Wednesday, February 12, 2025

তেওঁ যদি আইএছআই, মই ৰ’: গৌৰৱ গগৈ

 তেওঁ যদি আইএছআই, মই ৰ’: গৌৰৱ গগৈ

বি. চি ডেস্ক, ১২ফেব্ৰুৱাৰীঃ লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে চাঞ্চল্যকৰ অভিযোগ। অভিযোগ অনুসৰি এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তানৰ সৈতে আছিল ঘনিষ্ঠ সম্পৰ্ক। অকল সেয়াই নহয় মাৰ্কিন ডীপষ্টেটৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ ছৰছৰ সৈতেও এলিজাবেথ কলবাৰ্ণ গগৈৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ আজি সামাজিক মাধ্যম যোগে কাৰো নাম নোলোৱাকৈ মুখ্যমন্ত্রীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।



মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সামাজিক মাধ্যমত দিয়া কেইবাটাও পোষ্টে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰ খন জোকাৰি গৈছে । কাৰো নাম উল্লেখ নকৰা কৈ মুখ্যমন্ত্ৰীৰ পোষ্টকেইটাত সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে । সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈকলৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে পৰোক্ষভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ।

নাম উল্লেখ নকৰাকৈ গৌৰৱ গগৈৰ পত্নীক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত কয় যে, "ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে। আনহাতে যদি অনুমতি পায় তাৰ পাছতো এক চৰ্ত থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব। আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া। ইয়াৰে আন সকলো বিষয় বিবেচনাতকৈ জাতিৰ প্ৰতি থকা আনুগত্যক সদায় অগ্ৰাধিকাৰ দিয়াটো উচিত।"



সামাজিক মাধ্যমত দিয়া আন এটা পোষ্ট যোগে মুখ্যমন্ত্রীয়ে কয়, "কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ফুচুলাই যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱাৰ লগতে ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ গোটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি গুৰুতৰ উদ্বেগপূৰ্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা মনোযোগ বেলেগ দিশলৈ লৈ গৈ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰিছে। জৰ্জ ছৰছৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা এতিয়া জানিবলৈ পোৱা যাব। আশা ৰাখিছোঁ, যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব।"

সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ নাগৰিকত্ব আৰু আইএছআইৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত নাম প্ৰকাশ নকৰাকৈ গৌৰৱ গগৈৰ পত্নীক এলিজাবেথ কলবাৰ্ণ গগৈৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰাৰ পিচত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয়, "মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট, তেন্তে মই ভাৰতীয় এজেণ্ট আৰু যদি তেওঁ আইএছআই, মই ৰ'। ইয়াত কিন্তু জিকিব ইণ্ডিয়াই।"



উল্লেখ্য যে পত্নীক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "নিৰ্বাচন আহিলেই মোৰ পত্নীৰ কথা ওলাই। এইবাৰ নিৰ্বাচনলৈ এবছৰ আছে যদিও বিতৰ্ক এতিয়াই ওলাইছে। গাদী যোৱাৰ ভয়ত বিজেপিয়ে এনেধৰণৰ কথা উলিয়াই থাকে। বিজেপিয়ে ভয় খাই এইবোৰ কথা উলিয়াইছে। আমি সকলো ৰাইজৰ বিবেকৰ ওপৰত এৰি দিছো।"

বিজেপি আৰু মুখ্যমন্ত্ৰীক লক্ষ্য কৰি তেওঁ কয়, "মই ভাবিছো ক'ৰবাত মুখ্যমন্ত্ৰীও অলপ শংকিত হৈছে নেকি। যেতিয়াৰ পৰা তেওঁলোকৰ দলৰ নতুন সভাপতি আহিছে তেওঁ নিজৰ গাদীৰ প্ৰতি অলপ শংকিত হৈছে নেকি? নহ'লে আমি দেখিছো বিজেপিত অন্তিম মুহূৰ্তত কাক মুখ্যমন্ত্ৰী বনাই দিয়ে কোনেও ধৰিব নোৱাৰে, নে অসম বিজেপিৰ দিলীপ শইকীয়া এতিয়া ভাবী মুখ্যমন্ত্ৰী প্ৰাৰ্থী ? সেইটোক লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে। তেওঁৰ মাটিৰ লগত থকা সম্পৰ্ক, মানহানি গোচৰ এইবোৰ সকলো দিল্লীৰ কাণত পৰি আছে। সেয়ে শংকিত হৈ ছিংগাপুৰৰ পৰা টুইট কৰিছে।" বুধবাৰে নলবাৰী জিলাৰ মুকালমুৱাত উপস্থিত হৈ এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: