দিল্লী বিধানসভাত আপৰ শোচনীয় পৰাজয় কিয়?
কংগ্ৰেছ আৰু আপৰ সংঘাতৰ ফলত তেওঁলোকৰেই লোকচান হৈছে। আৰু কংগ্ৰেছে নিজৰ নাক কাটি আপৰ যাত্ৰা ভঙ্গ কৰা কাৰ্যৰ বাবে বিজেপিয়ে শেষ হাঁহি মাৰিব পালে।
সম্পাদকীয় ডেস্ক, ১০ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ ২৭ বছৰৰ অন্তত পুনৰবাৰ দিল্লী
বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি মচনদ দখল কৰিছে। বিগত নিৰ্বাচনত
বিজেপিয়ে যত মাত্ৰ ৮খন আসন লাভ কৰিছিল তাৰ বিপৰীতে এইবাৰ বিজেপিয়ে ৪৮খন আসন লাভ
কৰিবলৈ সক্ষম হয় । আৰু ৬২খন আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰা আম
আদমী পাৰ্টিয়ে এই বাৰ লাভ কৰিলে মাত্ৰ ২২খন আসন ।
এইবাৰ আপৰ ফলাফলক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছিল। দুৰ্নীতিৰ
অভিযোগত জেল যাব লগাত পৰিছিল আপৰ মূল চালিকা শক্তি অৰবিন্দ কেজৰিৱাল। জেলৰ পৰা ওলাই
আহি মুখ্যমন্ত্রীৰ আসনত নিজে নবহি আতিশী মাৰ্লেনাক মুখ্যমন্ত্রী হিচাপে নিযুক্তি
দিয়ে৷ কেজৰিৱালে কৈছিল যে দিল্লীৰ জনসাধাৰণে বিচাৰিলেহে তেওঁ নিৰ্বাচনত জয়ী
হোৱাৰ পিছতহে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব। কিন্তু কেজৰিৱালৰ সেই আশা পূৰণ নহ’ল। তথাপি ক্ষমতালৈ অহাৰ পাছত তেওঁ চৰকাৰৰ হৈ দিল্লীবাসীক কেইবাটাও সুবিধা প্ৰদান
কৰিছিল। মূল দুটা হৈছে ২০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ বিলত ৰেহাই আৰু মহিলাৰ বাবে
বিনামূলীয়া বাছ যাত্ৰা। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সংস্কাৰ সাধন কৰিছিল
যাতে ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হয়। নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালে ঘোষণা কৰিছিল যে যদি
তেওঁ পুনৰ ক্ষমতালৈ আহে তেন্তে তেওঁ পুৰোহিতক মাহিলী ১৮ হাজাৰ টকা ভাট্টা দিব।
কিন্তু এই সকলোবোৰৰ পিছতো তেওঁ আৰু তেওঁৰ দলটোৰ কিয় এই অৱস্থা হ’ল?
আচলতে মানুহে কেৱল চৰকাৰৰ দয়াত জীয়াই থাকিব নিবিচাৰে।
তেওঁলোকে নিজৰ উপার্জনৰ সংস্থাপন, আয়ৰ
উৎস, উন্নয়ন, অধিকাৰ আদি বিচাৰে। দিল্লীৰ বায়ু প্ৰদূষণ আৰু যমুনাৰ পানী প্ৰদূষণে সকলো
সীমা অতিক্ৰম কৰিছে। কেতিয়াবা কাৰ্যালয়লৈ যোৱাৰ সময়ত দিল্লীৰ যান-জঁট ভয়ংকৰ হৈ
পাৰে। মানুহে উন্নত আন্তঃগাঁথনি বিচাৰে। কাৰাগাৰলৈ যাবলগীয়া হৈছে আপৰ কেইবাজনো মন্ত্ৰী।
ফলত তেওঁলোকৰ ভাবমূর্তি জনমানসত হেৰাই গৈছে৷ আৰু কেজৰিৱালৰ কাৰ্যকালতে পূব দিল্লীৰ
একাংশত সাম্প্ৰদায়িক দাঙ্গা সংঘটিত হয়। সেই সময়ত আপে ইয়াক চম্ভালিবলৈ বিশেষ
ভূমিকা লোৱা দেখা নাযায়। এইবাৰ মুছলমান অঞ্চলত ভোটৰ ভাগ হৈ কংগ্ৰেছ আৰু আছাদুদ্দিন
ওৱাইছিৰ এ আই এম আই এম (এম আই এম)ৰ মাজত বিভক্ত হৈছে। আনকি দাঙ্গা সংঘটিত হোৱা
অঞ্চলতো আপ আৰু এম আই এমৰ মাজত বিভাজিত ভোটেৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ
কৰে।
যোৱা ৫ বছৰত দিল্লীত আপৰ শীৰ্ষ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে
ইডি-চিবিআইৰ তদন্ত সঘনাই দেখা গৈছে। আনকি নিৰ্বাচনৰ দিনটোতো দুৰ্নীতি নিবাৰক
ব্যুৰোৱে কেজৰিৱালৰ ঘৰত অভিযান চলাইছিল। কেন্দ্ৰত ক্ষমতাত থকা বিজেপিৰ এই সকলোবোৰ
ষড়যন্ত্ৰ বুলি আপে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে। আবকাৰী দুৰ্নীতিৰ অভিযোগত
জেললৈ যাবলগীয়া হৈছিল কেজৰিৱাল আৰু তেওঁৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। মন কৰিবলগীয়া
যে তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য নিদিয়াৰ বাবেও আদালতে ইডিক ধমক দিছিল আৰু তেওঁলোকক
জামিন মঞ্জুৰ কৰা হৈছিল। এনেদৰে কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ সৈতে আপ চৰকাৰৰ সংঘাত
অহৰহ হৈ আহিছে। এই সংঘাতৰ বাবে আপ চৰকাৰে বিভিন্ন কেন্দ্ৰীয় প্ৰকল্পৰ পৰা আঁতৰি
আহিছে।
ফলত দিল্লীৰ সাধাৰণ জনতা কিছু অঞ্চলত
বঞ্চিত হৈছে। ইয়াৰ উপৰিও দিল্লী আৰক্ষী কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকে আৰু
দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। লেফটেনেণ্ট
গৱৰ্ণৰৰ সৈতে আপৰ বিবাদে বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। সাধাৰণ ৰাইজে
নিশ্চয় এই সংঘাত নিবিচাৰে। সেয়েহে এই নির্বাচনত প্রতিষ্ঠান বিৰোধী আৱেগে কাম কৰিছে
৷ দিল্লীৰ ৰাইজে এই পৰিস্থিতিৰ পৰিৱৰ্তন বিচাৰে। আৰু কংগ্ৰেছৰ ভূমিকাও ইয়াত
উল্লেখ কৰাটো প্ৰয়োজন। আপ আৰু কংগ্ৰেছ একে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সদস্য হৈও ইটোৱে সিটো দলৰ ওপৰত যিদৰে
আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিলে, যাত ফলত বিজেপি উপকৃত হ’ল
। সামান্য ভোট ব্যৱধানত
বিজেপিৰ প্ৰাৰ্থীয়ে বহু আসনত জয়লাভ কৰে। সেই আসনসমূহত যদি আপ আৰু কংগ্ৰেছৰ ভোটৰ
ভাগ নহ’ল
হেঁতেন তেন্তে বিজেপিৰ প্ৰাৰ্থী সেই আসনসমূহত কোনো কাৰণতে জয় হব নোৱাৰিলে হেঁতেন।
কংগ্ৰেছ আৰু আপৰ সংঘাতৰ ফলত তেওঁলোকৰেই লোকচান হৈছে। আৰু কংগ্ৰেছে নিজৰ নাক কাটি
আপৰ যাত্ৰা ভঙ্গ কৰা কাৰ্যৰ বাবে বিজেপিয়ে শেষ হাঁহি মাৰিব পালে।
0 coment rios: