Friday, February 14, 2025

এয়া মোক আৰু মোৰ পৰিয়ালক বদনাম কৰা অপচেষ্টা: বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে ল’ব আইনী ব্যৱস্থা

 এয়া মোক আৰু মোৰ পৰিয়ালক বদনাম কৰা অপচেষ্টা: বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে লব আইনী ব্যৱস্থা

বি. চি ডেস্ক, ১৪ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে পুনৰ সামাজিক মাধ্যমত পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্তৰ সৈতে গৌৰৱ গগৈৰ এক বৈঠকৰ ফটো শ্বেয়াৰ কৰা পিছতে সকলো বোৰ স্পষ্ট হৈ পৰে।

সামাজিক মাধ্যমত চলা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ যুঁজখনে ক্ৰমাৎ উত্তাপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। ইফালে এই অভিযোগৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে- বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ হাতত লৈছে। তেওঁলোকৰ অভিযোগ ভিত্তিহীন কাৰণ ইয়াৰ কোনো সত্য সত্যা দেখা নাযায়। মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম। এই মন্তব্যৰ পাছত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাক যুদ্ধই তুঙ্গত উঠে ।চৰকাৰী পৰ্যায়তো এই ঘটনাক লৈ তৎপৰতা দেখা যায়।

আন এটা পোষ্টত সাংসদ গৌৰৱ গগৈয়ে লিখিছে যে, “পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি ২০১১ চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা “Youth Forum on Foreign Policy” নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে। এনেধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত ২০১০ চনত ইন্টাৰ্নশ্বিপ কৰি আছিলো। সেয়েহে ২০১১ চনত মই এনে এটা ফৰাম গঠন কৰিব বিচাৰিছিলো যত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে।

তেওঁ পুনৰ লিখিছে, “বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল। Youth Forum on Foreign Policy য়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল। এনে আলোচনা আৰু মত-বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ঠ অৰিহণা যোগাইছিল। আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিচ ভার্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিচনাৰ জেমছ বেভান, প্ৰফেছাৰ চি. ৰাজা মোহন, নন্দন নীলকাৰ্ণী, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য, আৰু নেদাৰলেণ্ড, চিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলো।

গৌৰৱ গগৈয়ে আৰু লিখিছে যে, “ইয়াৰ উপৰি, আমি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰবীণ বিষয়ববীয়া আৰু শিক্ষাবিদসকলৰ সৈতে বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰিছিলো। এই আলোচনা আৰু মত বিনিময় কাৰ্যসূচীয়ে বহু শিক্ষাৰ্থীক আগ্ৰহ আৰু জ্ঞানৰ বিকাশৰ নতুন দিশ দেখুৱাইছিল। বৈদেশিক নীতি, ৰাজনৈতিক কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এই ফৰাম অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সাংসদগৰাকীয়ে উল্লেখ কৰেযে , “মোৰ মনত পৰে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ পাব্লিক ডিপ্লমেচিশাখাৰ সৈতেও সহযোগিতা কৰিছিলো। ২০১১ চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল। কাৰণ আমি সেই সময়চোৱাত দিল্লী, গুৱাহাটী, বাংগালুৰু, মুম্বাই, কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলো। ২০১২ চনত গুৱাহাটীত অনুষ্ঠিত আলোচনাচক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাতো আমাৰ বাবে এক স্মৰণীয় ঘটনা আছিল। কিন্তু ২০১৪ চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ফৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস পায়। সৌভাগ্যক্ৰমে, এদল মেধাবী যুৱক-যুৱতীৰ দলে ফৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেলশ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল।

গৌৰৱ গগৈয়ে লিখিছে, “মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতালৈ পৰিণত হৈ পৰিছে। তেওঁলোকৰ বহুতে আজি সফল হোৱা দেখি মই সন্তুষ্টি লাভ কৰো। স্বাভাৱিকতে, মই বৈদেশিক নীতিৰ প্ৰতি সদায়েই আগ্ৰহী । পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলো, বৰঞ্চ কোন দেশৰ কাবাব বেচি সুস্বাদু সেই বিষয়েও আলোচনা কৰিছিলো! YFFP ৰামৰ বিষয়ে জানিবলৈ ইচ্ছুক সকলৰ বাবে ফেচবুক পৃষ্ঠাৰ লিংক তলত দিয়া হল-অনুগ্ৰহ কৰি তলৰ ফটোবোৰ চাব। আপোনালোকে ৰাজীৱ চন্দ্ৰশেখৰ, জয় পাণ্ডা, ৱাছবিৰ হুছেইন, ননি গোপাল মহন্ত আদিকে ধৰি চিনাকি মুখসমূহ দেখা পাব।



এই সমগ্ৰ ঘটনাৰ বাবে ৰাজনৈতিক মহলত বিস্তৰ চৰ্চা আৰম্ভ হৈছে। বিভিন্ন দল আৰু সংগঠনৰ ব্যক্তিসকলে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে। কোনো কোনোৱে এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। আনহাতে, বিশেষজ্ঞসকলে ইয়াক সামাজিক মাধ্যমত ভুৱা তথ্য প্ৰচাৰৰ এটি উদাহৰণ হিচাপে অভিহিত কৰিছে।

কোন সঁচা, কোন মিছা? এই বাকযুদ্ধৰ মাজত জনতাৰ মনত উঠিছে বহু প্ৰশ্নৰ। উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ এগৰাকী সন্মানীয় সাংসদক লৈ সম্প্ৰতি প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ আছে নেকি, সেই বিষয়ক লৈ আলোচনা কৰা হব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। লগতে আলোচনাত বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব বুলি সামাজিক মাধ্যমত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

এই ঘটনাক লৈ ৰাজনৈতিক মহলত এতিয়া তীব্ৰ চৰ্চা চলি আছে। এই অভিযোগসমূহৰ প্ৰতি জনসাধাৰণৰ চিন্তাধাৰা কিদৰে গঢ় লৈ উঠিছে তাক লৈও ধাৰণা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। ইয়াৰ লগতে সংবাদ মাধ্যম আৰু ৰাজনৈতিক সমালোচকসকলে এই বিষয়ক গভীৰভাৱে পৰ্যালোচনা কৰি আছে। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্রতিবেদকসকলে এই ঘটনাৰ নতুন নতুন তথ্য আৰু প্রমাণ সংগ্ৰহ কৰিবলৈ সক্ৰিয় হৈ পৰিছে।

ইতিমধ্যে, গগৈ পৰিয়ালৰ সমর্থকসকলে এই ঘটনাক সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি অভিহিত কৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক এই অভিযোগসমূহৰ অন্তৰ্গত সত্যতা সন্দৰ্ভত অবগত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সামাজিক মাধ্যমতো এই বিষয়ক লৈ ব্যাপক আলোচনাৰ সৃষ্টি হৈছে। সংবাদ প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত বিভিন্ন বিশেষজ্ঞৰ সাক্ষাৎকাৰ লৈ এই ঘটনাৰ পৰিপ্ৰেক্ষিত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: