মোডী-ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকে ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিলে নেকি?
সম্পাদকীয় ডেস্ক, ১৬ফেব্ৰুৱাৰীঃ হোয়াইট হাউছত ভাৰত-আমেৰিকা সম্পৰ্ক সন্দৰ্ভত দ্বিপাক্ষিক বৈঠকত মিলিত হয়
মোডী আৰু ট্ৰাম্প। দুয়োখন দেশৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা
হয়। কিন্তু, প্ৰকৃততে কোনে লাভৱান হ’ল, ভাৰতে ইয়াৰ পৰা কিমান লাভৱান হ’ল নে মাজত বাটতে ট্ৰাম্পে মোডীক পাঁচটা কৈ গ’ল দি
আগবাঢ়িল সেই সম্পৰ্কে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশদ বিশ্লেষণ
আৰম্ভ হৈছে। এই বৈঠকে ভাৰতৰ ওপৰত চাপ বাঢ়িছে বুলি বহুতে ইতিমধ্যে দাবী কৰিছে। এই
বৈঠকৰ ফলত ভাৰতীয় অৰ্থনীতিৰ কোনো ইতিবাচক সমাধান নহ’ল বুলিও
বহুতে দাবী কৰিছে।বহু আশা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিল।
কিন্তু আমেৰিকা আৰু ট্ৰাম্পৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখিব লৈ গৈ মোদীয়ে
ফলপ্ৰসূভাৱে আমেৰিকাক ব্যৱসায়িক সুবিধাহে প্ৰদান কৰিলে। বিনিময়ত দেশৰ কোনো ডাঙৰ
বাণিজ্যিক লাভ নহ’ল । আনকি বাংলাদেশ
আৰু চীনৰ সীমান্ত নিৰাপত্তাৰ সন্দৰ্ভতো কোনো গঠনমূলক পদক্ষেপ দেখা নগ’ল।
প্ৰসংগক্ৰমে মোডী আৰু ট্ৰাম্পৰ মাজত আলোচনা
হোৱা বিষয়সমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ বিষয় সমুহ হ’ল- মাগা
+ মিগা = মেগা অৰ্থাৎ ‘মেক আমেৰিকা গ্ৰেট এগেইন’ (মাগা) আৰু ‘মেক ইণ্ডিয়া গ্ৰেট এগেইন’ মিগা, বাণিজ্যিক ঘাটি হ্ৰাস কৰিবলৈ ভাৰত আমেৰিকাৰ তেল আৰু গেছ আমদানি
বৃদ্ধি কৰিব, প্ৰতিৰক্ষাৰ সম্পৰ্ক শক্তিশালী কৰা, পঞ্চম প্ৰজন্মৰ এফ-৩৫ যুঁজাৰু
বিমান সৰবৰাহ, অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি, একবিংশ শতিকাৰ
বাবে আমেৰিকা-ভাৰত চুক্তি, বাণিজ্য আৰু শুল্ক, ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ বাণিজ্য
কৰিডৰৰ ওপৰত চৰ্চা, মোডীৰ ওপৰত আস্থা, ভাৰত-চীন সীমা বিবাদৰ মধ্যস্থতাৰ প্ৰস্তাৱ
আদি গুৰুত্বপূৰ্ণ বিষয় সমুহৰ ভিতৰত কোনটো ভাৰতৰ বাবে উপকাৰী? আৰু
আমেৰিকাই ইয়াত সঠিকভাৱে কি অৰ্থনৈতিক স্বাৰ্থ লুকুৱাই ৰাখিছে সেই সম্পৰ্কে প্ৰশ্ন
উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।
বিশেষকৈ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ
পূৰ্বে ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা
কৰিছিল। আনকি যৌথ সংবাদমেলত তেওঁ সেই ভাব প্ৰকাশ হৈছিল। আমেৰিকাৰ
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে যি মাত্ৰাত আমদানি শুল্ক আৰোপ কৰিছে, সেই
স্তৰৰ আমদানি শুল্ক আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আমি আৰোপ কৰিম। ফলত আমেৰিকালৈ সামগ্ৰী
ৰপ্তানি যে ভাৰতৰ বাবে যথেষ্ট ব্যয়বহুল হৈ পৰিব তাত কোনো সন্দেহ নাই। কাৰণ যদি
ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিব বিচাৰে তেন্তে তাৰ
পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰতো ভাৰতে শুল্ক হ্ৰাস কৰিব লাগিব। আৰু এই বিষয়টো
কাৰ্যতঃ ভাৰতৰ বাবে বৃহৎ ক্ষতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব। প্ৰথমতে, আমদানি
শুল্ক হ্ৰাস কৰিলে ঘৰুৱা ঔদ্যোগিক সামগ্ৰী বজাৰত বিদেশী সামগ্ৰীতকৈ বহু সস্তা হৈ পৰিব।
আকৌ, যদি আমেৰিকাই আমদানি শুল্কত এই সুবিধা প্ৰদান কৰে,
তেন্তে বিশ্বৰ আন দেশসমূহেও একেদৰেই আমদানি শুল্কৰ ৰেহাই দিব লাগিব।
ফলত ঘৰুৱা কোম্পানীসমূহ ঘৰুৱা প্রতিযোগিতাত পিছ পৰিব৷ তুলনামূলকভাৱে তেওঁলোকৰ
সামগ্ৰীৰ চাহিদা কমি যাব আৰু ঘৰুৱা উদ্যোগ সমুহে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব।
বাংলাদেশৰ সৈতে পশ্চিম বংগৰ ঘনিষ্ঠ
সম্পৰ্ক। সেই দেশত যদি অশান্তিৰ সৃষ্টি হয়, তেন্তে ইয়াৰ প্ৰত্যক্ষ
আৰু পৰোক্ষ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব। আনকি বাংলাদেশৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক
সম্পৰ্কতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰে। অৱশ্যে বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ পৰা ট্ৰাম্পে কোনো দায়িত্ব
নোলোৱাকৈয়ে সম্পূৰ্ণৰূপে মোডীক দোষাৰোপ কৰি হাত ধুইছে। কিন্তু বৰ্তমানৰ
আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিত বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যদি
ভাৰতৰ লগত নাথাকে তেন্তে বাংলাদেশ সন্দৰ্ভত কোনো ডাঙৰ পদক্ষেপ লোৱাটো ভাৰতৰ বাবে
সম্ভৱ হ’বনে? বাৰে বাৰে উত্থাপিত হৈ আহিছে এই প্ৰশ্ন ।
বিশেষকৈ বাংলাদেশৰ আভ্যন্তৰীণ অস্থিৰতাত ভাৰতে কিমানখিনি হস্তক্ষেপ কৰিব পাৰিব বা
আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সেই দেশৰ সংখ্যালঘু নিৰ্যাতনত কিমানখিনি হস্তক্ষেপ
কৰিব ? সেই বিষয়েও যথেষ্ট সন্দেহ আছে। এই পৰ্যন্ত
কেন্দ্ৰীয় চৰকাৰে হাছিনাক দেশত স্থান দি, বৈদেশিক পৰিক্ৰমা
মন্ত্ৰালয়ৰ জৰিয়তে চিঠি প্ৰেৰণ আৰু মৌখিক আলোচনাৰ বাহিৰে আন কোনো ডাঙৰ পদক্ষেপ
গ্ৰহণ কৰা পৰিলক্ষিত নাই।
ইফালে, ২০২০ চনৰ আগষ্ট মাহত
লাডাখৰ গালৱান উপত্যকাত চীনা সেনাৰ আক্ৰমণত ২০ জন ভাৰতীয় জোৱান নিহত হৈছিল।
ভাৰত-চীন সীমান্তত এতিয়াও মাজে মাজে উত্তেজনাই বিৰাজ কৰে । কিন্তু চীনৰ সৈতে
সীমান্ত সমস্যা আৰু অন্যান্য বিষয়ত ট্ৰাম্প প্ৰশাসন নৰম
মনোভাবাপন্ন ।
বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত চীনৰ গুৰুত্বক অধিক প্ৰাধান্য দিছে আমেৰিকাই।
ভাৰত-চীন সীমান্ত বিষয়ত মধ্যস্থতা কৰিব বিচাৰি ট্ৰাম্পে কাৰ্যতঃ ভাৰতৰ সাৰ্বভৌম
শক্তিৰ ওপৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে। আনকি চীনক প্ৰতিহত কৰাৰ নামত ভাৰতক
সামৰিক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰি আমেৰিকাই নিজৰ ব্যৱসায়িক লাভৰ ওপৰত গুৰুত্ব আৰোপ
কৰিছে। সেই ক্ষেত্ৰত পঞ্চম প্ৰজন্মৰ এফ-৩৫ যুঁজাৰু বিমানখনৰ যোগানক লৈও প্ৰশ্ন
উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। কাৰণ ইয়াৰ কাৰিকৰী মানদণ্ডক লৈ ইতিমধ্যে বিশেষজ্ঞসকলে
সন্দেহ প্ৰকাশ কৰিছে।
বৰ্তমান দেশখনৰ আটাইতকৈ বিতৰ্কিত বিষয়টো
হ’ল আমেৰিকাত থকা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক হাত-ভৰি বান্ধি ভাৰতীয়ৰ
আৱেগক আঘাত কৰি নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত এই সমস্যা
সমাধান কৰিব নোৱাৰিলে মোদীয়ে। ট্ৰাম্প প্ৰশাসনৰ ওচৰত এই বিষয়ত হেঁচাও বৃদ্ধি
কৰিব নোৱাৰিলে।
ইয়াৰ উপৰিও ভাৰতত পাৰমাণৱিক ব্যবসায়িক সম্প্ৰসাৰণ কৰি
ব্যৱসায়িক স্বাৰ্থ আগবঢ়াই নিবলৈ চেষ্টা কৰিছে ট্ৰাম্পে। তেল আৰু গেছ সৰবৰাহৰ প্ৰতি আমেৰিকাৰ এটা
ডাঙৰ ব্যৱসায়িক স্বার্থ সিদ্ধি হ’বলৈ ওলাইছে। কিন্তু সেই
বাণিজ্যত আন দেশৰ তুলনাত ভাৰতে আমেৰিকাৰ পৰা কিমান লাভৱান হ’ব
সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ মুঠতে মোডীক সাৱটি ধৰি, কিতাপ
উপহাৰ দি, ভূয়সী প্ৰশংসা কৰি ট্ৰাম্পে প্ৰমাণ কৰিলে যে তেওঁ মোডীতকৈ
বহুত ডাঙৰ বিক্ৰেতা।
0 coment rios: