৰ
পাহাৰ অঞ্চলত ৮৫ হাজাৰৰো অধিক পৰিয়ালে বহু বছৰ ধৰি বসবাস কৰি আহিছে। এই পৰিয়ালসমূহ
প্ৰায় তিনিটা প্ৰজন্মৰ পৰা গুৱাহাটীৰ এই
সৰু-বৰ ১৮ খন পাহাৰত বসবাস কৰি আছে, কিন্তু এতিয়ালৈকে
কোনো পট্টা পোৱা নাই। চৰকাৰে বহু বছৰৰ পৰা এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে,
কিন্তু বাস্তৱতে কোনো কাৰ্য্যকৰী পদক্ষেপ লোৱা হোৱা নাই। ফলস্বৰূপে,
এই পৰিয়ালসমূহ চৰকাৰী বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে। চৰকাৰৰ
অনাকাংক্ষিত আৰু স্থায়ী ভূমি নীতি নথকাৰ ফলত অধিকাৰৰ পৰা বঞ্চিত হৈ এই পৰিয়ালসমূহ
অনিশ্চয়তাৰ মাজত জীৱন অতিবাহিত কৰিছে। ভূমি নথকা এই পৰিয়ালসমূহে কোনো ধৰণৰ চৰকাৰী
আঁচনি, লোণ সুবিধা আদি লাভ কৰিব নোৱাৰে।
এই
পৰিয়ালসমূহে কেৱল নিৰ্বাচনৰ সময়তহে গুৰুত্ব লাভ কৰে । কাৰণ এই পৰিয়ালসমূহে নিৰ্বাচনত
গুৱাহাটীৰ প্ৰায় কেইটা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে। প্ৰতিটো
নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰী প্ৰতিনিধিসকলে তেওঁলোকক আশ্বাস দিয়ে যে পাহাৰত থকা
পৰিয়ালসমূহক পট্টা প্ৰদান কৰা হ’ব।গুৱাহাটীৰ পট্টাহীন ৮৫ হাজাৰৰো
অধিক পৰিয়ালৰ লাখ লাখ ভোটাৰে গুৱাহাটীৰ কেইবাটাও সমষ্টিত যথেষ্ট নিৰ্ণায়ক ভূমিকা
পালন কৰে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এই বিষয়টো অন্যতম গুৰুত্বপূৰ্ণ ইস্যু
আছিল আৰু বিভিন্ন ধৰণে প্রতিশ্ৰুতি দিয়া হৈছিল।একে দৰে বিগত লোকসভা নির্বাচনতো শাসক-বিৰোধী উভয়ে এইসকল
লোকৰ ভোট বিচাৰি নিৰ্বাচনী বৈতৰণী পাৰছে । কিন্তু নিৰ্বাচনৰ পাছত পূৰ্বৰ দৰে
বিষয়টো তল পৰিল । চৰকাৰৰ প্রলোভনৰ ৰাজনীতিৰ বিপৰীতে উক্ত ৮৫ হেজাৰ
পৰিয়ালে এইবাৰো পট্টা লাভ নকৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে । বহু লোকৰ আশাৰ সৃষ্টি হৈছিল যে মিছন
বসুন্ধৰাৰ জৰিয়তে তেওঁলোক চৰকাৰী ভূমি অধিকাৰ লাভ কৰিব, কিন্তু এই আশা
কোনোদিনো পূৰণ নহব। চৰকাৰৰ
এনে ব্যৱস্থাৰ ফলত পাহাৰৰ বাসিন্দাসকলৰ ভিতৰত গভীৰ অসন্তোষে দেখা দিছে।
এই সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম
সমিতি অসমৰ সভাপতি প্রবীণজ্যোতি কলিতাই ক্ষোভ প্ৰকাশ কৰি কয়, "শেহতীয়াকৈ
ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে জাৰি কৰা এক নিৰ্দেশনাই ৰাইজৰ পট্টা লাভৰ ন্যূনতম
আশাকণকো নহোৱা কৰি দিছে ।ইতিমধ্যে চৰকাৰে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন
কৰাসকলক তৃতীয় পৰ্যায়ত আবেদন নকৰিবলৈ কোৱা হয় । দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰাত
গুৱাহাটীৰ পট্টাহীনকো পট্টা প্ৰদানৰ আশ্বাস দিয়াত প্রায় এক লাখ লোকে আবেদন দাখিল
কৰিছিল ।
চৰকাৰৰ শেহতীয়া নির্দেশনা অনুসৰি
বিবদমান আৰু 'ননকে' অঞ্চলত মাটিৰ পট্টা দিয়া নহয় । ননকেৰ দ্বাৰা
স্পষ্ট কৰি দিয়া হৈছে যে জৰীপ নোহোৱা মাটিত পট্টা প্ৰদান কৰা নহয় । গুৱাহাটীৰ ১৮
খন পাহাৰৰ এখনতো এতিয়ালৈকে জৰীপ হোৱা নাই । অথচ চৰকাৰে পাহাৰত মাটিৰ পট্টা দিয়া
নহ'ব বুলি নক'লেও ননকেৰ দ্বাৰাই সেয়া
স্পষ্ট কৰিছে । গুৱাহাটীৰ বৃহৎ সংখ্যক পৰিয়াল পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰ পাহাৰ
আৰু পাহাৰৰ নামনি অঞ্চলত বাস কৰে । দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰা কাৰ্যকৰী কৰাৰ
সময়ত ভৈয়ামত বাস কৰা একাংশ লোকক পট্টা প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি তেওঁলোকক
আগধন জমা দিবলৈ কোৱা হৈছিল । কিন্তু সেই ধনৰ পৰিমাণ ইমানেই বেছি আছিল যে সেই পট্টা
প্ৰদান কৰা একাংশ লোকৰে ৯৫ শতাংশ পৰিয়ালেই আগধন জমা দিব নোৱাৰিলে । অথচ এইসকল
লোকক পট্টা লাভৰ চৰ্ত পূৰণৰ উপযুক্ততাৰ ভিত্তিতহে বাছনি কৰা হৈছিল ।"
গুৱাহাটীৰ
বিভিন্ন পাহাৰ অঞ্চলত থকা পৰিয়ালক সমুহৰ কিছু লোকক দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত
পট্টা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল,
কিন্তু পট্টা পাবলৈ আগধন জমা দিয়াৰ শর্তত অধিকাংশ পৰিয়ালে পট্টা ল’ব পৰা নাছিল। এই
পৰিয়ালসমূহে যুগ যুগ ধৰি পাহাৰ অঞ্চলত বসবাস কৰি আহিছে, অথচ
তেওঁলোকৰ অধিকাৰৰ বিষয়ে কোনো ধৰণৰ চৰকাৰে সিদ্ধান্ত লোৱা নাই। বহু পৰিয়ালে শৈক্ষিক
সুবিধা, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ, ৰেচন
কাৰ্ড আদি লাভ কৰিবলৈ অসুবিধা ভোগ কৰিছে। এইসকল সমস্যাৰ ফলত পাহাৰত থকা বহু পৰিয়াল
দুৰ্বল আৰু চৰকাৰী সুবিধাৰ পৰা সম্পূৰ্ণভাৱে বঞ্চিত হৈ আছে।ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি
প্রবীণজ্যোতি কলিতাই কয় যদি এই
সমস্যা সমাধান নহয়, তেন্তে ভবিষ্যত প্ৰজন্মৰ বাবে এই
দুখ-দুৰ্দশা চলি থাকিব ।
কলিতাই
কয়, "আমাক কেৱল প্ৰলোভন দেখুৱাই আছে। চৰকাৰে কৈছিল, মানুহ
যি ঠাইত থাকি আছে, সেই ঠাইতে পট্টা দিয়া হ’ব। কিন্তু এতিয়া নতুন নিয়ম আনি চৰকাৰে ইয়াক বিলম্বিত কৰি আছে। পাহাৰত
থকা মানুহৰ বাবে চৰকাৰে কোনো স্পষ্ট
নীতি ঘোষণা নকৰি, জৰীপ নোহোৱা বুলি
দেখুৱাই তেওঁলোকক বঞ্চিত কৰি আহিছে।" বহু পৰিয়ালে এই অবিচাৰৰ বিৰুদ্ধে
আন্দোলন কৰিবলৈ প্ৰস্তুতি লৈছে। যদি চৰকাৰে শীঘ্ৰই কোনো ব্যৱস্থা নলয়, তেন্তে বৃহৎ গণ-আন্দোলন সংগঠিত হ’ব বুলি সকিয়াই দিয়ে
সভাপতি প্রবীণজ্যোতি কলিতাই ।
গুৱাহাটী
মহানগৰৰ ১৮ খন পাহাৰ অঞ্চলৰ লাখ লাখ পৰিয়াল এতিয়াও পট্টাৰ পৰা বঞ্চিত হৈ আছে।
চৰকাৰে সমস্যাটোৰ সমাধানৰ কোনো পথ সন্ধান নকৰাকৈ উচ্ছেদৰ পথ বাছি লৈছে। এই পৰিয়ালসমূহে
নিজৰ অধিকাৰৰ বাবে অহৰহ সংগ্ৰাম কৰি আছে,
কিন্তু চৰকাৰৰ উদাসীনতাৰ বাবে তেওঁলোকৰ ন্যায়সঙ্গত দাবী অগ্ৰাহ্য হৈ
আছে। গতিকে, ২০ ফেব্ৰুৱাৰীৰ দিছপুৰ চলো আন্দোলনৰ সফলতা
নিশ্চিত কৰিবলৈ সকলোৰে অংশগ্ৰহণ আবশ্যক বুলি কয় আছে।ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ। ইয়াৰ পিচতো যদি চৰকাৰে উচিত পদক্ষেপ নলয়, তেন্তে
পাহাৰৰ বাসিন্দাসকলে অধিক কঠোৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব
বুলি সকিয়াই দয়ে সভাপতি প্রবীণজ্যোতি
কলিতাই।
0 coment rios: