Saturday, February 8, 2025

পৰ্যটন সঞ্চালকালয়ত পুৰণি নথিপত্ৰ বিচাৰি অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ

 পৰ্যটন সঞ্চালকালয়ত পুৰণি নথিপত্ৰ বিচাৰি অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ

বি. চি ডেস্ক, ৮ফেব্ৰুৱাৰীঃ এ পি এছ চি কেলেংকাৰিৰ পিছত এতিয়া আন এক অনিয়মৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে। এইবাৰ পৰ্যটন বিভাগৰ নিয়োগত হোৱা অনিয়ম দুৰ্নীতিৰ সন্ধান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কালি পল্টন বজাৰত থকা পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায় ।



২০১০-১১ বৰ্ষত সম্পন্ন হোৱা এই নিয়োগত দুৰ্নীতি হোৱা সন্দেহত, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দলটোৱে পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত নথিপত্ৰ পৰীক্ষা কৰে আৰু বিষয়াসকলৰ পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধা-পোছা কৰে । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এক সূত্ৰই এই বিষয়ে উল্লেখ কৰিছে ।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চাকৰি লাভ কৰা প্ৰাৰ্থীৰ তালিকাৰ ফাইল বিচাৰি পৰ্যটন বিভাগৰ কাৰ্যালয়ত অভিযান চলোৱাৰ পিছতেই এতিয়া বহুতৰে নিদ্ৰাহৰণ হৈছে । তদন্তত নিযুক্তি কেলেংকাৰিৰ তথ্য পালে পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ।



উল্লেখযোগ্য যে, কিছু বঞ্চিত প্ৰাৰ্থীয়ে আগতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই নিয়োগ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল। আদালতে ৰাজ্য চৰকাৰক তদন্তৰ নিৰ্দেশ দিয়া অনুসৰিয়েই এই অভিযান আৰম্ভ হৈছে বুলি এক সূত্ৰত প্ৰকাশ। সূত্ৰটোৰ মতে সেই সময়ত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলো তদাৰকী কোষৰ অনুসন্ধানৰ আওতালৈ অহাৰ সম্ভাৱনা আছে । লগতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, তদন্তকাৰী দলটোৱে তৎকালীন বিষয়াসকলৰ ভাস্য সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে ।

২০১০-১১ বৰ্ষত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আমোলত পৰ্যটন বিভাগৰ এই নিয়োগ সন্দৰ্ভত অনিয়মৰ অভিযোগ  উত্থাপিত হৈছিল। নিয়োগৰ বাবে উপযুক্ত অৰ্হতা থকা বহু প্ৰাৰ্থীক বাদ দিয়া হৈছিল।যাৰ ফলত উপযুক্ত অর্হতা থকা তথা সাক্ষাৎকাৰত যথেষ্ট ভাল ফলাফল দেখুওৱাৰ পাছতো নিযুক্তিৰ পৰা বঞ্চিত হোৱা একাংশ প্রার্থীয়ে এনে নিযুক্তিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । বিগত ১৪ বছৰে এই নিযুক্তি সন্দৰ্ভত চলি থকা গোচৰৰ পাছত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এনে নিযুক্তি সন্দর্ভত উপযুক্ত তদন্তৰ নির্দেশ দিয়ে ।  আদালতৰ নির্দেশ অনুসৰি, এতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ লগত জড়িত বিষয়াসকলৰ আনকি ব্যক্তিগত সম্পত্তিৰ নথিপত্ৰো পৰীক্ষা কৰা হ'ব যাতে কেলেংকাৰিৰ প্ৰমাণ পোৱা যায়।



এই অনুসন্ধানৰ জৰিয়তে, নিয়োগ প্ৰক্ৰিয়াৰ বিষয়ে বিশদ তথ্য সংগ্ৰহ কৰা হ'ব আৰু দোষীসকলৰ বিৰুদ্ধে আইনগত পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইতিমধ্যে, আগতীয়া কৰ্মচাৰী, বিষয়া, তথা তৎকালীন উচ্চপদস্থ বিষয়াসকলৰ ভূমিকা সন্দৰ্ভত সোধা-পোছা চলি আছে। অনুসন্ধানৰ অংশ হিচাপে, বিভিন্ন বিষয়াৰ সম্পদ আৰু আয়ৰ তথ্যো সংগ্ৰহ কৰা হৈছে যাতে কোনো অস্বাভাৱিক ধন-সম্পত্তিৰ সন্ধান পোৱা যায়।

এই অনুসন্ধানৰ ফলাফল গুৰুত্বপূৰ্ণ হব বুলি জনসাধাৰণৰ মাজত ব্যাপক কৌতূহল সৃষ্টি হৈছে। বহু বঞ্চিত প্ৰাৰ্থী আৰু চাকৰি বিচৰা যুৱক-যুৱতী এই তদন্তৰ অগ্ৰগতিৰ ওপৰত লক্ষ্য ৰাখি আছে। সংবাদ মাধ্যমসমূহেও তদন্ত সম্পৰ্কে বিশেষ গুৰুত্ব দি খবৰ প্ৰচাৰ কৰি আছে। পৰৱৰ্তী সময়ত, চৰকাৰে এই তদন্তৰ সম্পূৰ্ণ তথ্য ৰাইজৰ আগত প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: