Monday, February 17, 2025

ভাষাৰ পৰা ভূমি অধিকাৰলৈঃ আছু আৰু ৰাজ্য চৰকাৰৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

 ভাষাৰ পৰা ভূমি অধিকাৰলৈঃ আছু আৰু ৰাজ্য চৰকাৰৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বি. চি ডেস্ক, ১৬ফেব্ৰুৱাৰীঃ দেওবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম চৰকাৰৰ মাজত হোৱা বৈঠকত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনত মিলিত হয় । বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক আধাৰ কৰি অনুষ্ঠিত এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা হ'ব।

আজিৰ বৈঠকত খিলঞ্জীয়া নাগৰিকৰ ভূমি অধিকাৰ সুৰক্ষা কৰিবৰ বাবে নতুন ৰাজহ চক্ৰ গঠনৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ' এতিয়াৰে পৰা জনজাতীয় বেল্ট ব্লকৰ দৰে কেৱল মাত্ৰ খিলঞ্জীয়া অসমীয়াৰ হে অধিকাৰ থাকিব।। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আছু আৰু চৰকাৰে আলোচনা কৰি চিনাক্ত কৰা কিছু ব্লকত কেৱল তিনিটা প্ৰজন্ম বা ১৯৫১চনৰ পূৰ্বে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনাবেচা কৰিব পাৰিব। অৱশ্যে এইক্ষেত্ৰত জনজাতীয়, অনুসূচীত জাতি আৰু ৬ জনগোষ্ঠীৰ পৰা প্ৰমাণপত্ৰ বিচৰা নহয়। আনহাতে, এই সিদ্ধান্ত মুখ্য নগৰসমূহত প্ৰযোজ্য নহয়।

অসমীয়া ভাষা শিক্ষাৰ ক্ষেত্ৰত, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক হ', আৰু বি টি এ ডিত বড়ো আৰু অসমীয়া ভাষাও বাধ্যতামূলক কৰা হ'ব। বৰাক উপত্যকাত এই নিয়ম প্ৰযোজ্য নহ'ব।

অসমীয়া ইতিহাস শিক্ষাৰ ক্ষেত্ৰত, ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব। ব'হাগ মাহৰ পৰা অসম চৰকাৰৰ সকলো জাননী অসমীয়াতো প্ৰকাশ পাব। ৰাজ্য ভাষা সঞ্চালকালয়ক স্বতন্ত্ৰ সঞ্চালকালয় হিচাপে গঢ়ি তোলা হ'ব।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞিবৰুৱাৰ আসন আৰু শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলা হব। অসমৰ নামঘৰ, সত্ৰ আদিৰ সুৰক্ষা নিশ্চিত কৰা হব। কেৱল ইমানেই নহয়, সত্ৰসমূহৰ বাবে সুকীয়া ৰাজ্যিক বোৰ্ড গঠন কৰা হব।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ভূমি সংক্ৰান্তীয় কাম-কাজৰ বাবে নতুনকৈ ২ হাজাৰ পদ মুকলি কৰা হব আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে ১০০ কোটি টকাৰ পুঁজি আবণ্টন দিয়া হব।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত চৰকাৰে আলোচনা আৰম্ভ কৰিছে। ছেপ্টেম্বৰত প্ৰথম বৈঠকৰ পাছত দেওবাৰে দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমীয়া ভাষা, সংস্কৃতি, ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নোহোৱালৈ আছু আন্দোলন অব্যাহত ৰাখিব।অসম চৰকাৰৰ আওটাত ৪০ টা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়াকৈ ১২ টা আৰু কেৱল কেন্দ্ৰৰ আওটাত ১৫ টা কৰণীয় আছে। অসম চৰকাৰে ৩২টা কৰণীয় কাৰ্য সময়মতে সম্পন্ন কৰাৰ অঙ্গীকাৰ কৰিছে আৰু বাকী ১২টা কৰণীয় সন্দৰ্ভত অহা ১০ মাৰ্চৰ পূৰ্বে পুনৰ বৈঠক অনুষ্ঠিত হ'ব।

 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: