৫৪৩ জন সাংসদৰ ভিতৰত ২৫১ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ
তথ্য অনুসৰি কেৰালাৰ ২০ জন সাংসদৰ ভিতৰত
১৯ জনৰ বিৰুদ্ধে (৯৫%)আছে অপৰাধমূলক গোচৰ, ইয়াৰে ১১ টা গুৰুতৰ
গোচৰ।
সম্পাদকীয় ডেস্ক, ১১ফেব্ৰুৱাৰীঃ ৰাজনীতিক অপৰাধীকৰণ সন্দৰ্ভত উচ্চতম
ন্যায়ালয়ত তথ্য দাখিল কৰা হয়। সেই তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে ৫৪৩ জন
লোকসভা সাংসদৰ ভিতৰত ২৫১ জনৰ বিৰুদ্ধে অপৰাধমূলক (ফৌজদাৰী) গোচৰ চলি আছে। ইয়াৰে
১৭০ জনৰ বিৰুদ্ধে ৫ বছৰ বা তাতকৈ অধিক শাস্তিযোগ্য অপৰাধৰ অভিযোগ আছে। জ্যেষ্ঠ
অধিবক্তা বিজয় হান্সাৰিয়াই ন্যায়াধীশ দিপাংকৰ দত্ত আৰু মনমোহনৰ বিচাৰপীঠত ৮৩
পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰা হৈছে, যিখন প্ৰতিবেদনত বিভিন্ন
উচ্চ ন্যায়ালয়ৰ তথ্য ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। এই তথ্য অনুসৰি কেৰালাৰ ২০
জন সাংসদৰ ভিতৰত ১৯ জনৰ বিৰুদ্ধে (৯৫%) অপৰাধমূলক গোচৰ আছে, ইয়াৰে
১১ টা গুৰুতৰ গোচৰ।
তথ্য
অনুসারে, হরিয়ানার ১০ জন এবং ছত্তিশগড়ের ১১ জন সাংসদের
মধ্যে মাত্র একজনের বিরুদ্ধে ফৌজদারি অভিযোগ রয়েছে। পাঞ্জাবের ১৩ জন সাংসদের
মধ্যে ২ জন, অসমের ১৪ জনের মধ্যে ৩ জন, দিল্লির ৭ জনের মধ্যে ৩ জন, রাজস্থানের ২৫ জনের
মধ্যে ৪ জন, গুজরাতের ২৫ জনের মধ্যে ৫ জন এবং মধ্যপ্রদেশের
২৯ জন সাংসদের মধ্যে ৯ জনের নামে ফৌজদারি মামলা রয়েছে।
তথ্য
অনুসৰি হাৰিয়ানাৰ ১০ জন আৰু ছত্তীশগড়ৰ ১১ জন সাংসদৰ ভিতৰত মাত্ৰ এজনৰ বিৰুদ্ধে
অপৰাধমূলক গোচৰৰ অভিযোগ আছে। পঞ্জাৱৰ ১৩ জন সাংসদৰ ভিতৰত দুজন, অসমৰ
১৪ জনৰ ভিতৰত ৩ জন, দিল্লীৰ ৭ জনৰ ভিতৰত ৩ জন, ৰাজস্থানৰ ২৫ জনৰ ভিতৰত ৪ জন, গুজৰাটৰ ২৫ জনৰ ভিতৰত
৫ জন আৰু মধ্যপ্ৰদেশৰ ২৯ জনৰ ভিতৰত ৯ জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।
উচ্চতম ন্যায়ালয়ৰ মতে ৰাজনীতিক অপৰাধীকৰণ কৰাটো এটা ডাঙৰ
সমস্যা। আদালতে এই প্ৰশ্ন উত্থাপন কৰে যে, ফৌজদাৰী গোচৰত দোষী সাব্যস্ত
হোৱাৰ পিছত এজন ব্যক্তি কেনেকৈ সংসদলৈ নিৰ্বাচিত হৈ আহিব পাৰে? ন্যায়াধীশ
দিপাংকৰ দত্ত আৰু মনমোহনৰ সমন্বয়ত গঠিত বিচাৰপীঠে সেয়ে
এই বিষয়ত ভাৰতৰ এটৰ্নী জেনেৰেলৰ সহায় বিচাৰিছে। অধিবক্তা অশ্বিনী উপাধ্যায়ে
দেশৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰৰ শীঘ্ৰে নিষ্পত্তি আৰু দোষী
সাব্যস্ত হোৱা ৰাজনীতিবিদৰ আজীৱন নিষেধাজ্ঞাৰ দাবীত দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ
শুনানি গ্ৰহণ কৰি আছিল এই বিচাৰপীঠে । জনপ্ৰতিনিধিত্ব আইনৰ ৮ আৰু ৯ নং ধাৰাৰ
সাংবিধানিক বৈধতাৰ প্ৰত্যাহ্বান সন্দৰ্ভত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা তিনি
সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে আদালতে।

0 coment rios: