Saturday, February 8, 2025

নাঙল পুৰণি হ'ল নে কি? খাম্ফাই এই বাৰ ট্ৰেক্টৰেৰে চহাব পথাৰ

 নাঙল পুৰণি হ'ল নে কি? খাম্ফাই এই বাৰ ট্ৰেক্টৰেৰে চহাব পথাৰ

বি. চি ডেস্ক, ৮ফেব্ৰুৱাৰীঃ সমাগত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ ৰাজনীতিত ঘটিছে সঘন পট-পৰিৱৰ্তন । নাঙল এৰি ট্ৰেক্টৰত উঠিব বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ একালৰ সহযোগী খাম্ফা বৰগয়াৰী । খবৰ অনুসৰি যোৱা ২ ফেব্ৰুৱাৰীত বি পি এফৰ পৰা পদত্যাগ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলত যোগ দিব দলটোৰ উপ-সভাপতি তথা বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে ।



যোৱা ২ ফেব্ৰুৱাৰীত খাম্ফা বৰগয়াৰীয়ে বি পি এফৰ পৰা পদত্যাগ কৰে। খবৰ অনুসৰি, তেওঁ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলত যোগ দিব। কোকৰাঝাৰত এখন সংবাদমেল যোগে বি পি এফ ত্যাগ কৰা হাগ্ৰামা মহিলাৰীৰ একালৰ সহযোগী খাম্ফা বৰগয়াৰী এই কথা সদৰী কৰে। ৮ ফেব্ৰুৱাৰীত ৫০০ নেতা-কৰ্মীক লগত লৈ চিৰাঙত আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগদান কৰিব বুলি তেওঁ ঘোষণা কৰে। এই যোগদান অনুষ্ঠানত উপস্থিত থাকিব বি টি চিৰ প্ৰধান প্ৰমোদ বড়ো।

ইউ পি পি এলত যোগদান কৰাৰ কাৰণ ব্যাখ্যা কৰি খাম্ফা বৰগয়াৰীয়ে কয়, “কোনো বাহ্যিক চাপৰ নহয়, মই স্বেচ্ছাই ইউ পি পি এলত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছো। বড়োলেণ্ডৰ উন্নয়ন আৰু স্থিতিশীল ৰাজনৈতিক পৰিবেশৰ বাবে মই এই সিদ্ধান্ত লৈছো।

তেওঁ অভিযোগ কৰে যে বি পি এফত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অভাৱ আছে। বি পি এফত কোনো সিদ্ধান্ত লোৱা হয় ব্যক্তিগতভাৱে, দলীয়ভাৱে নহয়। দলটোত মতামত বিনিময়ৰ সুযোগ কম। বিপৰীতে, ইউ পি পি এলত আলোচনা আৰু সমষ্টিগত সিদ্ধান্ত লোৱাৰ পৰম্পৰা আছে, যিয়ে বড়োলেণ্ডৰ গণতান্ত্ৰিক ৰাজনীতিক দৃঢ় কৰি তুলিব।তেওঁ লগতে কয়, “এক সুস্থ সমাজ গঢ়াৰ বাবে স্থিতিশীল ৰাজনৈতিক পৰিবেশ হোৱাটো অত্যন্ত প্ৰয়োজনীয়।



হাগ্ৰামা শিবিৰ এৰি শনিবাৰে প্ৰমোদ বড়ো শিবিৰত যোগদান কৰিবলগীয়া বি পি এফৰ প্ৰাক্তন নেতাগৰাকীয়ে উল্লেখ  কৰে যে, বড়োভূমিৰ দৰে সৰু অঞ্চল এটাত এক সুস্থিৰ ৰাজনৈতিক পৰিৱেশৰ প্ৰয়োজন আহি পৰিছে । বড়োভূমিৰ ৰাজনৈতিক পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এটা দলৰ মানুহৰ লগত আনটো দলৰ মানুহৰ ব্যক্তিগত পৰ্যায়ত শত্ৰুতা হৈছেগৈ ৷ এখন গাঁৱত যদি কোনোবা এজন বিপদত পৰিছে তেন্তে যদি মানুহজন বি পি এফৰ হয় আনটো দলৰ মানুহ তালৈ নাযায় । আন দলৰ মানুহৰ বিয়া খাবলৈ নাযায় ৷ আমি এনে পৰিস্থিতিৰ অৱসান বিচাৰো ৷ এটা সুস্থিৰ ৰাজনৈতিক পৰিৱেশ বিচাৰো ।

বি টি আৰৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি আৰু ইউ পি পি এলৰ মাজৰ সম্পর্কো গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিজেপিৰ বড়োভূমিৰ নেতা তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে খাম্ফা বৰগয়াৰীক শুভেচ্ছা জনাই কয়, “তেওঁ যিটো উদ্দেশ্য লৈ নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে, তাৰ সফলতা কামনা কৰিছো।তেওঁ লগতে স্পষ্ট কৰে যে খাম্ফাৰ বিজেপিত যোগদানৰ বিষয়ে কোনো আলোচনা হোৱা নাই। তেওঁ যিটো দলৰ যোগেদি জনসাধাৰণৰ সেৱা কৰিব বুলি মন কৰিছে, তাক আমি সন্মান জনাইছো।



খাম্ফাৰ দল পৰিবর্তনে বড়োভূমিৰ ৰাজনীতিত বহু প্ৰভাৱ পেলাব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে। বি টি আৰত বিজেপি, ইউ পি পি এল আৰু বি পি এফৰ মাজত হোৱা ক্ষমতাৰ যুদ্ধ এইবাৰ অধিক উত্তপ্ত হব বুলি ধৰা হৈছে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: